নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল : দেশত পুনৰ ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid infection in India)। সোমবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে ৫,৮৮০ গৰাকী লোক । লগতে ১৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । দেশত সক্ৰিয় ঘটনা বৰ্তমান ৩৫,১৯৯ টা (Covid active cases in India)।
দিল্লী আৰু হিমাচল প্ৰদেশত ৪ জনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Covid related death in India)। আনহাতে গুজৰাট, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত এজনকৈ আৰু কেৰালাত দুগৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । দৈনিক আক্ৰান্তৰ হাৰ ৬.৯১ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ ৩.৬৭ শতাংশ । এতিয়ালৈকে দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা ৪.৪৭ কোটি অতিক্ৰম কৰিছে ।
ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে কয় যে, দেশত শেহতীয়াকৈ ক'ভিড বৃদ্ধিৰ আঁৰত ক'ভিডৰ এছঅ'পি শিথিল কৰা, ক'ভিড পৰীক্ষাৰ হাৰ কমি যোৱা আৰু ক'ভিডৰ নতুন প্ৰকাৰ ।
ইফালে, কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি, কেইবাখনো ৰাজ্য চৰকাৰে সমগ্ৰ দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়সমূহত ক'ভিডৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয় পৰিদৰ্শন কৰি তাত আয়োজিত ক'ভিড বিৰোধী মক ড্ৰিলৰ পৰ্যালোচনা কৰে (Health Ministry meeting over Covid)।
তামিলনাডুৰ স্বাস্থ্য মন্ত্ৰী মা সুব্ৰমনিয়ামে চেন্নাইৰ ৰাজীৱ গান্ধী চিকিৎসালয়ত ক'ভিড-১৯ পৰিচালনাৰ বাবে জৰুৰীকালীন সঁহাৰিৰ বাবে এক মক ড্ৰিল পৰিদৰ্শন কৰে (Covid mockdrills in Tamilnadu)। সংবাদ মাধ্যমৰ সন্মুখত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, তামিলনাডুত নতুনকৈ প্ৰায় ৩৫০ টা ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে ৰাজ্যত ভয়ৰ কোনো কাৰণ নাই বুলি তেওঁ উল্লেখ কৰে । তথাপিও ক'ভিডৰ তৃতীয় আৰু চতুৰ্থ ঢৌৰ প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ আশংকা কৰিছে ।
ইফালে, হাৰিয়ানাৰ ঝাজ্জৰত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত এক ক'ভিড-১৯ৰ মক ড্ৰিলৰ আয়োজন কৰা হয় । মধ্য প্ৰদেশত জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ এটা দলেও ইন্দোৰৰ প্ৰকাশচন্দ্ৰ চেঠী চিকিৎসালয়কে ধৰি কেইবাখনো চিকিৎসালয় পৰিদৰ্শন কৰে ।
ইন্দোৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূৰে সিঙে কয় যে, ইন্দোৰত ৬ৰ পৰা ৭ শতাংশ হাৰত ক'ভিড-১৯ৰ ঘটনা বৃদ্ধি পাইছে । বৰ্তমান, চহৰখনত ৪২ টা সক্ৰিয় ঘটনা আছে আৰু সকলোকে তেওঁলোকৰ ঘৰত চিকিৎসা কৰা হৈছে । আক্ৰান্ত ৰোগীসকলৰ বয়স ২২ ৰ পৰা ৬০ বছৰৰ ভিতৰত । মধ্য প্ৰদেশৰ মন্ত্ৰী বিশ্বাস চাৰঙেও হাস্পতালসমূহ পৰিদৰ্শন কৰিছে ।
মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ক'ভিডৰ ৭৭৮ টা ঘটনা পোহৰলৈ আহিছে । যাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ মুখ্য চিকিৎসালয়সমূহত মক ড্ৰিলৰ আয়োজন কৰা হৈছে । এখন হাস্পতালৰ প্ৰতিষ্ঠাপক ডাঃ পল্লৱী চপলে কয় যে, এগৰাকী পজিটিভ ৰোগীৰ মৌলিক পৰীক্ষা কেনেদৰে কৰিব লাগে সেই বিষয়ে মক ড্ৰিলৰ জৰিয়তে দেখুওৱা হৈছে । অন্তিমটো মক ড্ৰিল তিনি বছৰ পূৰ্বে ২০২০ চনত অনুষ্ঠিত হৈছিল ।
ইফালে যোৱা ৭ এপ্ৰিলত অনুষ্ঠিত এক পৰ্যালোচনা সভাত স্বাস্থ্য মাণ্ডৱিয়াই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকলক চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ আৰু ১০ আৰু ১১ এপ্ৰিলত মক ড্ৰিলৰ তদাৰক কৰিবলৈ আহ্বান জনাইছিল (MoHFW urges to arrange covid mockdrills)। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ সৈতে হোৱা বৈঠকত মাণ্ডৱিয়াই ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) আৰু শ্বাসতন্ত্ৰ সংক্ৰমণ (এছএআৰআই)ৰ প্ৰৱণতা নিৰীক্ষণ কৰি, পৰীক্ষা আৰু টীকাকৰণ বৃদ্ধি কৰাৰ লগতে চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ তৎপৰতা নিশ্চিত কৰি জৰুৰীকালীন হটস্পট চিনাক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।
তেওঁ ক'ভিডৰ উপযুক্ত আচৰণ অনুসৰণ কৰাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল । বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জনোৱা হয় যে বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাই এক নতুন প্ৰকাৰ (ভিঅ'আই), এক্সবিবি.১.৫, আৰু আন ছয়টা প্ৰকাৰ (বিকিউ.১, বি.এ.২.৭৫, চি.এইচ.১.১, এক্স.বি.বি., এক্স.বি.এফ. আৰু এক্স.বি.বি.১.১৬) নিবিড়ভাৱে অনুসৰণ কৰি আছে ।
বৈঠকত এইটোও কোৱা হৈছিল যে ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পৰীক্ষাৰ হাৰ অতি কম । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰীক্ষাৰ হাৰ দ্ৰুততাৰে বৃদ্ধি কৰিবলৈ আৰু পৰীক্ষাত আৰটি-পিচিআৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ।
লগতে পঢ়ক :Health Tips: ৫০-৬০ বছৰ বয়সতো সুস্থ হৈ থাকিব বিচাৰেনে ? তেন্তে অনুসৰণ কৰক এই টিপছ