ETV Bharat / bharat

পৰৱৰ্তী স্বাধীনতা দিৱসলৈ ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’ল

author img

By

Published : Sep 17, 2022, 2:35 PM IST

2023 চনৰ 15 আগষ্টলৈ ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি হ’ব হাইড্ৰ’জেন চালিত ৰে’ল (India to start hydrogen powered train)৷

india-to-start-hydrogen-powered-train-on-next-independence-day
পৰৱৰ্তী স্বাধীনতা দিৱসলৈ ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’ল

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মুকলি হ’ব হাইড্ৰ’জেন চালিত ৰে’ল (India to start hydrogen powered train)৷ 2023 চনৰ 15 আগষ্টলৈ ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’ল (Hydrogen powered train on next Independence Day)৷

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Cabinet Minister Ashwini Vaishnaw) কয় যে এই ৰে’লখন হ’ব ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে'ল ৷ এই ৰে’লখনৰ থলুৱা নক্সা আৰু নিৰ্মাণকাৰ্য ইতিমধ্যে হাতত লোৱা হৈছে ৷ অহা স্বাধীনতা দিৱসৰ পৰা ভাৰতত চলিব এইখন বিশেষ ৰে’ল ৷ হাইড্ৰ’জেন হৈছে এক প্ৰদূষণমুক্ত ইন্ধন ৷

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চেন্নাইৰ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত নিৰ্মাণ কৰা হৈছে এইখন ৰে’ল ৷ শেহতীয়াকৈ বিশ্বৰ শ্ৰেষ্ঠ পাঁচটা সামগ্ৰীৰ এটা হ’ব এই হাইড্ৰ’জেন চালিত ৰে’লখন ৷ এই ৰে’লখনে প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব ৷ অন্য ৰে’লসমূহতকৈ অধিক সুবিধাযুক্ত এই ৰে’লখনত চালকৰ কেবিনত ৰখা পানীৰ গ্লাছটোও পৰিব নোৱাৰাকৈ ব্যৱস্থা কৰা হৈছে ৷

বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লখনৰৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে কয় যে এই ৰে’লখন প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত গতি ল'বলৈ মাত্ৰ ৫২ ছেকেণ্ড সময় লাগে, আনহাতে জাপানৰ বিখ্যাত বুলেট ট্ৰেইনে প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ গতি ল'বলৈ প্ৰয়োজন হয় ৫৫ ছেকেণ্ড ৷ ৰে’লখন নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ সময়ত অভিযন্তাসকলে ৰে’লখন নিৰ্মাণৰ বাবে সামগ্ৰীসমূহ আমদানি কৰাৰ কথা সিদ্ধান্ত লৈছিল যদিও পিছলৈ এই পৰিকল্পনা স্থগিত কৰে ৷

এই ৰেলখনৰ বিশেষত্ব হৈছে যে হাইড্ৰ’জেন চালিত এই ৰে’লখনত প্ৰয়োজন হ’বলগা বিদ্যুৎ এটা ইন্ধন কোষৰ জৰিয়তে যোগান ধৰা হ’ব ৷ ৰে’লখনৰ ওপৰ তৰপত জমা হৈ থকা অক্সিজেন আৰু হাইড্ৰ’জেনক মিহলি কৰি এই শক্তি উৎপন্ন কৰা হ’ব ৷ এই প্ৰক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড নিৰ্গত নকৰে ৷ হাইড্ৰজেন ৰে’ল ভাৰতৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব ৷ এই ৰে’লখন ভাতৰৰ ইতিমধ্যে মজুত থকা ৰে’ল লাইন সমূহেৰেও যাত্ৰা কৰিব পাৰিব ৷ এই বিশেষ ৰে’লৰ বাবে কোনো পৃথক ব্যৱস্থা কৰাৰ প্ৰয়োজন নাই ৷

হাইড্ৰ’জেনেৰ চালিত ৰে’লবোৰে 140 কি:মি:/ঘণ্টা বেগত সৰ্বাধিক 1000 কি:মি:লৈকে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিব পাৰে ৷ ই বৈদ্যুতিক ৰে’লতকৈ দহ গুণ অধিক দূৰত্ব অতিক্ৰম কৰে আৰু ইন্ধন ভৰাবলৈও বেছি সময় নলয় ৷ এই ৰে’লখনত 20 মিনিটত 18 ঘণ্টা দূৰত্ব অতিক্ৰম কৰিবলৈ অতি কম পৰিমানৰ ইন্ধনৰ প্ৰয়োজন হ’ব ৷

ডিজেল বা বৈদ্যুতিক ৰে’লৰ তুলনাত ইয়াৰ ব্যয় অতি কম ৷ হাইড্ৰ’জেন চালিত ৰে’লবোৰ যাত্ৰাৰ বাবে অতিকৈ আৰামদায়ক ৷ এই ৰে’লৰ অন্যান্য ৰে’লসমূহৰ দৰে শব্দ বেছি নহয় ৷ অত্যাধিক প্ৰদূষণ প্ৰৱন অঞ্চলসমূহত প্ৰদূষণ ৰোধ কৰিব পৰাকৈ এই ৰে’লখন অত্যন্ত জৰুৰী ৷

লগতে পঢ়ক: 72 বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.