ETV Bharat / bharat

RedFoxtrotৰ চাইবাৰ অনুপ্ৰৱেশৰ জৰিয়তে চীনা সেনাৰ টাৰ্গেটত ভাৰত

author img

By

Published : Jun 17, 2021, 7:33 PM IST

উদ্যোগ সুৰক্ষাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ চোৰাংচোৱা ৰেকৰ্ড ফিউচাৰে উল্লেখ কৰা মতে চীনা সেনাই বিশেষ চাইবাৰ চেলৰ জৰিয়তে ভাৰতৰ আভ্যন্তৰীণ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে । যিটো ভাৰতৰ বাবে অতি ভাবুকিৰ কাৰণ হ'ব পাৰে ।

cyber
চাইবাৰ অনুপ্ৰৱেশৰ জৰিয়তে চীনা সেনাৰ টাৰ্গেটত ভাৰত

নেশ্যনেল ডেস্ক,১৭ জুন: ২০১৪ চনৰ পৰা সক্ৰিয় ৰেডফক্সট্ৰটে(RedFoxtrot) মুখ্যতঃ অন্যান্য দেশৰ ভিতৰত ভাৰতৰ এৰোস্পেচ আৰু প্ৰতিৰক্ষা, চৰকাৰ, দূৰসংযোগ, খনন আৰু গৱেষণা সংগঠনক লক্ষ্য কৰে । পিএলএ(PLA) ইউনিট ৬৯০১০ৰ দ্বাৰা প্ৰভাৱান্বিত আন দেশবোৰ হৈছে আফগানিস্তান, কাজাখস্তান, কিৰগিজস্তান, পাকিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান ।

বৃহস্পতিবাৰে উদ্যোগ সুৰক্ষাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ চোৰাংচোৱা ফিউচাৰে গৱেষণা শাখা ইনচিকট গ্ৰুপৰ দ্বাৰা ৰেডফক্সট্ৰট(RedFoxtrot) নামৰ এটা সন্দেহযুক্ত চীনা চৰকাৰী পৃষ্ঠপোষকতাত ভাবুকিমূলক কাৰ্যকলাপৰ বাবে দায়ী চাইবাৰ চোৰাংচোৱা কাৰ্যকলাপ হিচাপে প্ৰকাশ কৰিছে । ইনচিকট গ্ৰুপে ৰেডফক্সট্ৰটৰ কাৰ্যকলাপ আৰু চীনা সামৰিক চোৰাংচোৱা সঁজুলি, পিপলছ লিবাৰেচন আৰ্মী (PLA) ইউনিট ৬৯০১০-ৰ মাজত ষ্ট্ৰেটেজিক চাপোৰ্ট ফ'ৰ্চৰ (SSF) মাজত নিৰ্দিষ্ট সম্পৰ্ক থকা কথা পোহৰলৈ আনে ।

ৰেডফক্সট্ৰটে চীনা চাইবাৰৰ সহযোগত বিভিন্ন ধৰণে মালৱেৰ ছফ্টৱেৰত প্ৰৱেশ কৰি কাৰ্যকলাপ কৰি আহিছে । ৰেডফক্সট্ৰট হৈছে এক নিৰ্দিষ্ট পিএলএ গোটৰ সৈতে সম্পৰ্ক থকা আৰু চীনা চাইবাৰ চোৰাংচোৱা গোটৰ বাবে অনন্য বুলি বিবেচিত অংশীদাৰী কাষ্টম ক্ষমতাৰ ব্যৱহাৰৰ ওপৰত আধাৰিত কৰি চীনা চৰকাৰী পৃষ্ঠপোষকতাত ভাবুকি কাৰ্যকলাপ কৰিব পৰা গোট ।

ৰেকৰ্ডেদ ফিউচাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক ক্ৰিষ্টোফাৰ আহলবাৰ্গৰ মতে পিপলছ লিবাৰেচন আৰ্মীৰ শেহতীয়া কাৰ্যকলাপ মুখ্যতঃ চোৰাংচোৱা সম্প্ৰদায়ৰ বাবে এক ক'লা অধ্যায় হৈ পৰিছে । পিএলএ কাৰ্যকলাপ আৰু চীনা সামৰিক কৌশলে এই বিৰল অন্তিম-শেষ আভাস প্ৰদান কৰিবলৈ সক্ষম হোৱাটোৱে বিশ্বব্যাপী ভাবুকিৰ সৃষ্টি কৰিব পাৰে । বিৰোধীসকলক ব্যাহত কৰিবলৈ আৰু সংগঠন বা চৰকাৰৰ নিৰাপত্তাৰ স্থিতি অৱগত কৰাৰ বাবে নিৰন্তৰ আৰু ব্যাপক নিৰীক্ষণ আৰু বুদ্ধিমত্তাৰ সংগ্ৰহ গুৰুত্বপূৰ্ণ উদ্দেশ্য চীনৰ ।

লগতে পঢ়ক:দিল্লী হিংসা:কাৰাবন্দী তিনি অভিযুক্ত শিক্ষাৰ্থীক মুক্তিৰ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.