ETV Bharat / bharat

BJYM session in Dharamshala: বিজেপিৰ অনুষ্ঠানত উপস্থিত নাথাকে ৰাহুল দ্ৰাবিড়

author img

By

Published : May 10, 2022, 7:47 PM IST

বিজেপিৰ যুৱ মৰ্চাৰ ধৰমশালাত হ’বলগীয়া কেন্দ্ৰীয় কাৰ্যনিবাহক (BJYM session in Dharamshala) সন্মিলনত উপস্থিত নাথাকে ৰাহুল দ্ৰাবিড় ৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক মিছা আখ্যা ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৰাকীৰ (Dravid refutes media reports about him joining BJYM session) ৷

Rahul Dravid says not joining BJP event in Himachal Pradesh

নিউজ ডেস্ক, 10 মে’: ধৰমশালাত অনুষ্ঠিত হ’ব লগীয়া বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক কমিটিৰ সন্মিলনত অংশ ল’ব বুলি ওলোৱা এক খবৰক মঙলবাৰে নস্যাৎ কৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে (Dravid refutes media reports about him joining BJYM session) ৷ একাংশ সংবাদ মাধ্যমে অহা 12 ৰ পৰা 15 মে’লৈ প্ৰশিক্ষকগৰাকী হিমাচলৰ ধৰমশালাৰ এই অনুষ্ঠানত (BJYM session in Dharamshala) উপস্থিত থাকিব বুলি এক বাতৰি প্ৰকাশ কৰিছিল ৷ দ্ৰাবিড়ে এই বাতৰিক অসত্য বুলি দাবী কৰিছে ৷

ধৰমশালাৰ বিজেপি বিধায়ক বিশাল নেহৰিয়াই দাবী কৰিছিল য়ে, দ্ৰাবিড়ে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক কমিতিৰ সন্মিলনত অংশ গ্ৰহণ কৰিব ৷ অহা 12 মে’ৰ পৰা 15 মে’লৈ হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হ’ব বিজেপি যুৱ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিবাহকৰ সন্মিলন ৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ লগতে হিমাচল প্ৰদেশৰো বহুকেইগৰাকী বিজেপি নেতা উপস্থিত থাকিব এই সন্মিলনত ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে বহুকেইগৰাকী কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী উপস্থিত থাকিব এই অনুষ্ঠানত ৷ বিধায়ক নেহেৰিয়াই দাবী কৰিছিল যে, ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো এই অনুষ্ঠানত উপস্থিত থাকিব আৰু ৰাহুল দ্ৰাবিড়ৰ উপস্থিতিয়ে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা যুৱ প্ৰজন্মলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰিব ৷ কিন্তু শেহতীয়াকৈ এই বাতৰিক অস্বীকাৰ কৰিছে ৰাহুল দ্ৰাবিড়ে ৷

লগতে পঢ়ক : শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব AFSPA : অমিত শ্বাহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.