নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: বুধবাৰে বিশেষ জাহাজেৰে মাংগালুৰুৰ সমুদ্ৰতীৰত সন্ধানহীন মাছমৰীয়াসকলক উদ্ধাৰ অভিযান চলায় । মাছমৰীয়াসকলক উদ্ধাৰ অভিযানৰ বাবে গোৱাত নৌ সেনাৰ বিমানৰ সৈতে ভাৰতীয় নৌসেনাৰ জাহাজ তিল্লানচাং আৰু কাল্পেনীৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি ভাৰতীয় নৌসেনাই জানিবলৈ দিয়ে ।
উল্লেখ্য যে, সোমবাৰে নিশা মাংগালুৰুৰ সমুদ্ৰতীৰৰ পৰা ৪৩ মাইল দূৰত মাছ ধৰা জাহাজ এখন ডুবি যোৱাৰ ফলত তিনিজন মাছমৰীয়া নিহত হোৱাৰ লগতে নজন মাছমৰীয়া সন্ধানহীন হয় । বুধবাৰে বিশেষ জাহাজেৰে মাংগালুৰুৰ সমুদ্ৰতীৰত সন্ধানহীন মাছমৰীয়াসকলক উদ্ধাৰ অভিযান চলায় ।
লগতে পঢ়ক: হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত