ETV Bharat / bharat

Indo Canada Diplomatic Spat : আন্তৰ্জাতিক নিয়ম উলংঘাৰ কানাডাৰ অভিযোগ অস্বীকাৰ ভাৰতৰ - Canadian Prime Minister Justin Trudeau

কানাডাত এগৰাকী শিখ বিচ্ছিন্নতাবাদীৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগ কৰাৰ পিছৰে পৰা কূটনৈতিক অচলাৱস্থা অব্যাহত আছে । কানাডাই নতুন দিল্লীৰ সতৰ্কবাণীৰ উদ্ধৃতি দিয়াৰ পিছত ভাৰতত থকা ৬২ জন কূটনীতিবিদৰ ৪১ জনক আঁতৰাই নিছে ।

Indo Canada Diplomatic Spat
Indo Canada Diplomatic Spat
author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 1:34 PM IST

নিউজ ডেস্ক, ২১ অক্টোবৰ : ভাৰত চৰকাৰে শুকুৰবাৰে কানাডাৰ এই দাবীক অস্বীকাৰ কৰি কয় যে ভাৰতে আন্তৰ্জাতিক আইন উলংঘা কৰিছে । উল্লেখ্য যে কানাডা চৰকাৰক ভাৰতৰ পৰা কূটনীতিবিদক আঁতৰাই নিবলৈ দিয়া সতৰ্কবাণীৰ পিছত ৪২ গৰাকী কূটনীতিবিদক দেশখনে আঁতৰাই নিছে । ইয়াৰ পিছতে কানাডাই ভাৰতৰ ওপৰত অভিযোগ কৰে যে এই ক্ষেত্ৰত আন্তৰ্জাতিক আইন উলংঘা কৰিছে । কিন্তু ভাৰতে এই অভিযোগ খণ্ডন কৰিছে । ভাৰত চৰকাৰে কৈছে কোনো দুখন চৰকাৰে প্ৰতিখন দেশতে প্ৰায় একে সংখ্যক কূটনীতিবিদ নিয়োজিত কৰিব লাগে ।

তেনে ক্ষেত্ৰত ভাৰতে অতিৰিক্ত কূটনীতিবিদসকলকহে আঁতৰাই নিয়াৰ কথা কৈছে । আনহাতে, কানাডাই বৃহস্পতিবাৰে কয় যে তেওঁলোকে ভাৰতত থকা ৬২ জন কূটনীতিবিদৰ ৪১ জনক আঁতৰাই নিছে, যিহেতু নতুন দিল্লীয়ে এই ক্ষেত্ৰত সতৰ্কবাণী দিছিল । ভাৰত চৰকাৰে কৈছিল যে যদি কানাডাই তেওঁলোকক উভতাই নিনিয়ে তেন্তে তেওঁলোকক প্ৰদান কৰা কূটনৈতিক সুৰক্ষা কৰ্তন কৰিব । অৱশ্যে ইয়াক কানাডাৰ বিষয়াসকলে জেনেভা সন্মিলনৰ উলংঘন বুলি উল্লেখ কৰে ।

উল্লেখ্য যে কানাডাত এজন শিখ বিচ্ছিন্নতাবাদীৰ হত্যাত ভাৰত জড়িত থকাৰ কানাডাৰ অভিযোগক লৈ দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা বিবাদৰ মাজতে এই নতুন সংঘাত আৰম্ভ হৈছে । আনহাতে, ভাৰতে কৈছে যে দেশখনে ৰাজহুৱাভাৱে এইটো কোৱা নাছিল যে কানাডাৰ কূটনীতিবিদসকলক প্ৰদান কৰা পৰা কূটনৈতিক সুৰক্ষা প্ৰত্যাহাৰ কৰিব বা তেওঁলোকৰ প্ৰস্থানৰ বাবেও কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া নাছিল । কিন্তু ভাৰতে বিচাৰিছিল যে কানাডাই ভাৰতত কূটনীতিবিদৰ সংখ্যা হ্ৰাস কৰক, যাতে কানাডাত থকা ভাৰতৰ কূটনীতিবিদৰ সংখ্যাৰ সৈতে মিলি যায় ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃতিত কয়, "সমতা সৃষ্টিৰ বাবে ৰূপায়ণ কৰা এই কাৰ্যক আন্তৰ্জাতিক নিয়মৰ উলংঘন হিচাপে চিত্ৰিত কৰাৰ যিকোনো প্ৰচেষ্টা আমি অস্বীকাৰ কৰিছোঁ ।" আনহাতে, প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে শুকুৰবাৰে কানাডাৰ উদ্বেগৰ কথা দোহাৰি কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইন আৰু কূটনীতিৰ এক মৌলিক নীতি উলংঘা কৰিছে । লগতে কয় যে এইটো এনে এক বিষয়, যাৰ বিষয়ে বিশ্বৰ সকলো দেশে যথেষ্ট চিন্তিত হোৱা উচিত ।

ইফালে ভাৰতে কয় যে দেশখনত যথেষ্ট সংখ্যক কানাডিয়ান কূটনীতিবিদ আছে । আমাৰ আভ্যন্তৰীণ বিষয়ত তেওঁলোকৰ নিৰন্তৰ হস্তক্ষেপে নতুন দিল্লী আৰু অটোৱাত পাৰস্পৰিক কূটনৈতিক উপস্থিতিত সমতা প্ৰদান নকৰে । বিবৃতিটোত কোৱা হৈছে । উল্লেখ্য যে কানাডাই অভিযোগ কৰিছে যে জুনত উপনগৰীয় ভেঙ্কুভাৰত কানাডিয়ান নাগৰিক হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত জড়িত থাকিব পাৰে । ইয়াৰ উপৰি ভাৰতে কানাডাক বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছে । কিন্তু ভাৰতে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগক অযুক্তিকৰ বুলি খাৰিজ কৰিছে আৰু এই অভিযোগৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিবলৈ কূটনৈতিক পদক্ষেপ লৈছে ।

আনহাতে, ট্ৰুডোৱে বিগত মাহত কৈছিল যে ভেঙ্কুভাৰৰ বাহিৰৰ চাৰেত জুন মাহত মুখাপিন্ধা বন্দুকধাৰীয়ে হত্যা কৰা ৪৫ বছৰীয়া শিখ নেতা নিজ্জাৰৰ হত্যাত ভাৰতীয় জড়িত থকাৰ বিশ্বাসযোগ্য অভিযোগ আছে । বহু বছৰ ধৰি ভাৰতে কৈ আহিছিল যে ভাৰতত জন্মগ্ৰহণ কৰা কানাডিয়ান নাগৰিক নিজ্জাৰৰ সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক আছে । কিন্তু নিজ্জাৰে এই অভিযোগ অস্বীকাৰ কৰিছিল ।

আন এক পদক্ষেপত ভাৰতে কানাডিয়ানসকলৰ বাবে ভিছাও বাতিল কৰিছে । কিন্তু কানাডাই ইয়াৰ বাবে কোনো প্ৰতিশোধ লোৱা নাই । উল্লেখ্য যে কানাডাই এগৰাকী জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰাৰ পিছত ভাৰতে পূৰ্বতে এগৰাকী জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰিছিল ।

লগতে পঢ়ক :killing on Moving Train : চলন্ত ৰে’লত চাৰিজন লোকক গুলীয়াই হত্যা; চেতনসিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.