নিউজ ডেস্ক, 27 ডিচেম্বৰ : পাকিস্তানৰ পৰা হৈ থকা অস্ত্ৰৰ সৰবৰাহ ৰোধ কৰিবলৈ বিশেষ প্ৰযুক্তিৰে সংযুক্ত কৰা হয় সীমা সুৰক্ষা বল চমুকৈ বিএছএফক ৷ ড্ৰোণৰ সহায়ত অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীয়ে ভাৰতৰ পশ্চিম সীমান্তক লক্ষ্য কৰি লোৱাৰ পিচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ড্ৰোণৰ গতিবিধি ৰোধ কৰাৰ লগতে তাৰ ওপৰত নজৰ ৰাখিবলৈ বিএছএফক এন্টি ৰেডিঅ’ কম্পনাংক ট্ৰান্সমিছন প্ৰযুক্তি প্ৰদান কৰা হয় ৷ চোৰাংচোৱা সংস্থাই প্ৰদান কৰা সাৱধানবানীৰ পিচতেই বিএছএফক এই প্ৰযুক্তি প্ৰদান কৰা হয় আৰু ইয়াৰ লাইভ ট্ৰায়েল ইতিমধ্যে সফলতাপূৰ্বক সম্পন্ন কৰা হৈছে ৷
লগতে পঢ়ক : ৰাজস্থানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী
সমগ্ৰ দিশটোৰ সৈতে জড়িত থকা চোৰাংচোৱা সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত বিএছএফে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিছে ৷ ইয়াৰ লাইভ ট্ৰায়েল সম্পন্ন হোৱাৰ পিচতেই পাইটল ৰান সম্পন্ন কৰিবলৈ আগবাঢ়িছে বিএছএফ ৷
লগতে পঢ়ক : পঞ্জাৱৰ ভাৰত-পাক সীমান্তত সীমা সুৰক্ষা বলৰ গুলীত ২ সন্ত্ৰাসবাদী নিহত
এই প্ৰযুক্তিৰ সহায়ত বিএছএফে ড্ৰোণক দুৰৰ পৰা নিয়ন্ত্ৰণ কৰাৰ লগতে ইয়াক চিনাক্ত কৰি ধ্বংস কৰিবলৈ সক্ষমতা লাভ কৰিব ৷ সমগ্ৰ প্ৰক্ৰিয়াটো তাঁৰবিহীনভাৱে কেৱল মাত্ৰ উচ্চ ক্ষমতাসম্পন্ন ৰেডিঅ’ কম্পনাংক ব্যৱহাৰ কৰিয়ে সম্পন্ন কৰা হ’ব ৷ বৰ্তমান সময়ৰ যুদ্ধনীতিত ড্ৰোণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ভাৰতে ইতিমধ্যে ড্ৰোণ প্ৰযুক্তিৰ ওপৰত গৱেষণা আৰম্ভ কৰাৰ লগতে বহুটো সফলতা লাভ কৰিছে ৷ আমেৰিকা আৰু ইজৰাইলৰ পৰা ভাৰতে বহুকেইখন উচ্চ প্ৰযুক্তিসম্পন্ন ড্ৰোণ লাভ কৰিছে আৰু নৌ-সেনাৰ লগতে বায়ুসেনাই ইয়াক ব্যৱহাৰ কৰি আহিছে ৷ এনএছজি আৰু ভাৰতীয় স্থলসেনাৰ বিশেষ বাহিনীয়ে ইজৰাইলত নিৰ্মিত ড্ৰোণ প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে ৷ নীতি আয়োগৰ তথ্য অনুসৰি আগন্তুক 15 বৰ্ষত ভাৰতে ড্ৰোণ প্ৰযুক্তিত 50 আৰৱ ডলাৰ খৰচ কৰিবলৈ আগবাঢ়িছে ৷
লগতে পঢ়ক : ভাৰত-পাক সীমান্তত ভূ-পতিত পাকিস্তানী ড্ৰ’ণ
দেশৰ পশ্চিম সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা বিএছএফে সীমান্তত উদ্ভৱ হোৱা সমস্যাৰ সমাধানৰ বাবে এতিয়াৰে পৰা ড্ৰোণ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ সমান্তৰালকৈ ড্ৰোণ প্ৰতিৰোধী প্ৰযুক্তিৰ ওপৰতো কাম কৰিব ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তত্বাৱধানত বিএছএফে ইয়াৰ ওপৰত কাম আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ লাভ কৰা এন্টি ৰেডিঅ’ কম্পনাংক ট্ৰান্সমিছনযুক্ত বিশেষ প্ৰযুক্তিয়ে বাহিনীটোক পাকিস্তান সীমান্তৰ সিপাৰৰ পৰা হোৱা ভাৰত-বিৰোধী কাৰ্যকলাপ ৰোধ কৰাত মুখ্য ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে ৷
লগতে পঢ়ক : এণ্টি ড্ৰোণ চিষ্টেম ক্ৰয়ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ ভাৰতীয় নৌসেনা বাহিনীৰ