ETV Bharat / bharat

পেৰিছ চুক্তিত অগ্ৰগতিৰ দিশে ভাৰত

author img

By

Published : Dec 13, 2020, 3:50 PM IST

"ভাৰতৰ সৌৰ ক্ষমতা 2022 চনৰ পূৰ্বে 175 গিগাৱাটত উপস্থিত হ’ব ৷ ইয়াৰ উপৰিও আমাৰ হাতত আৰু অধিক উচ্চাকাংক্ষী লক্ষ্য আছে ভাৰতৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা 450 গিগাৱাটলৈ বৃদ্ধি কৰা ৷ আমি ভাৰতৰ বনাঞ্চল বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছো" : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

India is poised to make much progress on solar energy, expected to reach 2 degrees reduction: Expert on Paris climate change agreement
পেৰিচ চুক্তি সন্দৰ্ভত অগ্ৰগতি লাভৰ বাবে সাজু ভাৰত

নেশ্যনেল ডেস্ক,13 ডিচেম্বৰঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰতে কেৱল পেৰিছ চুক্তিৰ লক্ষ্যসমূহত উপনীত হোৱাই নহয় এই চুক্তিক অকল্পনীয়ভাৱে পাৰ কৰিবলৈয়ো সক্ষম হ’ব ৷ লেণ্ডমাৰ্ক পেৰিছ চুক্তিৰ পঞ্চম বৰ্ষপুৰ্তি উপলক্ষে অনুষ্ঠিত জলবায়ু উচ্চাকংক্ষা সন্মিলন সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়,"ভাৰতে ইয়াৰ প্ৰদূষণ নিৰ্গমনৰ পৰিমাণ 21 শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে ৷ আমাৰ সৌৰ ক্ষমতা যি 2014 চনত 2.63 গিগাৱাটৰ আছিল 2020 চনত ই হয়গৈ 36 গিগাৱাট ৷ আনহাতে, আমাৰ নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বিশ্বৰ ভিতৰত চতুৰ্থ ৷"

তেখেতে আৰু কয়, ভাৰতৰ সৌৰ ক্ষমতা 2022 চনৰ পূৰ্বে 175 গিগাৱাটত উপনীত হ’ব ৷ ইয়াৰ উপৰিও আমাৰ হাতত আৰু অধিক উচ্চাকাংক্ষী লক্ষ্য আছে ভাৰতৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা 450 গিগাৱাটলৈ বৃদ্ধি কৰা ৷ আমি ভাৰতৰ বনাঞ্চল বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছো ৷

বিশ্ব মানচিত্ৰত ভাৰতে দুটা প্ৰধান পদক্ষেপ গ্ৰহণ কৰিছে-The International Solar Alliance আৰু Coalition for Disaster Resilient Infrastructure ৷ এই সন্দৰ্ভত ইটিভি ভৰতৰ সৈতে সাক্ষাৎকাৰত JNUৰ Centre for East Asian Studiesৰ অধ্যাপক শ্ৰীকান্ত কোন্দাপাল্লীয়ে কয়, প্ৰথম অৱস্থাত ভাৰত আৰু BASIC (Brazil, South Africa India and China) ই উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত ‘সমান কিন্তু দায়িত্বৰ বিভিন্নতা’ৰ ওপৰত এটি প্ৰস্তাৱ উত্থাপন কৰে ৷ এই প্ৰস্তাৱ যৌথ হোৱাৰ লগতে কিয়োটো প্ৰট’কলৰ দ্বাৰা পৰামৰ্শ প্ৰদান কৰা হ’ব লাগিব ৷ দ্বিতীয়তে, প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে উন্নত আৰু উন্নয়নশীল দেশসমূহে প্ৰযুক্তি ভগাই লোৱা প্ৰয়োজন ৷

এই সন্মিলনখন মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, চিলি আৰু ইটালীয়ে যৌথভাৱে অনুষ্ঠিত কৰে ৷ যিহেতু বিশ্বই COP26ৰ দিশে খোজ আগবঢ়াইছে তেনে ক্ষেত্ৰত এই সন্মিলনখনে COP26ৰ দিশে আৰু এখোজ আগুৱাই যোৱাৰ যৌথ প্ৰচেষ্টাত সহায়ক হ’ব ৷ এই সন্মিলনখনে প্ৰতিখন ৰাষ্ট্ৰৰে নেতা সকলক পেৰিছ চুক্তিৰ অধীনত নতুন উচ্চকাংক্ষী নতুন প্ৰতিশ্ৰুতিসমূহ দাঙি ধৰিবলৈ এখন মঞ্চ প্ৰদান কৰিব ৷

উল্লেখ্য যে, কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে, জলবায়ু পৰিৱৰ্তন এদিনতে সৃষ্টি হোৱা সমস্যা নহয় ৷ বিগত 100 বছৰৰ পৰিৱৰ্তনৰ ফলত বৰ্তমান সময়ত ই আৰু অধিক গুৰুতৰ হৈ পৰিছে ৷ তেখেতে কয় যে, ভাৰত এই ক্ষেত্ৰত আমেৰিকা, ইউৰোপ আৰু চীনতকৈ অধিক উন্নত ৷ ভাৰতে মুঠ নিৰ্গমনৰ 3 শতাংশহে প্ৰদূষণৰ সৃষ্টি কৰে ৷ ইয়াৰ বিপৰীতে আমেৰিকাই 25 শতাংশ, ইউৰোপে 22 শতাংশ আৰু চীনে 13 শতাংশ প্ৰদূষণৰ সৃষ্টি কৰে ৷ আমি জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত যদিও দায়ী নহয় কিন্তু এখন দায়িত্বশীল ৰাষ্ট্ৰ হিচাপে আমি এই বৈশ্বিক সমস্যাটো সমাধানৰ বাবে অন্য ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা কৰিছো বুলিও কয় প্ৰকাশ জাৱেদকাৰে ৷

সমান্তৰালকৈ শনিবাৰে পেৰিচ চুক্তিত পুনৰ অন্তৰ্ভূক্ত হোৱাৰ বাবে শপত গ্ৰহণ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷ চলিত বৰ্ষৰ 4 নৱেম্বৰত ভূতপূৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আহ্বান মৰ্মে আমেৰিকাই এই চুক্তিৰ পৰা নিজৰ নাম কৰ্তন কৰিছিল ৷

লগতে পঢ়ক-টিআৰপি সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ ৰিপাব্লিকৰ চিইঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.