ETV Bharat / bharat

Indian Cough Syrup Banned: বিশ্ব স্বাস্থ্য সংস্থাই নিষিদ্ধ কৰিলে ভাৰতৰ দুবিধ কফ চিৰাপ

author img

By

Published : Jan 12, 2023, 7:46 PM IST

উজবেকিস্তানত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি ভাৰতত প্ৰস্তত কৰা কফ চিৰাপৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতেই বিশ্ব স্বাস্থ্য সংস্থাই নিষিদ্ধ কৰিছে দুবিধ কফ চিৰাপ ৷ ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱনৰ ফলত উজবেকিস্তানত 18 টি শিশুৰ মৃত্য হোৱাৰ অভিযোগ ৷ বিগত বৰ্ষত গাম্বিয়াইয়ো ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপৰ বিৰুদ্ধে আনিছিল অনুৰূপ অভিযোগ ৷

Indian Cough Syrup Banned
বিশ্ব স্বাস্থ্য সংস্থাই নিষিদ্ধ কৰিলে ভাৰতৰ দুবিধ কফ চিৰাপ

নিউজ ডেস্ক, 12 জানুৱাৰী: অভিভাৱকসকল সাৱধান হওক ৷ আপোনাৰ সন্তানক কফ চিৰাপ খুওৱাৰ পূৰ্বে এশবাৰ ভাৱক ৷ কাৰণ, কাঁহ নিৰাময়ৰ বাবে খুওৱা সেই কফ চিৰাপেই হ’ব পাৰে আপোনাৰ সন্তানটিৰ বাবে কাল ৷ ইতিমধ্যেই বিশ্ব স্বাস্থ্য সংস্থাই নিষিদ্ধ কৰিছে ভাৰতত প্ৰস্তুত কৰা দুবিধকৈ কফ চিৰাপ(WHO banned Indian cough syrup) ৷

ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপৰ ওপৰত সম্প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থাই(World Health Organization) ৷ কাৰণ ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱন কৰাৰ বাবেই মৃত্যু হৈছে বহুকেইটি শিশুৰ ৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই নিষিদ্ধ ঘোষণা কৰিছে AMBRONOL syrup and DOK-1 Max syrup নামৰ নইডাস্থিত মেৰিন বায়'টেক নামৰ কোম্পনীটোৱে( Marine Biotech) প্ৰস্তুত কৰা দুধিধ কফ চিৰাপ ৷

উল্লেখ্য যে, 2022 বৰ্ষৰ 22 ডিচেম্বত উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে, ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱন কৰাৰ বাবেই দেশখনত 18টি শিশু মৃত্যু মুখত পৰিছে(Child death in Uzbekistan by Indian Cough syrup) ৷ মন কৰিবলগীয়া যে, উজবেকিস্তানৰ মৃত্যু শিশুকেইটিক প্ৰদান কৰা হৈছিল DOK-1 Max syrup নামৰ কফ চিৰাপ বিধ ৷ যিটো কফ চিৰাপত শিশুৰ বাবে অনুপযোগী ইথেনিল গ্লাইকল(ethylene glycol) নামৰ এবিধ বিষাক্ত দ্ৰব্যৰ সংমিশ্ৰণ থকাৰ কথা পোহৰলৈ আহিছে ৷

উজবেকিস্তানৰ চৰকাৰৰ এই অভিযোগৰ ভিত্তিত বিশ্ব স্বাস্থ্য সংস্থাই চলোৱা পৰীক্ষাত মেৰিন বায়টেক নামৰ কোম্পনীটোৱে প্ৰস্তুত কৰা দুয়োবিধ কফ চিৰাপত স্বাস্থ্যনুপযোগী বিষাক্ত দ্ৰব্য থকাৰ কথা স্পষ্ট হৈ পৰে ৷ ইয়াৰ পিছতেই AMBRONOL syrup and DOK-1 Max syrup নামৰ কফ চিৰাপ দুবিধ নিষিদ্ধ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই(India manufactured cough syrup banned)

স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও গাম্বিয়াতো ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱন কৰাৰ ফলতেই দেশখনত প্ৰায় 70টি শিশুৰ মৃত্যু হোৱা বুলি গাম্বিয়া চৰকাৰে অভিযোগ উত্থাপন কৰিছিল(Child death in Gambia by Indian Cough Syrup) ৷ ইয়াৰ পিছতেই বিশ্ব স্বাস্থ্য সংস্থাই গাম্বিয়াত 2022বৰ্ষৰ অক্টোবৰ মাহত ভাৰতীয় কফ চিৰাপ বিক্ৰী নিষিদ্ধ কৰিছিল ৷ গান্বিয়াৰ এই ঘটনাৰ বাবে জগৰীয়া কৰিছিল ভাৰতৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান মেইডেন ফাৰ্মাচিউটিকেলছক(Maiden Pharmaceuticals) ৷ ইয়াৰ পৰিপ্ৰেক্ষিটত মেইডেন ফাৰ্মাচিউটিকেলছৰ দ্বাৰা প্ৰস্তু কৰা চাৰিবিধ কফ চিৰাপো নিষিদ্ধ ঘোষণা কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই ৷

পুনৰ উজবেকিস্তানৰ ঘটনাৰ বাবে নিষিদ্ধ কৰা হ’ব দুবিধ কফ চিৰাপ ৷ গতিকে, সন্তানক কফ চিৰাপ দিয়াৰ পূৰ্বে আপুনিও 100বাৰ চিন্তা কৰক ৷ সজাগ হওক, সাৱধানে থাকক ৷

লগতে পঢ়ক: Myanmar air strikes: বিদ্ৰোহী সংগঠনক লক্ষ্য কৰি ম্যানমাৰত এয়াৰ ষ্ট্ৰাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.