নেশ্যনেল ডেস্ক,২০ এপ্ৰিল : সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা পৰ্বতাৰোহী অনুৰাগ মালুক অৱশেষত উদ্ধাৰ কৰে অভিযানকাৰী দলে (Indian climber Anurag Maloo rescued)। নেপালৰ অন্নপূৰ্ণা শৃংগ আৰোহণৰ চেষ্টা কৰি থকাৰ সময়তে সন্ধানহীন হোৱা ৩৪ বছৰীয়া ভাৰতীয় পৰ্বতাৰোহী মালুক উদ্ধাৰ কৰা হৈছে যদিও তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে পৃথিৱীৰ দশম সৰ্বোচ্চ শৃংগ অন্নপূৰ্ণাত আৰোহণ কৰাৰ সময়ত পৰ্বতাৰোহী অনুৰাগ মালু ১৭ এপ্ৰিলৰ আবেলি এটা গভীৰ ক্ৰেভাছত পৰি নিৰুদ্দেশ হৈ পৰিছিল (Anurag Maloo missing)। বহুতে তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছিল । আনকি সংবাদ মাধ্যমতো তেওঁৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছিল । অৱশ্যে অভিযানকাৰী দলে তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰে । মালু বৰ্তমান চিকিৎসকৰ তত্বাৱধানত মণিপাল চিকিৎসালয়ত আছে ।
চেভেন ছামিট ট্ৰেকৰ মিংমা শ্বেৰ্পাই কাঠমাণ্ডুৰ পৰা ফোনযোগে সংবাদমাধ্যক তেওঁৰ উদ্ধাৰৰ বিষয়ে অৱগত কৰিছে । মালুৰ ভাতৃয়ে জনোৱা মতে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও মালুৰ মৃত্যু হোৱা নাই (Anurag Maloo rescued in critical condition)।
ৰাজস্থানৰ আজমেৰ জিলাৰ কিষাণগৰৰ বাসিন্দা মালুক বিচাৰি সোমবাৰৰ পৰা অভিযান চলোৱা হৈছিল । ছেভেন ছামিট ট্ৰেকছৰ অধ্যক্ষ মিংমা শ্বেৰ্পাই সোমবাৰে কৈছিল যে মালু চতুৰ্থ শিবিৰৰ পৰা উভতি অহাৰ সময়তে ক্ৰেভাছত আৱদ্ধ হৈ পৰিছিল । তেতিয়াৰে পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল (Anurag Maloo falls into deep crevasse on Annapurna)। পৰ্বতাৰোহীগৰাকীয়ে যোৱা বছৰ নেপালৰ পূব হিমালয়ৰ মাউণ্ট আমা দাব্লেমত সফলতাৰে আৰোহণ কৰিছিল আৰু শেহতীয়াকৈ মাউণ্ট এভাৰেষ্ট, অন্নপূৰ্ণা আৰু ল'টছে আৰোহণৰ পৰিকল্পনা কৰি আছিল ।
ৰাষ্ট্ৰসংঘৰ #ClimbingForSDGsৰ অধীনত সজাগতা সৃষ্টিৰ বাবে ৮০০০ মিটাৰৰ ওপৰৰ ১৪ টা শৃংগ আৰু ৭ টা সন্মিলন আৰোহণ কৰাৰ এক অভিযান চলাই আছিল অনুৰাগ মালুৱে । মঙলবাৰে নেপালৰ অন্নপূৰ্ণা পৰ্বতৰ পৰা আন দুগৰাকী ভাৰতীয় পৰ্বতাৰোহী ক্ৰমে বলজিৎ কৌৰ আৰু অৰ্জুন বাজপেয়ীক উদ্ধাৰ কৰা হৈছিল (Mountaineer Baljeet Kaur was found alive)। বলজিৎ কৌৰ অন্নপূৰ্ণা পৰ্বতৰ চতুৰ্থ শিবিৰৰ পৰা সন্ধানহীন হৈছিল আৰু ৭৩৬৩ মিটাৰ উচ্চতাৰ পৰা উদ্ধাৰ কৰা হৈছিল ।
লগতে পঢ়ক :Mountaineer Baljeet Kaur missing : টুইটযোগে মন্ত্ৰীৰ শোক প্ৰকাশ, কিন্তু মৃত্যু হোৱা নাই বলজিৎ কৌৰৰ