ETV Bharat / bharat

India to sign Artemis Accords : নাছাৰ সৈতে ইছৰোৱে ২০২৪ চনত কৰিব যুটীয়া মহাকাশ অভিযান

author img

By

Published : Jun 22, 2023, 8:01 PM IST

আৰ্টেমিছ চুক্তি হৈছে একবিংশ শতিকাত অসামৰিক মহাকাশ অন্বেষণ আৰু ব্যৱহাৰৰ নিৰ্দেশনাৰ বাবে প্ৰস্তুত কৰা এক অনা-বাধ্যতামূলক নীতি ।

PM Modi US visit
PM Modi US visit

নিউজ ডেস্ক, ২২ জুন : অভাল কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত অনুষ্ঠিত বৈঠকৰ কিছু সময় পূৰ্বে ভাৰতে আৰ্টেমিছ চুক্তিত যোগদান কৰাৰ সিদ্ধান্ত লয় । এই চুক্তিয়ে সমভাবাপন্ন দেশসমূহক অসামৰিক মহাকাশ অন্বেষণৰ ক্ষেত্ৰত একত্ৰিত কৰে । লগতে নাছা আৰু ইছৰোৱে ২০২৪ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক যুটীয়া অভিযানৰ বাবে সন্মত হৈছে । বৃহস্পতিবাৰে হোৱাইট হাউছৰ সূত্ৰত এই কথা প্ৰকাশ ।

প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত কয়, "মহাকাশৰ ক্ষেত্ৰত আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম যে ভাৰতে আৰ্টেমিছ চুক্তি স্বাক্ষৰ কৰিছে । এই চুক্তিয়ে মানৱ জাতিৰ হিতৰ বাবে সকলো মহাকাশ অন্বেষণৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগী আগবঢ়ায় ।" ১৯৬৭ চনৰ আউটাৰ ষ্টেট টেৰিটৰী মহাকাশ চুক্তিৰ ওপৰত ভিত্তি কৰি, আৰ্টেমিছ চুক্তি হৈছে একবিংশ শতিকাত অসামৰিক মহাকাশ অন্বেষণ আৰু ব্যৱহাৰৰ নিৰ্দেশনা প্ৰদানৰ বাবে প্ৰস্তুত কৰা নীতিৰ এক অনা-বাধ্যতামূলক নীতি । ২০২৫ চনৰ ভিতৰত মানুহক চন্দ্ৰলৈ পঠোৱাৰ বাবে এয়া হৈছে আমেৰিকাৰ নেতৃত্বত কৰা এক প্ৰচেষ্টা । যাৰ চূড়ান্ত লক্ষ্য হৈছে মঙল গ্ৰহ আৰু তাৰ বাহিৰলৈ মহাকাশ অন্বেষণ সম্প্ৰসাৰিত কৰা ।

বিষয়াজনে লগতে কয় যে নাছা আৰু ইছৰোৱে এই বছৰ মানৱ মহাকাশ ভ্ৰমণ সহযোগিতাৰ বাবে এক কৌশলগত আন্তঃগাঁথনি বিকাশ কৰি আছে । তদুপৰি, নাছা আৰু ইছৰোৱে ২০২৪ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক যুটীয়া অভিযানত সন্মত হৈছে । নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াজনে কয় ।

আনহাতে, ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীবোৰে ভাৰতৰ সৈতে এক ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম গঠনৰ বাবে অংশীদাৰিত্ব কৰিছে । যাৰ দ্বাৰা যোগান শৃংখলা বিবিধকৰণত সহায় কৰিব । ভাৰতীয় ৰাষ্ট্ৰীয় ছেমি কণ্ডাক্টৰ মিছনৰ সমৰ্থনত মাইক্ৰ'ন প্ৰযুক্তিয়ে ৮০০ নিযুত আমেৰিকান ডলাৰৰো অধিক বিনিয়োগৰ কথা ঘোষণা কৰে । যাৰ দ্বাৰা ভাৰতীয় কৰ্তৃপক্ষৰ অতিৰিক্ত বিত্তীয় সাহায্যৰ সৈতে ভাৰতত ২.৭৫ বিলিয়ন আমেৰিকান ডলাৰৰ ছেমি কণ্ডাক্টৰৰ সমাবেশ আৰু পৰীক্ষাৰ সুবিধা হ'ব ।

ইয়াৰ উপৰি, আমেৰিকান এপ্লাইড মেটেৰিয়েলছে ঘোষণা কৰিছে যে ভাৰতত বাণিজ্যিকীকৰণ আৰু উদ্ভাৱনৰ বাবে নতুন ছেমি কণ্ডাক্টৰ কেন্দ্ৰ স্থাপন কৰিব । আনহাতে, আন এটা ছেমি কণ্ডাক্টৰ সঁজুলি নিৰ্মাণ কোম্পানী লেম্ব ৰিচাৰ্ছে ভাৰতৰ ছেমি-ভাৰ্ছ সমাধানৰ জৰিয়তে ৬০ হাজাৰ ভাৰতীয় অভিযন্তাৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচী ঘোষণা কৰিবলৈ গৈ আছে ।

লগতে পঢ়ক :PM Modi US Visit : ভাৰত আৰু আমেৰিকাক প্ৰতিভাৰ পাইপলাইনৰ প্ৰয়োজন; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.