ETV Bharat / bharat

Covid 19 update in India : দেশত নতুনকৈ আক্ৰান্ত ৭,৫৭৯ গৰাকী - India's recovery rate 98.32

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি (covid information from central health and family walefair ministry), সোমবাৰে দেশত নতুনকৈ ৭,৫৭৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । এটা দিনতে ভাৰতত ৭১,৯২,১৫৪ গৰাকী লোকে গ্ৰহণ কৰিছে ক'ভিড প্ৰতিষেধকৰ পালি ।

India
দেশত নতুনকৈ আক্ৰান্ত ৭৫৭৯ গৰাকী
author img

By

Published : Nov 23, 2021, 2:04 PM IST

Updated : Nov 23, 2021, 2:16 PM IST

নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : দেশত ক'ভিড 19 ৰ সংক্ৰমণ নিম্নগামী হৈছে । যোৱা ২৪ ঘণ্টাত ভাৰতত ৭,৫৭৯ গৰাকী লোক নতুনকৈ ক'ভিড 19 ত আক্ৰান্ত হৈছে (7579 person tested covid possitive in last 24 hours) । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৫৩৮ দিনৰ ভিতৰত দৈনিক আক্ৰান্তৰ সংখ্যা আটাইতকৈ কম হৈছে ।

একে সময়তে ২৩৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে (236 person died of covid)। ইয়াৰ লগে লগে সমগ্ৰ দেশতে মৃত্যুৰ সংখ্যা ৪,৬৬,১৪৭ লৈ বৃদ্ধি পাইছে । যোৱা ২৪ ঘণ্টাত ১২,২০২ গৰাকী ৰোগী আৰোগ্য হোৱাৰ ফলত ইয়াৰ সংখ্যা ৩,৩৯,৪৬,৭৪৯ লৈ বৃদ্ধি হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সম্প্ৰতি ভাৰতত আৰোগ্যৰ হাৰ হৈছে ৯৮.৩২ শতাংশ (India's recovery rate 98.32)। এই সংখ্যা যোৱা ২০২০ চনৰ মাৰ্চৰ পাছত সৰ্বাধিক । দেশত সক্ৰিয় কৰ'ণা ৰোগীৰ সংখ্যা হৈছে ১,১৩,৫৮৪ গৰাকী । বৰ্তমান দেশৰ সক্ৰিয় ঘটনাবোৰ মুঠ আক্ৰান্তৰ সংখ্যাৰ মাত্ৰ ০.৩৩ শতাংশ ।

বিগত এটা দিনত সমগ্ৰ দেশতে মুঠ ৭,৮৩,৫৬৩ টা নমুনা পৰীক্ষা কৰা হৈছে । চৰকাৰী তথ্য অনুসৰি দেশত এতিয়ালৈ মুঠ ৬৩.৩৪ কোটি ক'ভিডৰ নমুনা পৰীক্ষা কৰা হৈছে । ইফালে, দেশত সাপ্তাহিক আক্ৰান্তৰ হাৰ (weekly positivity rate of covid) ০.৯৩ শতাংশ আৰু যোৱা ৬০ দিন ধৰি ই ২ শতাংশতকৈও কম হৈ আছে । দৈনিক আক্ৰান্তৰ হাৰ হৈছে ০.৭৯ শতাংশ, যি যোৱা ৫০ দিনৰ ভিতৰত ২ শতাংশৰ তলত আছে ।

সমান্তৰালকৈ দেশত টীকাকৰণ (Covid Vaccination drive in india) অভিযান অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত ভাৰতত ৭১,৯২,১৫৪ গৰাকী লোকে গ্ৰহণ কৰিছে ক'ভিড প্ৰতিষেধকৰ পালি । সোমবাৰে পুৱালৈকে ভাৰতত মুঠ ১১৭.৬৩ কোটি প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: COVID-19 Update: দৈনিক আঢ়ৈ শতাধিককৈ ক'ভিড পজিটিভ

Last Updated : Nov 23, 2021, 2:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.