ETV Bharat / bharat

Johnson and Johnsonৰ 8 নিযুত ক'ভিড প্ৰতিষেধক উপলব্ধ কৰাৰ লক্ষ্য ভাৰতৰ

author img

By

Published : Sep 25, 2021, 8:03 PM IST

অক্টোবৰৰ শেষলৈ ভাৰতে উপলব্ধ কৰিব 8 নিযুতৰো অধিক Johnson and Johnsonৰ ক'ভিড প্ৰতিষেধক ৷ কোৱাড সন্মিলনত এই সন্দৰ্ভত এই ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ Quad vaccine অংশীদাৰিত্বৰ অধীনত Johnson and Johnsonৰ প্ৰতিষেধকসমূহ উপলব্ধ হ'ব ৷

india to manufacture johnson and johnson vaccine
Johnson and Johnsonৰ ক'ভিড প্ৰতিষেধক

নেশ্যনেল ডেস্ক , 25 ছেপ্টেম্বৰ : অক্টোবৰৰ শেষৰ ফাললৈ ভাৰতে Johnson and Johnsonৰ 8 নিযুত পালিৰো অধিক ক'ভিড প্ৰতিষেধক উপলব্ধ কৰিব ৷ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলা(Harsh Vardhan Shringla)ই সদৰী কৰা মতে, Quad vaccine অংশীদাৰিত্বৰ অধীনত Johnson and Johnsonৰ প্ৰতিষেধকসমূহ উপলব্ধ হ'ব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাড সন্মিলনত এই সন্দৰ্ভত এই ঘোষণা কৰিছে বুলি শ্ৰীংলাই জানিবলৈ দিয়ে ৷ তেওঁ কয়, "কোৱাড সদস্যসকলে ক'ভিড অতিমাৰীৰ সৈতে মোকাবিলা কৰিব পৰা কাৰকসমূহৰ বুজ লৈছিল আৰু এই মুহূৰ্তত যুটীয়া প্ৰতিষেধকেই একমাত্ৰ ফলপ্ৰসূ উপায় হিচাপে বিবেচিত হৈছে" ৷

বৈদেশিক সচিবগৰাকীৰ মতে, ভাৰতকে ধৰি কোৱাড ৰাষ্ট্ৰসমূহে (Quad nations) সমূহে এই প্ৰতিষেধকৰ বাবে পৰিশোধ কৰিব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানৰ নেতাসকলে ৱাশ্বিংটনত প্ৰথমখন ব্যক্তিগত কোৱাড নেতাৰ বৈঠক(first in-person Quad leaders meeting) অনুষ্ঠিত কৰে ৷ বৈঠকত তেওঁলোকে ক'ভিড-১৯ অতিমাৰী নিয়ন্ত্ৰণৰ বাবে একেলগে কাম কৰাৰ বাবে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা মন্তব্য অনুসৰি, অক্টোবৰৰ শেষৰ ফালে ভাৰতে Johnson and Johnsonৰ 8 নিযুত প্ৰতিষেধক উপলব্ধ কৰিব ৷ উল্লেখ্য যে, কোৱাডে এই প্ৰতিষেধকৰ বাবে পৰিশোধ কৰিব আৰু ভাৰতেও এক নিৰ্দিষ্ট অংশ বহন কৰিব ৷

কোৱাড সন্মিলন(Quad summit)ত আৰম্ভণি ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বই যিহেতু ক'ভিড-19 ৰ বিৰুদ্ধে যুঁজ দি আছে, এনে পৰিপ্ৰেক্ষিতত Quad vaccine initiative এ ইণ্ডো-পেচিফিক ৰাষ্ট্ৰসমূহক যথেষ্ট সহায় কৰিব ৷ মানৱতাৰ স্বাৰ্থত কোৱাডৰ সদস্যসকল পুনৰ একত্ৰিত হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

মাৰ্চত ভাৰত-আমেৰিকা-জাপান-অষ্ট্ৰেলিয়া Quadrilateral initiative বা কোৱাডে Indo-Pacific regionত বৰ্তমান আৰু ভৱিষ্যতৰ যিকোনো মহামাৰী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যুটীয়া ভেকছিন যোগান শৃংখলা(joint vaccine supply chain) নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

Quad Leaders' Summitত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিষেধকসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰত বিকশিত কৰা হ'ব, ভাৰতত নিৰ্মাণ কৰা হ'ব, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বিত্তীয় যোগান ধৰিব আৰু দ্বীপ ৰাজ্যসমূহকে ধৰি Indo-Pacific ৰাজ্যসমূহৰ বাবে ৰচদৰ জৰিয়তে অষ্ট্ৰেলিয়াই সমৰ্থন কৰিব ৷ শেহতীয়াকৈ, ভাৰত চৰকাৰে ঘোষণা কৰিছে যে, দেশখনে ক'ভিড-19 ভেকছিনৰ ৰপ্তানি পুনৰ আৰম্ভ কৰিব ৷

লগতে পঢ়ক : ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.