নেশ্যনেল ডেস্ক,২৮ জুলাই : আমেৰিকাৰ বিখ্যাত চহৰ ছিকাগোত অনাহাৰে দিন ৰাতি পাৰ কৰিছে এগৰাকী ভাৰতীয় যুৱতীয়ে । সকলো হেৰুৱাই পথৰ দাঁতিত আশ্ৰয় ল'বলগীয়া হৈছে যুৱতীগৰাকীয়ে । ইতিমধ্যে ছিকাগোত থকা ভাৰতৰ কনচুলেট জেনেৰেলে হায়দৰাবাদৰ যুৱতীগৰাকীক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে । হতাশাগ্ৰস্ত যুৱতীগৰাকীক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলিও প্ৰতিশ্ৰুতি দিছে কনচুলেট জেনেৰেলে । জানিব পৰা মতে তেলেংগানাৰ বাসিন্দা যুৱতীগৰাকীয়ে উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল আৰু তেওঁক ছিকাগোৰ এটা ৰাস্তাত অনাহাৰে থকা দেখা গৈছিল ।
যুৱতীগৰাকীৰ মাতৃয়েও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক এই সন্দৰ্ভত এখন পত্ৰ লিখিছে আৰু কন্যাক ঘৰলৈ ঘূৰাই অনাৰ বাবে সহায় বিচাৰিছে । ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) নেতা খালিকুৰ ৰহমানে এই সমগ্ৰ ঘটনাক লৈ এটা টুইট কৰিছে য'ত মাতৃৰ সেই পত্ৰখনো শ্বেয়াৰ কৰিছে । পত্ৰত মাতৃগৰাকীয়ে কৈছে যে তেওঁৰ কন্যা চৈয়দা লুলু মিনহাজ জৈদীয়ে ২০২১ চনৰ আগষ্টত ডেট্ৰয়েটৰ ট্ৰাইন বিশ্ববিদ্যালয়ৰ পৰা এমএছ শিক্ষা গ্ৰহণৰ বাবে আমেৰিকালৈ গৈছিল ।
যোৱা দুমাহ ধৰি কন্যাৰ সৈতে কোনো সম্পৰ্ক নাছিল আৰু শেহতীয়াকৈ হায়দৰাবাদী দুজন যুৱকৰ জৰিয়তে মাতৃয়ে জানিব পাৰিছে যে, তেওঁৰ কন্যা যথেষ্ট হতাশাত ভুগি আছে আৰু তেওঁৰ গোটেই সামগ্ৰী চুৰি হৈছে । যাৰ বাবে তেওঁ অনাহাৰে পথত আশ্ৰয় ল'বলগীয়া হৈছে । মাতৃয়ে পত্ৰখনত উল্লেখ কৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিকাগোৰ ৰাজপথত কন্যাক শেহতীয়াকৈ দেখা গৈছে ।
ইফালে ছিকাগোত ভাৰতৰ কনচুলেটে যুৱতীগৰাকী বিচাৰি অভিযান আৰম্ভ কৰিছে । স্থানীয় আৰক্ষী আৰু বেচৰকাৰী সংগঠনৰ সহায়ত, কনচুলেটে যুৱতীগৰাকীক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । ভাৰতৰ কনচুলেট জেনেৰেলে সংবাদ মাধ্যমক জনোৱা মতে কনচুলেটে তেওঁক প্ৰয়োজন হ'ব পৰা সকলো সম্ভৱ সুবিধা, চিকিৎসা বা অন্যান্য সমৰ্থন আগবঢ়াব ।
ইয়াৰ মাজতে বিআৰএছ নেতা খালিকুৰ ৰহমানে শেহতীয়া এটা টুইটত লিখিছে যে, তেওঁ মকাৰম নামৰ এগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে । তেওঁ ছিকাগোৰ এগৰাকী সমাজকৰ্মী । মকাৰম আৰু তেওঁৰ পৰিয়ালে জৈদীক লগ পাইছে আৰু জৈদী বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ৰহমানে জনোৱা মতে জৈদীয়ে আমেৰিকাত চাকৰি পোৱা নাছিল আৰু আৰ্থিক অৱস্থাও ভাল নাছিল । যাৰ বাবে তেওঁ মানসিকভাৱে অস্থিৰ হৈ পৰিছিল । ভাৰতলৈ উভতি আহিবলৈ তেওঁ সুস্থ হৈ উঠিব লাগিব ।
ৰহমানে জনোৱা মতে তেওঁক ছিকাগোৰ সমাজকৰ্মী মকাৰমে এই কথাখিনি জনাইছে । বিআৰএছ নেতাজনে লগতে কয় যে তেওঁ মন্ত্ৰী জয়শংকৰক জৈদীৰ মাতৃক আমেৰিকা ভ্ৰমণত সহায় কৰিবলৈ অনুৰোধ জনাব ।