ETV Bharat / bharat

Army Rescues Pregnant Woman : প্ৰচণ্ড তুষাৰপাতৰ মাজৰ পৰা সেনাই উদ্ধাৰ কৰিলে গৰ্ভৱতী মহিলাক - ভাৰতীয় সেনা

কৰ্ণাটকৰ চাকুৰী জিলাত ভাৰতীয় সেনাৰ প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰচণ্ড তুষাৰপাতৰ ফলত ৰাস্তা ঘাট বন্ধ হৈ পৰাত এগৰাকী অন্তঃসত্বা মহিলাক অতি জৰুৰীকালীন অৱস্থাত হাস্পতালত ভৰ্তি কৰাব লগা হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (Rescues Pregnant Woman amidst heavy snowfall) ৷ পৰৱৰ্তী সময়ত ভাৰতীয় সেনাৰ সহযোগত মহিলাগৰাকীক সুকলমে উদ্ধাৰ কৰি স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে সেনাই (Indian Army Rescues Pregnant Woman ) ৷

Indian Army Rescues Pregnant Woman amidst heavy snowfall - saves lives
প্ৰচণ্ড তুষাৰপাতৰ মাজৰ পৰা গৰ্ভৱতী মহিলাক উদ্ধাৰ
author img

By

Published : Jan 12, 2023, 3:15 PM IST

প্ৰচণ্ড তুষাৰপাতৰ মাজৰ পৰা গৰ্ভৱতী মহিলাক উদ্ধাৰ

নেশ্যনেল ডেস্ক, 12 জানুৱাৰী: বৰফৰ শুভ্ৰ দলিচাই ঢাকি ৰাখিছে কৰ্ণাটকৰ কিছু অঞ্চল ৷ প্ৰচণ্ড তুষাৰপাতে ঢাকিছে ঘৰ দুৱাৰৰ লগতে গছ-গছনি আৰু ৰাজপথ ৷ হিমপাতে অঞ্চলটোত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কিন্তু এই তুষাৰপাতে অঞ্চলটোৰ লোকসসকলৰ জনজীৱন ব্যাহত কৰি তুলিছে (Heavy snowfall at Sarkuli Village) ৷

বুধবাৰে অৰ্থাৎ 11 জানুৱাৰীৰ নিশা 8.30 বজাত গাঁওখনৰ এটা পৰিয়ালে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হয় ৷ প্ৰচণ্ড তুষাৰপাতৰ ফলত পথবোৰ সম্পূৰ্ণৰূপে অৱৰুদ্ধ আৰু অতি পিছল হৈ পৰিছিল(Indian Army Rescues Pregnant Woman )।

ফলত কৰ্ণাটকৰ চাকুৰী জিলাত বাস কৰা এটা পৰিয়ালত বাস কৰা এগৰাকী অন্তঃসত্বা মহিলাক অতি জৰুৰীকালীন অৱস্থাত হাস্পতালত ভৰ্তি কৰাব লগা হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (Rescues Pregnant Woman amidst heavy snowfall) ৷ অঞ্চলটোৰ পৰিবহনকাৰী আৰু ব্যক্তিগত বাহন থকা লোকসকলক পৰিয়ালে মহিলাগলৰাকীক স্থানান্তৰ কৰিবলৈ অনুৰোধ কৰিছিল ৷ কিন্তু বৰফৰ কাৰণে ৰস্তা-ঘাট পিছল হোৱাৰ লগতে বাহনসমূহ পিছল খোৱৰ ভয়ত সকলোৱে মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ ভয় কৰিছিল ৷ মহিলাগৰাকীৰ নামৰ মাৰিয়াম বেগম বুলি জানিব পৰা গৈছে ৷

পৰিস্থিতি সংকটজনক হোৱাত পৰিয়ালটোৱে নিশাই ভাৰতীয় সেনালৈ সহায়ৰ বাবে ফোন কৰে ৷ লগে লগে পৰিস্থিতিৰ ভয়বহতা উপলব্ধি কৰি উদ্ধাৰকাৰী দল আৰু কালাৰোছ চি.ও.বি.ৰ চিকিৎসকসকলে অঞ্চলটোত উপস্থিত হয় ৷ ৰাস্তাত প্ৰচণ্ড বৰফ থকা স্বত্বেও উদ্ধাৰ সেনাৰ দলটোৱে মহিলাগৰাকীক সযতনে ঘৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ উদ্ধাৰকাৰী দলটোৱে সুৰক্ষিতভাৱে মহিলাগৰাকীক কালাৰোচৰ ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ভৰ্তি কৰে ৷

ইফালে স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীসকলে পূৰ্বৰে পৰাই এই ঘটনাৰ খবৰ পাই ৰোগীগৰাকীক যথাসময়ত উপযুক্ত চিকিৎসা প্ৰদান কৰি শিশুটো প্ৰসৱ কৰোৱায় ৷ মহিলাগৰাকীৰ পৰিয়ালে সেনা বিষয়াৰ এই পদক্ষেপৰ লগতে চিকিৎসক সকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ সেনাৰ এই পদক্ষেপে মাতৃ আৰু শিশুৰ প্ৰাণ ৰক্ষা কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷ সম্প্ৰতি এই ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: Snowfall started at Lahaul valley: লাহৌল স্পীতিত শুভ্ৰ বৰফৰ দলিচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.