নিউজ ডেস্ক, ২৮ জানুৱাৰী: মহামাৰী কালচোৱাত ভাৰতে ১৫০ খনতকৈও অধিক দেশক চিকিৎসা সম্বন্ধীয় সামগ্ৰীৰ যোগান ধৰিছে বুলি এই মন্তব্য কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । বুধবাৰে ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰতিষ্ঠানৰ ১৪ সংখ্যক বাৰ্ষিক সন্মিলনত উপস্থিত হৈ জয়শংকৰে সমগ্ৰ ভাৰততে COVID-১৯ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে চুবুৰীয়া ৰাষ্ট্ৰকো এই প্ৰতিষেধক যোগান ধৰিছে । আহিবলগীয়া দিনসমূহত অন্য দেশসমূহকো COVID-১৯ প্ৰতিষেধক যোগান ধৰা হ'ব বুলি কয় । লগতে সামূহিক প্ৰচেষ্টাৰ পৰা বিশ্ব উপকৃত হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে,ভাৰতে কেইবাখনো দেশলৈ শেহতীয়াকৈ বাংলাদেশলৈ ২ নিযুত,ভূটানলৈ ১ লাখ ৫০ হেজাৰ আৰু মালদ্বীপলৈ ১ লাখ প্ৰতিষেধক প্ৰেৰণ কৰিছে । সমান্তৰালকৈ ১ নিযুত প্ৰতিষেধক চুবুৰীয়া দেশ নেপাললৈও প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে ।
ইয়াৰোপৰি তেওঁ কয় যে আগন্তুক দিনবোৰত মহামাৰীৰে মোকাবিলা কৰিবলৈ ভাৰতে বিশ্বব্যাপী কাৰ্যসূচীত আধিপত্য বিস্তাৰ কৰিব । মহামাৰী কালচোৱাত ভাৰতে ১৫০ খনতকৈও অধিক দেশক চিকিৎসা সম্বন্ধীয় সামগ্ৰীৰ যোগান ধৰাত ভাৰত চৰকাৰৰ এই বৃহৎ পদক্ষেপক অন্য দেশসমূহে অনুদান হিচাপে কৃতজ্ঞতা জনাইছে ।
ইফালে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জ' বাইডেন সম্পৰ্কতো এছ জয়শংকৰে কয় যে বাইডেনৰ কাৰ্যকালত আমেৰিকাবাসীৰ লগতে বিশ্ববাসীয়েও বাইডেনৰ শাসনকালত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব । লগতে আমেৰিকাৰ নীতি আৰু উদ্যোসমূহে পুনঃনিৰ্মাণ আৰু পুনৰুজ্জীৱিত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰ সক্ৰিয়ভাৱে আৰু একেৰাহে দুই দশক ধৰি বৈদেশিক নীতিত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । বিশ্বৰ অন্য দেশসমূহৰ সমান্তৰালকৈ আমেৰিকাইও বিশ্বব্যাপী শক্তিৰ পুনৰ সন্তুলনৰ কথা স্বীকাৰ কৰিছে । ই যোৱা দশক ধৰি দ্ৰুতগতিত বৃদ্ধি পাই আহিছে আৰু সম্ভৱতঃ ই অব্যাহত থাকিব ।
লগতে পঢ়ক:কৃষক বিদ্ৰোহঃ ৩৭ গৰাকী কৃষক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ