ETV Bharat / bharat

SEO conference: ভাৰত ৰাছিয়াৰ নিৰাপত্তা সচিবৰ মাজত বিশেষ আলোচনা - Indian NSA Ajit Doval

নতুন দিল্লীত অনুষ্ঠিত হোৱা সাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা পৰিষদৰ সচিবসকলৰ ১৮ সংখ্যক বৈঠকত ৰাছিয়া আৰু ভাৰতৰ নিৰাপত্তা পৰিষদৰ সচিবৰ বাৰ্তালাপ ৷ ৰাছিয়া আৰু ভাৰতৰ মাজত অধিক সহযোগিতাৰ উপায়সমূহৰ বিষয়ে আলোচনা (National Security Advisors of Russia and India) ৷

National Security Advisors of Russia and India
SEO conference
author img

By

Published : Mar 29, 2023, 10:42 PM IST

নিউজ ডেস্ক, 29 মাৰ্চ: বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা সাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা পৰিষদৰ সচিবসকলৰ ১৮ সংখ্যক বৈঠকত ৰাছিয়া আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলে নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অধিক সহযোগিতাৰ উপায় উলিয়ায় । ৰাছিয়াক প্ৰতিনিধিত্ব কৰিবলৈ অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে নিৰাপত্তা পৰিষদৰ ৰাছিয়াৰ সচিব নিকোলাই পাত্ৰুশ্বেভ (Shanghai Cooperation Organization) ।

পাত্ৰুছেভে সাম্প্ৰতিক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত সম্যক মত বিনিময়ৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে ৰাছিয়া আৰু ভাৰতৰ মাজত অধিক সহযোগিতাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে । নেতাসকলে এছ চি অ’ অঞ্চলৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰে (Russian Secretary of the Security Council) ।

উদ্বোধনী ভাষণত পাত্ৰুশ্বেভে আন্তঃৰাষ্ট্ৰীয় তথ্য সুৰক্ষা, জৈৱ-চিকিৎসা সুৰক্ষা নিশ্চিত কৰা, আৰু ড্ৰাগছ বিৰোধী ট্ৰেকত সহযোগিতা নিশ্চিত কৰাৰ ক্ষেত্ৰত এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অধিক পাৰস্পৰিক ক্ৰিয়াৰ বিষয়সমূহ স্পৰ্শ কৰে । আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, সন্ত্ৰাসবাদ আৰু নব্য নাজীবাদৰ পুনৰুজ্জীৱনৰ সৈতে যৌথভাৱে যুঁজিবলৈ নিৰ্দিষ্ট ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল (Indian NSA Ajit Doval)।

পাত্ৰুশ্বেভে এছচিঅ’ৰ সমান আৰু অবিভাজ্য নিৰাপত্তাৰ নীতিৰ প্ৰতি ৰাছিয়াৰ দায়বদ্ধতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ মৌলিক নীতি-নিয়মৰ প্ৰতি সন্মানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ আৰু সাৰ্বজনীন মানৱীয় মূল্যবোধক বজাই ৰখা, সাৰ্বভৌম ৰাষ্ট্ৰৰ ঘৰুৱা কাম-কাজত হস্তক্ষেপ ৰোধ কৰাৰ লগতে একপক্ষীয় নিষেধাজ্ঞা আৰু নিষেধাজ্ঞামূলক ব্যৱস্থাৰ নীতি প্ৰতিহত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে (India Russia NSAs outline)।

2001 চনত গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংস্থা এছ চি অ’ত আঠখন সদস্য ৰাষ্ট্ৰ ক্ৰমে ভাৰত, চীন, কাজাখস্তান, কিৰ্গিস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান, আৰু উজবেকিস্তান আদি অন্তৰ্ভুক্ত । ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক সহযোগিতাক প্ৰসাৰিত কৰাৰ আৱশ্যকতাৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল । 2022 চনত ভাৰতে 2023 চনৰ বাবে সাংহাই সহযোগিতা সংস্থাৰ অধ্যক্ষ পদ গ্ৰহণ কৰে (Shanghai cooperation organization members)।

লগতে পঢ়ক: Kashmiri Pandit killing: অব্যাহত আছে কাশ্মীৰী পঞ্জিত সঞ্জয় শৰ্মাৰ হত্যাকাণ্ডৰ তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.