নেশ্যনেল ডেস্ক,১১ মাৰ্চ: ভি-গণতন্ত্ৰ নামৰ এটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে টুইটযোগে কেতবোৰ মন্তব্য প্ৰকাশ কৰে । ভাৰত এতিয়া গণতান্ত্ৰিক দেশ নহয় । ভাৰত এতিয়া পাকিস্তানৰ দৰে এক স্বৈৰাচাৰীৰ দেশ হৈ পৰিছে । বাংলাদেশতকৈ ভাৰত নগণ্য হিচাপে ভি-গণতন্ত্ৰ প্ৰতিষ্ঠানে উক্ত প্ৰতিবেদনত প্ৰকাশ কৰিছিল ।
ভি-গণতন্ত্ৰই ভাৰতক 'নিৰ্বাচনী একনায়কত্ব' থকা দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । ইয়াৰ পাচতে ভাৰত চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবেদনটোক বিভ্ৰান্তিকৰ, মিছা আৰু অন্যায় বুলি নস্যাৎ কৰে । শেহতীয়াকৈ বৃহস্পতিবাৰে ৰাহুল গান্ধীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
লগতে পঢ়ক: মাংগালুৰু বিমানবন্দৰত সোণসহ মহিলা গ্ৰেপ্তাৰ