নেশ্যনেল ডেস্ক, ১০ মে': দেশত কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশে সম্প্ৰতি ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ ভাৰতত সৃষ্টি হোৱা এই সংকটৰ সময়ত এতিয়া ভাৰতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিশ্বৰ বহু দেশ ৷ বিভিন্ন দেশে সম্প্ৰতি ভাৰতলৈ অক্সিজেনৰ লগতে অন্যান্য চিকিৎসা তথা সাহাৰ্য সামগ্ৰী আগবঢ়াই আহিছে ৷ যোৱা ১৩ দিনত ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ পৰা তিনি লাখ ৰেমডেচিবিৰ ভাইল, ৬,৭৩৮ টা অক্সিজেন কনচেনট্ৰেটৰ, ৩,৮৫৬ টা অক্সিজেন চিলিণ্ডাৰ আৰু ১৬ টা অক্সিজেন প্লান্ট লাভ কৰিছে বুলি দেওবাৰে এক চৰকাৰী বিবৃতিযোগে প্ৰকাশ কৰা হৈছে ।
বিগত ২৭ এপ্ৰিলৰ পৰা ৮ মে’লৈকে মুঠ ৪,৬৬৮ টা ভেণ্টিলেটৰ বা বি আই পি এ পি অন্য দেশৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল । শনিবাৰে কানাডা, থাইলেণ্ড, নেডাৰলেণ্ড, অষ্ট্ৰিয়া, চেক গণৰাজ্য, ইজৰাইল, আমেৰিকা, জাপান, মালয়েছিয়া, আমেৰিকা (জিআইএলইডি), আমেৰিকা (চেলচফৰ্চ) আৰু থাইলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ৰ পৰা লাভ কৰা মুখ্য সামগ্ৰীবোৰৰ ভিতৰত আছে ২,৪০৪ অক্সিজেন কনচেনট্ৰেটৰ, ২৫,০০০ ৰেমডেচিবিৰ ভাইল, ২১৮ ভেণ্টিলেটৰ আৰু ৬,৯২,২০৮ পৰীক্ষামূলক কিট ।
বিদেশৰ পৰা অহা ক’ভিড সাহায্য সামগ্ৰীৰ ৰচিদ আৰু আৱণ্টনৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক সমন্বয় কোষ সৃষ্টি কৰিছে । এই কোষটোৱে যোৱা ২৬ এপ্ৰিলৰ পৰা কাম কৰা আৰম্ভ কৰে । স্বাস্থ্য মন্ত্ৰালয়ে ২ মে'ৰ পৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া প্ৰস্তুত কৰি কাৰ্যকৰী কৰিছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে । বিবৃতি অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ভাৰতে লাভ কৰা সামগ্ৰীসমূহৰ কাৰ্যকৰী আৱণ্টন আৰু তাৎক্ষণিক বিতৰণৰ বাবে এক সুশৃংখল প্ৰণালী প্ৰস্তুত কৰিছে ।
বিগত ২৭ এপ্ৰিলৰ পৰা ভাৰতে বিভিন্ন দেশ আৰু সংগঠনৰ পৰা ক’ভিড সম্পৰ্কীয় চিকিৎসা সামগ্ৰী আৰু সঁজুলিৰ আন্তঃৰাষ্ট্ৰীয় সাহায্য লাভ কৰি আহিছে । দেওবাৰে এইমছৰ সঞ্চালক, অধ্যাপক ৰণদ্বীপ গুলেৰিয়াই দেশসমূহক ক’ভিড সাহাৰ্য প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ।
লগতে পঢ়ক: সীতাপুৰ হাস্পতালৰ পৰা লক্ষ্ণৌ হাস্পতাললৈ স্থানান্তৰ আজাম খান আৰু তেওঁৰ পুত্ৰ