ETV Bharat / bharat

এতিয়াৰে পৰা ঘৰতে লাভ কৰিব ডিজেল !

সুৰাৰ পিছত এতিয়াৰে পৰা ঘৰতে লাভ কৰিব ডিজেল ৷ এই কথা সদৰী কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (Indian Oil Corporation) লিমিটেডে ৷ কেইবাখনো চহৰত ইতিমধ্যে আৰম্ভ কৰা হৈছে এই সেৱা ৷

author img

By

Published : Aug 10, 2021, 11:48 AM IST

Indian Oil launches doorstep diesel delivery service
ঘৰে ঘৰে ডিজেল যোগান ধৰিব ইণ্ডিয়ান অইলে

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে হাৰাশাস্তি ভোগাই থকাৰ সময়তে গ্ৰাহকৰ সুবিধাৰ্থে ঘৰে ঘৰে ডিজেল যোগান ধৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (Indian Oil Corporation) লিমিটেডে । সোমবাৰে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, এপ ভিত্তিক ড'ৰষ্টেপ ডিজেল বিতৰণ সেৱা প্ৰদানকাৰী হমচফৰ ইণ্ডিয়া(Humsafar India) আৰু ওকাৰা ফিউল'জিক্স(Okara Fuelogics)ৰ সহযোগিতাত ইতিমধ্যে মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলত এই সেৱা আৰম্ভ কৰা হৈছে ৷

ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে ইয়াৰ পূৰ্বে পৰিবহণ আৰু লজিষ্টিক ফাৰ্ম ওকাৰাৰ সৈতে অংশীদাৰিত্বৰ ঘোষণা কৰিছিল । দুয়োটা কোম্পানীয়ে একেলগে পুনে, নাগপুৰ, থানে, নাছিক, ঔৰংগাবাদ, নৱী মুম্বাই, চোলাপুৰৰ লগতে ৰাজ্যখনৰ আন বহুতো চহৰত ঘৰে ঘৰে ডিজেল যোগান ধৰাৰ সেৱা আৰম্ভ কৰাৰ লক্ষ্য আগত লৈ এই সেৱা আৰম্ভ কৰিছে ।

মুম্বাই, নৱী মুম্বাই, থানে, জেএনপিটি, পনভেল আৰু ভিৱান্দিত এই সেৱা আৰম্ভ কৰাৰ মূল উদ্দেশ্য হৈছে ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ জীৱন-যাপন প্ৰণালী সহজ কৰি তোলা । সোমবাৰে এই সেৱাৰ শুভাৰম্ভ অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ মহাৰাষ্ট্ৰৰ মুখ্য মহাপ্ৰৱন্ধক ৰাজেশ সিঙে এই কথা প্ৰকাশ কৰিছে ।

তেওঁ লগতে কয় যে, চৰকাৰৰ দ্বাৰা অনুমোদিত এই সেৱা হৈছে ডিজেলৰ কাৰ্যকৰী বিতৰণৰ নতুন যুগৰ এক ধাৰণা । ইন্ধন ষ্টাৰ্ট-আপবোৰক মান বজাই ৰাখিবলৈ আৰু গ্ৰাহকৰ বাবে ইন্ধনৰ উপলব্ধতা সৃষ্টি কৰাৰ ক্ষেত্ৰত এই সেৱাই সহায় কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে বেছি পৰিমাণৰ ডিজেল ক্ৰয় কৰা অধিকাংশ গ্ৰাহকে খুচুৰা বিপণীৰ পৰা বেৰেলত ডিজেল ক্ৰয় কৰিবলগীয়া হৈছিল ৷ ইয়ে স্পিলেজ আৰু ডেড মাইলেজৰ কাৰণ হৈ পৰিছিল ।

ৰাজেশ সিঙে লগতে কয় যে, গোৱা, কৰ্ণাটক আৰু গুজৰাটলৈ ঘৰে ঘৰে ডিজেল যোগান ধৰা সেৱা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে । আনহাতে, হমচফৰ ইণ্ডিয়াৰ সঞ্চালক আৰু সহ প্ৰতিষ্ঠাপক ছানিয়া গোৱেলে কয় যে, ওকাৰা গ্ৰুপৰ সৈতে মিত্ৰতাৰ উদ্দেশ্য হৈছে মহাৰাষ্ট্ৰত ঘৰে ঘৰে ডিজেল বিতৰণ সেৱা প্ৰদান কৰা আৰু ডিজেলৰ নিয়মীয়া যোগানৰ জৰিয়তে হাউচিং চ'চাইটি, উদ্যোগ আদিক সহায় কৰা । এই সেৱাই গ্ৰাহকক যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: 'ৰাষ্ট্ৰীয় খোৱাৰ যোগ্য তেল মিছন-অইল পাম' ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.