ETV Bharat / bharat

আৰৱ সাগৰত জলন্ত জাহাজৰ পৰা উদ্ধাৰ ১৫ জন ক্ৰুমেন - অগ্নি নিৰ্বাপন

মুম্বাইৰ উপকূলীয় জাহাজ, চিজি ডৰ্নিয়াৰ বিমান, টাগ নাও আৰু হেলোৰে যৌথভাৱে অভিযান চলাই জুই নিৰ্বাপন কৰে আৰু ক্ৰুমেন কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Indian Coast Guard rescues 15 crewmen after fire breaks out at vessel, 3 missing
আৰৱ সাগৰত জলন্ত জাহাজৰ পৰা উদ্ধাৰ ১৫ জন ক্ৰুমেন, ৩ জন সন্ধানহীন
author img

By

Published : Feb 14, 2021, 8:56 PM IST

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : মুম্বাই উপকূলৰ পৰা কিছু দূৰতস্থিত আৰৱ সাগৰত ৰোহিনী জাহাজত শনিবাৰে অগ্নিৰ সূত্ৰপাত হোৱাত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু অগ্নি নিৰ্বাপনৰ বাবে নিয়োজিত বিমানে অভিযান চলাই ১৫ জন ক্ৰুমেনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি উপকূলীয় জাহাজ, চিজি ডৰ্নিয়াৰ বিমান, টাগ নাও আৰু হেলোৰে যৌথভাৱে অভিযান চলাই জুই নিৰ্বাপন কৰে আৰু জাহাজত থকা ১৮ জন ক্ৰুমেনৰ ১৫ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

দলটোৱে আন তিনিজন ক্ৰুমেনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ আনহাতে উদ্ধাৰ হোৱা ক্ৰুমেনকেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ৰোহিনী জাহাজৰ অগ্নি নিৰ্বাপনৰ বাবে উপকূলীয় জাহাজ সমৰ্থ আৰু সমুদ্ৰ প্ৰহেৰীৰ সহায়ত অভিযান চলোৱা হৈছিল ৷

লগতে পঢ়ক : বিদিশাত স্থাপন কৰা হ'ব সুষমা স্বৰাজ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.