ETV Bharat / bharat

India Rocket Force: মিছাইলৰ শক্তি বৃদ্ধিত গুৰুত্ব ভাৰতৰ; ২৫০ টা নতুন বেলিষ্টিক মিছাইল ক্ৰয়ৰ প্ৰস্তুতি - Pralay ballistic missile

প্ৰায় ২৫০ নতুন প্ৰলয় বেলিষ্টিক মিছাইল ক্ৰয়ৰ প্ৰস্তুতি চলাইছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে (India to order Pralay ballistic missile)। সশস্ত্ৰ বাহিনীৰ বাবে ৭,৫০০ কোটি টকাৰ মিছাইলৰ আৰু দুটা ইউনিট ক্ৰয় কৰাৰ বাবে সাজু হৈছে চৰকাৰ । বিগত বছৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ু সেনাৰ বাবে এই মিছাইলৰ এটা ইউনিটত অনুমোদন জনাইছিল ।

India moving towards creating Rocket Force
মিছাইলৰ শক্তি বৃদ্ধিত গুৰুত্ব ভাৰতৰ
author img

By

Published : Apr 16, 2023, 11:49 AM IST

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : এক শক্তিশালী ৰকেট ফ'ৰ্চ বা বাহিনী প্ৰস্তুত কৰাৰ দিশে আগবাঢ়িছে ভাৰত (India moving towards creating Rocket Force)। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে শীঘ্ৰে অৰ্ডাৰ কৰিব ৭,৫০০ কোটি টকাৰ প্ৰলয় বেলিষ্টিক মিছাইলৰ আৰু দুটা ইউনিট । যোৱা বছৰ ডিচেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ু সেনাৰ বাবে এই মিছাইলবোৰৰ এটা ইউনিটত অনুমোদন জনাইছিল । উত্তৰ সীমান্তৰ ভাবুকিৰ পৰা ৰক্ষা পাবলৈ ভাৰতৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে (India to order Pralay ballistic missile)।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰৰ মতে প্ৰতিৰক্ষা বাহিনীৰ বাবে অতিৰিক্ত ২৫০ প্ৰলয় বেলিষ্টিক মিছাইলত অনুমোদন দিয়া হৈছে (Pralay ballistic missile)। ইয়াৰ দ্বাৰা তিনিওটা বাহিনী অধিক শক্তিশালী হ'ব । ৰকেট ফ'ৰ্চ বনোৱাৰ বাবে এই বৃহৎ পদক্ষেপ লোৱা হৈছে বুলিও সূত্ৰই প্ৰকাশ কৰিছে (India to acquire Pralay ballistic missiles)।

প্ৰলয় বেলিষ্টিক মিছাইলে ১৫০ ৰ পৰা ৫০০ কিলোমিটাৰ গতি বেগত লক্ষ্যত উপনীত হ’ব পাৰে আৰু শত্ৰুৱে ইয়াক বাধা দিয়াটো অত্যন্ত কঠিন হৈ পৰে । এই মিছাইল প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হয় । বিষয়াসকলে এক শক্তিশালী সামৰ্থ্য প্ৰদান কৰিবলৈ এই মিছাইলবোৰৰ পৰিসৰ আৰু কেইশ কিলোমিটাৰ বৃদ্ধি কৰিবলৈ কাম কৰি আছে । ভাৰতৰ তীব্ৰ প্ৰতিদ্বন্দী চীন আৰু পাকিস্তানৰো বেলিষ্টিক মিছাইল আছে ।

এই মিছাইল ২০১৫ চনৰ আশে পাশে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশেষ স্থান লাভ কৰিছিল । এই ক্ষেত্ৰত প্ৰাক্তন জেনেৰেল বিপিন ৰাৱাটে চিঅএএছ হিচাপে থকাৰ সময়ত জোৰ দিছিল । প্ৰলয় বেলিষ্টিক মিছাইল এক কঠিন প্ৰপেলেন্ট ৰকেট মটৰ আৰু অন্যান্য নতুন প্ৰযুক্তিৰ দ্বাৰা ই চালিত । মিছাইল নিৰ্দেশনা প্ৰণালীত অত্যাধুনিক নেভিগেশ্বন আৰু ইণ্টিগ্ৰেটেড এভিওনিক্স অন্তৰ্ভুক্ত আছে । মিছাইলটো প্ৰথমে ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হ'ব আৰু তাৰ পাচত ভাৰতীয় সেনাই অন্তৰ্ভুক্ত কৰিব ।

লগতে পঢ়ক :Karnataka Election 2023: বিজেপিত অন্তঃকন্দল; টিকট বঞ্চিত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ পদত্যাগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.