ETV Bharat / bharat

তেজছকে ধৰি ১৫৬ টা প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিকল্পনা কৰিছে ভাৰতে

author img

By

Published : Feb 4, 2021, 5:57 PM IST

বন্ধুত্পূৰ্ণ সম্পৰ্ক থকা ৰাষ্ট্ৰসমূহলৈ ভাৰতে ৰপ্তানি কৰিব ১৫৬ টা প্ৰতিৰক্ষা সঁজুলি । তেজছ বিমানৰ লগতে আৰ্টিলাৰী বন্দুক, বিস্ফোৰক, টেংক আৰু মিছাইল আৰু অন্যান্য সঁজুলি ৰপ্তানিৰ বাবে বৃহস্পতিবাৰে অনুমোদন জনাইছে ভাৰত চৰকাৰে ।

তেজছকে ধৰি ১৫৬ টা প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিকল্পনা কৰিছে ভাৰতে
তেজছকে ধৰি ১৫৬ টা প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিকল্পনা কৰিছে ভাৰতে

নিউজ ডেস্ক,৪ ফেব্ৰুৱাৰী: বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা ৰাষ্ট্ৰসমূহলৈ ইয়াৰ অস্ত্ৰ ৰপ্তানি বৃদ্ধি কৰাৰ বাবে ভাৰতে বৃহস্পতিবাৰে থলুৱা লাইট কম্বাক্ট বিমান তেজছ, আৰ্টিলাৰী বন্দুক, বিস্ফোৰক, টেংক আৰু মিছাইল, টেংক বিৰোধী খনি আৰু অন্যান্য সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত অনুমোদন জনায় । মুঠতে চৰকাৰে ১৫৬ টা প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিত অনুমোদন জনায় । প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা (ডিআৰডিঅ')ৰ দ্বাৰা মুকলি কৰা হয় ৰপ্তানি কৰিব লগা সামগ্ৰীসমূহৰ তালিকা । তালিকাখনৰ মতে ৰপ্তানিৰ সামগ্ৰী সমূহৰ ভিতৰত আছে ১৯ টা এৰোনটিকেল চিছটেম , ১৬ টা পাৰমাণৱিক জৈৱিক ৰাসায়নিক সঁজুলি, ৪১ টা অস্ত্ৰ আৰু যুদ্ধ প্ৰণালী, ২৮ টা নৌ প্ৰণালী, ২৭ টা ইলেক্ট্ৰনিক আৰু যোগাযোগ প্ৰণালী, ১০ টা জীৱন সুৰক্ষা সামগ্ৰী , চাৰিটা মিছাইল প্ৰণালী, চাৰিটা মাইক্ৰইলেক্ট্ৰনিক সঁজুলি আৰু আন সাতটা সামগ্ৰী।

ইয়াৰ আগতে, আকাশ মিছাইল ৰপ্তানিৰ বাবে অনুমোদন জনোৱা হৈছিল , কিন্তু এতিয়া বিয়ণ্ড ভিজুৱেল ৰেঞ্জ (বিভিআৰ) এয়াৰ টু এয়াৰ মিছাইল এষ্ট্ৰা, এণ্টি-টেংক মিছাইল নাগ আৰু ব্ৰাহ্মোছ অস্ত্ৰ প্ৰণালী ৰপ্তানিৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ ।

চৰকাৰে ইয়াৰ লগতে প্ৰতিৰক্ষা উৎপাদন ৰপ্তানি প্ৰচাৰ আঁচনি ২০২০ অনুসৰি ২০২৫ চনৰ ভিতৰত ৩৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰাৰ লক্ষ্যস্থিৰ কৰিছে । সমান্তৰালকৈ ৰপ্তানি বৃদ্ধি আৰু ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগ গঢ়ি তোলাৰ লক্ষ্যৰে আঁচনিখনে ১ লাখ ৭৫ হাজাৰ কোটি টকা লেনদেনৰ লক্ষ্য আগত ৰাখিছে ।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে তামিলনাডুলৈ উভতিব শশীকলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.