ETV Bharat / bharat

Brahmos Super Sonic Missile : নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল সম্পৰীক্ষণ সম্পূৰ্ণ - নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল সম্পৰীক্ষণ সম্পূৰ্ণ

ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ এক নতুন সংস্কৰণৰ সফল পৰীক্ষণ সম্পূৰ্ণ । ওড়িশাৰ বালাচোৰৰ উপকূলৰ পাৰত কৰা হৈছিল এই পৰীক্ষা (India successfully test fires new version of Brahmos Super Sonic missile) ৷ এইবিধ ক্ষেপনাস্ত্ৰৰ পানীৰ তলত ব্যৱহাৰ কৰিব পৰা এক সংস্কৰণৰ ওপৰতো কাম চলি আছে ৷

Brahmos Super Sonic Missile
নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল সম্পৰীক্ষণ সম্পূৰ্ণ
author img

By

Published : Jan 20, 2022, 4:57 PM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী : ভাৰতে বৃহস্পতিবাৰে ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ এক নতুন সংস্কৰণৰ সফল পৰীক্ষণ সম্পূৰ্ণ কৰে । ওড়িশাৰ বালাচোৰৰ উপকূলৰ পাৰত কৰা হৈছিল এই পৰীক্ষা (India successfully test fires new version of Brahmos Super Sonic missile) ৷

প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই এই বিষয়ে সদৰি কৰা অনুসৰি, ব্ৰহ্মোচ মিছাইলৰ এই নতুন সংস্কৰণত যথেষ্ট প্ৰযুক্তিগত উন্নয়ন কৰা হৈছে ৷ যাৰ গুণগত মান আৰু কাৰ্যকাৰিতা এই শেহতীয়া পৰীক্ষণৰ দ্বাৰা সফলভাৱে প্ৰমাণ কৰিব পৰা গৈছে ।

যোৱা সপ্তাহত ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ আই এন এচ বিশাখাপট্টনমৰ পৰা এই ব্ৰহ্মোচ ছুপাৰ ছ’নিক মিছাইলৰ সফল সম্পৰীক্ষণ কৰা হৈছিল । "উন্নত মানৰ এই ব্ৰহ্মোচ ছুপাৰ ছ’নিক মিছাইলৰ চি টু চি ভেৰিয়েণ্টৰ পৰীক্ষণ সম্পূৰ্ণ হ’ল । এই মিছাইলে সঠিকভাৱে নিজৰ লক্ষ্যত আঘাত হানিব পাৰিছে । DRDO ৰ এক বিশেষজ্ঞই এই বুলি জনায় ।

মন কৰিবলগীয়া যে, এই ব্ৰহ্মোচ ক্ষেপনাস্ত্ৰসমূহ হ’ল ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ সমূহৰ প্ৰধান অস্ত্ৰ আৰু এই ক্ষেপনাস্ত্ৰসমূহ নৌ সেনাৰ সকলো ঘাটিতেই ইতিমধ্যেই স্থাপন কৰা হৈছে । এই ক্ষেপনাস্ত্ৰৰ পানীৰ তলত ব্যৱহাৰ কৰিব পৰা এক সংস্কৰণৰ ওপৰতো কাম চলি আছে ৷ ইয়াৰ সফল সম্পৰীক্ষণৰ পাছত ভাৰতৰ বাহিৰেও দেশৰ বন্ধু ৰাষ্ট্ৰসমূহলৈও বিক্ৰী তথা ৰপ্তানিৰ পৰিকল্পনাৰ কথা ভবা হৈছে বুলি প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই জনাইছে ।

লগতে চাওক: এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব অসমৰ প্রতীকপট !

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.