স্পৰ্টছ ডেস্ক,১২ জুন : অহা অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ । এইবাৰ এদিনীয়া বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত এদিনীয়া বিশ্বকাপৰ বিষয়ে এটা ডাঙৰ আপডেট পোহৰলৈ আহিছে । বিচিচিআইয়ে ইতিমধ্যে বিশ্বকাপৰ খচৰা অনুসূচী আইচিচিৰ ওচৰত দাখিল কৰিছে । আইচিচিৰ সকলো সদস্যই এই খচৰা অনুসূচী অনুমোদন কৰাৰ পাছতে চূড়ান্ত সময়সূচী প্ৰস্তুত হ'ব । বাতৰি অনুসৰি, আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ এই বছৰৰে ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ অন্তিম খন খেল ১৯ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
-
Draft schedule of India in World Cup: [Espn Cricinfo]
— Johns. (@CricCrazyJohns) June 11, 2023 " class="align-text-top noRightClick twitterSection" data="
IND vs AUS, Oct 8, Chennai
IND vs AFG, Oct 11, Delhi
IND vs PAK, Oct 15, Ahmedabad
IND vs BAN, Oct 19, Pune
IND vs NZ, Oct 22, Dharamsala
IND vs ENG, Oct 29, Lucknow
IND vs Qualifier, Nov 2, Mumbai
IND vs SA, Nov 5, Kolkata… pic.twitter.com/6bur54O2L7
">Draft schedule of India in World Cup: [Espn Cricinfo]
— Johns. (@CricCrazyJohns) June 11, 2023
IND vs AUS, Oct 8, Chennai
IND vs AFG, Oct 11, Delhi
IND vs PAK, Oct 15, Ahmedabad
IND vs BAN, Oct 19, Pune
IND vs NZ, Oct 22, Dharamsala
IND vs ENG, Oct 29, Lucknow
IND vs Qualifier, Nov 2, Mumbai
IND vs SA, Nov 5, Kolkata… pic.twitter.com/6bur54O2L7Draft schedule of India in World Cup: [Espn Cricinfo]
— Johns. (@CricCrazyJohns) June 11, 2023
IND vs AUS, Oct 8, Chennai
IND vs AFG, Oct 11, Delhi
IND vs PAK, Oct 15, Ahmedabad
IND vs BAN, Oct 19, Pune
IND vs NZ, Oct 22, Dharamsala
IND vs ENG, Oct 29, Lucknow
IND vs Qualifier, Nov 2, Mumbai
IND vs SA, Nov 5, Kolkata… pic.twitter.com/6bur54O2L7
খবৰ অনুসৰি, এদিনীয়া বিশ্বকাপ ২০২৩ৰ প্ৰথমখন খেল ৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব পাৰে । তাৰ পাছত, এই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনো ১৯ নৱেম্বৰত একেখন খেলপথাৰতে অনুষ্ঠিত হ'ব । ভাৰতীয় দলটোৱে ৯ খন খেল ৯ টা পৃথক স্থানত খেলিব ।
ইয়াৰ উপৰিও, ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল কেতিয়া খেলা হ'ব সেই সম্পৰ্কেও এক আপডেট পোৱা গৈছে । ১৫ অক্টোবৰত নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হ'ব বুলি অনুমান কৰা হৈছে । ইয়াৰ লগতে পাকিস্তান দলৰ খেলসমূহো ৫ টাকৈ স্থানত অনুষ্ঠিত হ'ব পাৰে বুলিও খবৰ পোৱা গৈছে ।
খচৰা অনুসৰি অহা ৮ অক্টোবৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব । দ্বিতীয়খন ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে । ১৫ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে, ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে, ২২ অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধে, ২৯ অক্টোবৰত ইংলেণ্ড, ২ নৱেম্বৰত কোৱালিফায়াৰ দলৰ বিৰুদ্ধে, ৫ নৱেম্বৰ দক্ষিণ আফ্ৰিকা, ১১ নৱেম্বৰত কোৱালিফায়াৰ দলৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলটোৱে ।
অৱশ্যে পাকিস্তানে শেহতীয়াকৈ দাবী কৰিছিল যে যদি ভাৰতে এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে তেনেহ'লে পাকিস্তানৰ দলটোৱেও বিশ্বকাপৰ বাবে ভাৰতলৈ ভ্ৰমণ নকৰে । এছিয়া কাপকলৈ হাইব্ৰীড মডেলও প্ৰকাশ কৰা হৈছে । কিন্তু এতিয়াও এছিয়া কাপক লৈ বিতৰ্ক অব্যাহত আছে ।