ETV Bharat / bharat

নৌ-সেনা বন্দৰৰ ব্যাসাৰ্ধত নিষিদ্ধ ড্ৰোণৰ ব্যৱহাৰ

author img

By

Published : Jul 10, 2021, 12:35 PM IST

এতিয়াৰে ভাৰতীয় নৌ-সেনাৰ (Indian Navy) বন্দৰ আৰু ইয়াৰ সম্পত্তি থকা স্থানৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ আকাশমাৰ্গত ড্ৰোণ(Drone), ইউ এ ভি(UAV) আদি উৰুৱাব নোৱাৰিব । নিৰাপত্তাজনিত কাৰণতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

Indian Navy on Friday prohibited flying of drones, UAVs within 3 km of Naval Base
নৌ সেনাৰ বন্দৰৰ আশে পাশে ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ

নেশ্যনেল ডেস্ক, ১০ জুলাই: ভাৰতীয় বায়ু সেনাৰ বিমান ঘাটিত (Indian Naval Base) ড্ৰোণেৰে বিস্ফোৰণ সংঘটিত কৰাৰ পাছতে বায়ু সেনাৰ (Indian air force) লগতে ভাৰতীয় নৌ-সেনায়ো সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । শুকুৰবাৰে ভাৰতীয় নৌ-সেনাৰ বন্দৰ আৰু ইয়াৰ সম্পত্তি থকা স্থানৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ আকাশমাৰ্গত ড্ৰোণ(Drone), ইউ এ ভি(UAV) আদিৰ উৰণ নিষিদ্ধ কৰা হয় । চৰকাৰী সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰি দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে । শুকুৰবাৰে প্ৰকাশ কৰা এক প্ৰতিৰক্ষা বিবৃতিত উল্লেখ কৰা হৈছে যে, ভাৰতীয় নৌ-সেনাই (Indian Navy) জাৰি কৰা নিষেধাজ্ঞা উলংঘা কৰিলে আৰ পি এসহ(Remotely Piloted Aircraft Systems) সকলো মানৱবিহীন আকাশী যান ধ্বংস অথবা জব্দ কৰা হ'ব ।

লগতে অপাৰেটৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১, ১২১(A), ২৮৭,৩৩৬,৩৩৭,৩৩৮ নং ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে, বিগত মাহত জম্মুৰ ভাৰতীয় বায়ু সেনাৰ (Indian Air Force) বিমান ঘাটিত ড্ৰোণেৰে সংঘটিত কৰা বিস্ফোৰণত দুজন জোৱান আহত হয় । ইয়াৰ পাছতে জম্মুৰ কেইবাখনো জিলাত ড্ৰোণৰ ব্যৱহাৰ, মজুতকৰণ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল ।

জম্মু-কাশ্মীৰৰ কুপৱাৰা, ৰজৌৰী, শ্ৰীনগৰ, বাৰামুল্লা আৰু কাঠুৱা জিলাতো নিষিদ্ধ কৰা হয় ড্ৰোণৰ ব্যৱহাৰ । বিগত সময়চোৱাত জিলাকেইখনৰ আকাশমাৰ্গত সন্দেহজনক ড্ৰোণ উৰি থকা পৰিলক্ষিত হৈছিল ।

সেয়ে, কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ আশংকাত প্ৰশাসনে কেইবাখনো জিলাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰে । উক্ত জিলাসমূহত ড্ৰোণৰ ব্যৱহাৰ, বিক্ৰী, মজুতকৰণ, পৰিবহন আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে । আনকি কোনো লোকৰ লগত ড্ৰোণ থাকিলে, সেই ড্ৰোণ সমীপৰ আৰক্ষী থানাত জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে ।

ড্ৰোণে নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি একপ্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে । সেয়ে, সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । লগতে ড্ৰোণ আক্ৰমণৰে মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনীয়ে প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক:ৰথযাত্ৰা 2021: এইবেলিও ভক্তৰ উপস্থিতিত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.