ETV Bharat / bharat

UNSC এজেন্দা সন্দৰ্ভত একেলগে কাম কৰিব ভাৰত আৰু ভিয়েটনামে

UNSC এজেন্দাৰ বাবে একেলগে কাম কৰিব ভাৰত আৰু ভিয়েটনামে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত এক দ্বিপাক্ষিক আলোচনাত ভাৰত আৰু ভিয়েটনামে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

UNSC agenda
UNSC এজেন্দা সন্দৰ্ভত একেলগে কাম কৰিব ভাৰত আৰু ভিয়েটনামে
author img

By

Published : Mar 12, 2021, 2:24 PM IST

নেচনেল ডেস্ক, 12 মাৰ্চ: United Nations Security Council (UNSC) ৰ বিভিন্ন বিষয় সন্দৰ্ভত ভাৰত আৰু ভিয়েটনামে বৃহস্পতিবাৰে এক দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰে ৷ VTC মঞ্চৰ জৰিয়তে অনুষ্ঠিত আলোচনাত দুয়োপক্ষই UNSC এজেন্দাৰ মুখ্য বিষয়সমূহৰ ওপৰত একেলগে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷

ডিপাৰ্টমেন্ট অফ ইন্টাৰনেশ্যনেল অৰগেনাইজেশ্যনৰ বিষয়ববীয়া সকলৰ লগতে ডিপাৰ্টমেন্ট অফ চাউথ ইষ্ট এচিয়া, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চাউথ পেচিফিক, নতুন দিল্লীৰ ভিয়েটনামৰ দূতাবাস আৰু ৰাষ্ট্ৰসংঘলৈ ভিয়েটনামৰ স্থায়ী মিছনৰ বিষয়াসকল এই আলোচনাত উপস্থিত আছিল ৷

আলোচনাত উপস্থিত থকা ভিয়েটনামৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল ডিপাৰ্টমেন্ট অফ ইন্টাৰনেশ্যনেল অৰগেনাইজেশ্যনৰ মহানিৰ্দেশক ড' হাং ভিয়েট ৷ ইয়াৰ পৰিৱৰ্তে ভাৰতীয় প্ৰতিনিধিৰ দলটোক প্ৰকাশ গুপ্তাই নেতৃত্ব দিছিল ৷ MEA ৰ চাউথ ডিভিজনৰ লগতে ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী মিছনৰ বিষয়াসকল আৰু হানৈৰ ভাৰতীয় দূতসকল ভাৰতীয় প্ৰতিনিধি দলটোৰ অংশ আছিল ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে দুয়োপক্ষই UNSC এজেন্দা সন্দৰ্ভত এক বৃহৎ পৰিসৰ সামৰি আলোচনা কৰে আৰু তেঁওলোকৰ UNSC অগ্ৰাধিকাৰ সমূহৰ বিষয়ে অৱগত কৰে ৷ আলোচনাৰ অন্তত দুয়োপক্ষই UNSC এজেন্দাৰ মুখ্য বিষয়সমূহৰ সন্দৰ্ভত একেলগে কাম কৰাৰ বাবে এক সিদ্ধান্ত উপনীত হয় ৷

উল্লেখ্য যে, ভাৰতে জানুৱাৰীত 15 খন দেশৰ ইউএন চিকিউৰিটি কাউন্সিলৰ অস্থায়ী সদস্য হিচাপে দুবছৰীয়া কাৰ্যাকাল আৰম্ভ কৰিছে ৷ অস্থায়ী সদস্য হিচাপে সংযুক্ত হোৱাৰ পাছৰে পৰা ভাৰতে বিশ্বৰ নিৰাপত্তা সম্পৰ্কীয় বিষয় তথা আন্তৰ্জাতিক শান্তি সন্দৰ্ভত সমাধান অনাৰ বাবে ইচ্ছা প্ৰকাশ কৰি আহিছে ৷

লগতে পঢ়ক: প্ৰথমবাৰলৈ ৰ'ভাৰ চুপাৰকেমত বন্দী মঙল গ্ৰহৰ বতাহৰ শব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.