ETV Bharat / bharat

নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত ভূমিত চীনা সৈন্যৰ তহল আঁতৰোৱাতো বিচাৰিছে ভাৰতে !

author img

By

Published : Apr 9, 2021, 2:24 PM IST

বৃহস্পতিবাৰে পুনৰ পূৱ লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত ভূমিত চীনৰ সেনাই তহল দিয়া কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে । লগতে ভাৰতীয় সেনাই তহল দিয়া কাৰ্য বন্ধ কৰাৰো পোষকতা কৰে । দুয়োখন দেশৰ সীমান্তত শান্তি-সম্প্ৰীতি অক্ষুণ্ণ থকাতো নিশ্চিত কৰিবলৈ এই আহ্বান জনালে মুখপাত্ৰগৰাকীয়ে ।

নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত ভূমিত চীনা সৈন্যৰ তহল আঁতৰোৱাতো বিচাৰিছে ভাৰতে !
নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত ভূমিত চীনা সৈন্যৰ তহল আঁতৰোৱাতো বিচাৰিছে ভাৰতে !

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: শুক্ৰবাৰে ভাৰত-চীনৰ সামৰিক বাহিনীৰ মাজত অনুষ্ঠিত হ'বলগীয়া একাদশ পৰ্যায়ৰ বৈঠকৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, নিয়ন্ত্ৰণ ৰেখাৰ বাকী অঞ্চলবোৰত ভাৰতে চীনা সৈন্যৰ তহল আঁতৰ কৰোৱাতো বিচাৰিছে । এক সাপ্তাহিক ভাৰ্চুৱেল ব্ৰিফিং সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে, ভাৰতে নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত অঞ্চলবোৰত সেনাৰ তহল দিয়া কাৰ্য বন্ধ কৰাতো কামনা কৰিছে ।

ইয়াৰ ফলত পূৱ লাডাখত শান্তি পুনৰুদ্ধাৰ হ'ব আৰু দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বাবে অৱকাশ থাকিব । তেওঁ লগতে কয় যে, যোৱা ১২ মাৰ্চত অনুষ্ঠিত হোৱা সমন্বয় পৰামৰ্শৰ ওপৰত কাৰ্যপ্ৰণালী শীৰ্ষক বৈঠকত দুয়ো পক্ষই জ্যেষ্ঠ কমাণ্ডাৰসকলৰ ১১ সংখ্যক পৰ্যায়ৰ বৈঠকত মিলিত হ'বলৈ সন্মত হৈছিল । লাডাখৰ গালৱান উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত সংঘৰ্ষ হোৱাৰ পিছৰে পৰা ভাৰত আৰু চীনৰ মাজত কূটনৈতিক সম্পৰ্ক তিক্ত হৈ পৰিছে ।

শিল আৰু কাঠেৰে তৈয়াৰী অস্ত্ৰেৰে চীনা সৈন্যৰ কৰা আক্ৰমণত পশ্চিম হিমালয়ত কমেও ২০ জন ভাৰতীয় সৈন্যই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । দুয়ো পক্ষই পূৱ লাডাখত সীমান্তৰ উত্তেজনা হ্ৰাস কৰিবলৈ নিৰন্তৰভাৱে প্ৰয়াস কৰি আছে ।

অৱশ্যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ সৃষ্টি হোৱা কেইবামাহ জোৰা সীমা বিবাদ সমাধানৰ বাবে ভাৰত আৰু চীনৰ মাজত হোৱা বহু আলোচনাৰ পিছত এক সফল পদক্ষেপ হিচাপে দুয়োপক্ষই ফেব্ৰুৱাৰী মাহত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰত সেনাৰ তহল আঁতৰ কৰাক লৈ এক চুক্তিত স্বাক্ষৰ কৰাৰ পৰ্যায়ত উপনীত হৈছে । শীঘ্ৰেই দুয়োখন দেশৰ মাজৰ সীমা বিবাদ অন্ত পৰাৰ আশা কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।

লগতে পঢ়ক:জন্মৰ প্ৰমাণ-পত্ৰ বিচাৰি হাহাকাৰ এগৰাকী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.