নিউজ ডেস্ক, ২৯ জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেডকাৰ আৰু ফ্ৰান্সৰ পৰিৱেশ পৰিৱৰ্তন মন্ত্ৰী বৰবাৰাই পম্পীলীয়ে শুকুৰবাৰে ভাৰত-ফ্ৰান্স পৰিৱেশ বৰ্ষৰ শুভাৰম্ভণি কৰে । ইয়াৰ মুখ্য উদ্দেশ্য হৈছে বহনক্ষম বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা শক্তিশালী কৰা । বিশ্বব্যাপী পৰিৱেশ সুৰক্ষাৰ হকে কাৰ্য পৰিকল্পনা কৰাৰ বাবে এই পৰিৱেশ বৰ্ষৰ শুভাৰম্ভণি কৰা হয় ।
বৰবাৰাৰ প্ৰথম ভাৰত ভ্ৰমণত তেওঁক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী জাভেডকাৰে জলবায়ু পৰিৱৰ্তনৰ দিশত কৰা কামৰ প্ৰতি দৃষ্টি ৰাখি ভাৰত-ফ্ৰান্স মিত্ৰজোঁটৰ ওপৰত আলোচনা কৰে । "প্ৰধানমন্ত্ৰী মোডীয়ে আৰম্ভ কৰা আন্তৰ্জাতিক সৌৰ মিত্ৰজোঁটৰ দুটা মুখ্য স্তম্ভ আমি । বিশ্বব্যাপী পৰিৱেশ সুৰক্ষাৰ দিশত দুয়োখন দেশৰ মাজত এই মিত্ৰতা বিশ্বৰ আন দেশসমূহৰ বাবে বহনক্ষম বিকাশৰ ক্ষেত্ৰত অধিক কাৰ্যকৰী আৰু দক্ষতাৰে কাম কৰাৰ এক উদাহৰণ হৈ পৰিব" এই মন্তব্য আগবঢ়ায় জাভেডকাৰে ।
ভাৰতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশেৰে আগবাঢ়িছে । ইতিমধ্যে জলবায়ু পৰিৱৰ্তনৰ বাবে উগদীৰণৰ তীব্ৰতা ২৬ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে লগতে ভাৰতে বহনক্ষম বিকাশৰ ক্ষেত্ৰত দুয়ো দেশে শক্তিশালীভাৱে সহযোগিতা আগবঢ়াব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
ইফালে বৰবাৰাই পম্পীলীয়ে কয় যে বহনক্ষম বিকাশৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ অন্য দেশসমূহকো অনুপ্ৰাণিত কৰিব পাৰে ।
ভাৰত-ফ্ৰান্স পৰিৱেশ বৰ্ষত পাঁচটা মূল বিষয় থাকিব । সেইকেইটা ক্ৰমে পৰিৱেশ সুৰক্ষা, জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বহনক্ষম নগৰ উন্নয়ন আৰু নৱীকৰণযোগ্য শক্তি আৰু শক্তি দক্ষতাৰ বিকাশ ।
উল্লেখ্য যে, এই অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে ফ্ৰান্সৰ প্ৰতিনিধি মণ্ডলৰ লগতে ভাৰতৰ সংশ্লিষ্ট মন্ত্ৰী আৰু বিষয়াসকলৰ মাজত এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত দুয়ো দেশৰ প্ৰতিনিধিসকলে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্য, নীলা অৰ্থনীতি, আন্তৰ্জাতিক সৌৰ মিত্ৰতা আদিৰ বিষয়বোৰ আলোচনা কৰে ।