ETV Bharat / bharat

দেশত অক্সিজেনৰ নাটনি ... - ক'ভিড ৰোগী

সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই কালৰূপ ধাৰণ কৰিছে । ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত ক'ভিড ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হৈছে । অক্সিজেনৰ অভাৱৰ ফলত ভয়াবহ দিশে গতি কৰিছে ক'ভিড ৰোগীসকলৰ জীৱন ।

দেশত নাটনি হৈছে অক্সিজেন
দেশত নাটনি হৈছে অক্সিজেন
author img

By

Published : Apr 19, 2021, 4:16 PM IST

নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: সমগ্ৰ দেশতে ক'ভিড-19 অতিমাৰীয়ে কালৰূপ ধাৰণ কৰাৰ মাজতে দেশৰ কেইবাখনো ৰাজ্যত ক'ভিড ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হৈছে ৷ অক্সিজেনৰ অভাৱৰ ফলত ক'ভিড ৰোগীসকলৰ জীৱন ক্ৰমাৎ ভয়াবহ দিশে গতি কৰাৰ আশংকা কৰা হৈছে ৷ ভাৰতত এদিনত অক্সিজেনৰ চাহিদা হৈছে ২,০০০ মেট্ৰিক টন । কিন্তু, প্ৰতিদিনে দেশত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগ লগে অক্সিজেনৰ অভাৱ ঘটিছে ৷

আচলতে কি হয় চিকিৎসা অক্সিজেন ?

  • আধুনিক ঔষধ-প্ৰণালীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, জীৱন ৰক্ষাকাৰী উপাদানবোৰৰ ভিতৰত অক্সিজেন হৈছে অন্যতম ।
  • ইয়াক ১৮০০ দশকৰ পৰা ঔষধত ব্যৱহাৰ কৰি অহা হৈছে ।
  • ক'ভিড-১৯ ৰ চিকিৎসাত অক্সিজেন এক অত্যাৱশ্যকীয় ঔষধ ।
    দেশত নাটনি হৈছে অক্সিজেন
    দেশত অক্সিজেনৰ নাটনি

ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হয়?

  • শ্বাস-প্ৰশ্বাসৰ জটিলতা, হৃদযন্ত্ৰৰ ৰোগ, হঠাতে পোৱা আঘাত, কাৰ্বন মনোক্সাইড বিষক্ৰিয়া আৰু গুৰুতৰ ৰক্তক্ষৰণৰ দৰে স্থিতিত অক্সিজেন পুনৰুদ্ধাৰ কৰিবলৈ চিকিৎসা অক্সিজেন ব্যৱহাৰ কৰা হয় ।
  • কোনো জটিল দুৰ্ঘটনা সম্পৰ্কীয় ঘটনাতো ইয়াক ব্যৱহাৰ কৰা হয় । আনকি আধুনিক এনাস্থেটিক কৌশলবোৰো চিকিৎসা অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল
    দেশত নাটনি হৈছে অক্সিজেন
    দেশত অক্সিজেনৰ নাটনি

অক্সিজেন চিলিণ্ডাৰৰ অভাৱৰ বিষয়ে বিশেষজ্ঞসকলে কি কয়?

  • প্ৰতিদিনে ভাৰতত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত অক্সিজেনৰ অভাৱ ঘটাত বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে ।
  • অক্সিজেন চিলিণ্ডাৰৰ ক'লা বেহাও বৃদ্ধি পাইছে ।
  • ইফালে, একাংশই কৈছে যে অক্সিজেনৰ পৰিমাণ হ্ৰাস হোৱাত কোনো সমস্যা হ'ব নোৱাৰে ।

২০২১ চনত ভাৰতত অক্সিজেনৰ উৎপাদন আৰু যোগান শৃংখলা

বৰ্তমান মহাৰাষ্ট্ৰত (৮০০), গুজৰাটত (৪৭২), মধ্য প্ৰদেশত (২৬৭), উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু দিল্লীৰ পাছতে ছত্তীশগড়, পঞ্জাৱ আৰু ৰাজস্থানৰ দৰে ৰাজ্যসমূহে সৰ্বাধিক চিকিৎসা অক্সিজেন গ্ৰহণ কৰি আছে ।

ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহ

  • ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰক নিকটৱৰ্তী ৰাজ্যসমূহৰ পৰা অক্সিজেন যোগান ধৰাৰ বাবে অনুৰোধ জনাইছে ।
  • যদি প্ৰয়োজন হয় চৰকাৰে অক্সিজেন ব্যৱহাৰ কৰা উদ্যোগবোৰ বন্ধ কৰিবলৈ পদক্ষেপ ল'ব পাৰে কিন্তু অক্সিজেনৰ যোগান প্ৰভাৱান্বিত হ'বলৈ নিদিয়ে ।
  • অক্সিজেনৰ অভাৱৰ বাবে বিভিন্ন প্ৰযুক্তিৰ ওপৰতো চৰকাৰে কাম কৰি আছে ৷
  • মহাৰাষ্ট্ৰ চৰকাৰে অক্সিজেন প্ৰস্তুতকাৰীসকলক ঔদ্যোগিক ব্যৱহাৰৰ বাবে অক্সিজেনৰ যোগান ধৰাৰ পৰিৱৰ্তে কেৱল চিকিৎসাৰ বাবেহে অক্সিজেন যোগান ধৰিবলৈ আহ্বান জনাইছে ।
  • কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰসমূহে বায়ু সেনাৰ বিমানেৰে ৰাজ্যসমূহত কৰ'ণা ৰোগীসকলৰ বাবে চিলিণ্ডাৰ যোগান ধৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক: দিল্লীত এসপ্তাহৰ বাবে লকডাউন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.