নেশ্যনেল, 8 মাৰ্চ: বুধবাৰে মুম্বাইত নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (Indian Navy chopper emergency landing) ৷ নিয়মিত অনুশীলনৰ সময়তে দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ৷ হেলিকপ্টাৰখনত থকা পাইলটসহ তিনিগৰাকী লোকক ক্ষীপ্ৰতাৰে উদ্ধাৰ নৌ সেনাৰ ৷ অৱশ্যে বৰ্তমানেও পোহৰলৈ অহা নাই দুৰ্ঘটনাৰ কাৰণ ৷ এই সমগ্ৰ ঘটনাৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষৰ ৷ এক বিবৃতিযোগে তদন্তৰ নিৰ্দেশ দিয়াৰ কথা সদৰী কৰিছে নৌ সেনাই ৷
ভাৰতীয় নৌ সেনাৰ ‘ধ্ৰুৱ’ নামৰ এডভান্স লাইট হেলিকপ্টাৰখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই তললৈ আহে আৰু সাগৰত অৱতৰণ কৰে ৷ লগে লগে নৌ সেনাৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা হেলিকপ্টাৰখনৰ তিনিগৰাকী ক্ৰু মেম্বাৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Indian Navy chopper crash in Mumbai) ৷
ভাৰতীয় নৌ সেনাৰ বিবৃতি অনুসৰি, "মুম্বাইৰ পৰা নিয়মীয়া উৰণ অভিযানত ভাৰতীয় নৌসেনাৰ ALH হেলিকপ্টাৰখনে হঠাতে শক্তি হেৰুৱাই আৰু উচ্চতাৰ পৰা দ্ৰুতগতিত খহি পৰে । হেলিকপ্টাৰত থকা তিনিওজন লোকে সুৰক্ষিতভাৱে প্ৰস্থান কৰে আৰু ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰা হয় ৷’’
উল্লেখ্য যে, মুম্বাইত ভাৰতীয় নৌ সেনা, স্থল সেনা আৰু বায়ু সেনাৰ ঘাটি আছে আৰু সম্প্ৰতি নৌ সেনাই প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ভাৰতীয় নৌ সেনাৰ এখন উন্নত প্ৰযুক্তিৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনাই সকলোকে আচম্বিত কৰি তুলিছে (Navy chopper meets with accident) ৷ মন কৰিবলগীয়া যে সময়ে সময়ে ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পতিত হৈ আহিছে ৷ শেহতীয়াকৈ অৰুণাচলত দুৰ্ঘটনাত পতিত হৈছিল সেনাৰ বিমান ৷ যি দুৰ্ঘটনাত আইটাইকেইজন সেনা জোৱানৰ মৃত্যু হৈছিল ৷
বিগত বৰ্ষৰ অক্টোবৰ মাহত সংঘটিত হোৱা এই দুৰ্ঘটনাত 5 গৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও বহু লোকৰ সন্ধান লাভ কৰা নাছিল ৷ লক্ষ্যনীয়ভাৱে এই হেলিকপ্টাৰখনো আছিল এডভান্স লাইট হেলিকপ্টাৰ(ALH) ৷ পুনৰবাৰ মুম্বাইত একেই প্ৰযুক্তিৰে হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অনুসন্ধাৰ পাচতহে পোহৰলৈ আহিব দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ ৷
লগতে পঢ়ক: Canon bomb shell explodes in Bihar: বোমা বিস্ফোৰণত বিহাৰত 3 জন নিহত, আহত 6 জন