ETV Bharat / bharat

India expels Canadian diplomats: ২৪ ঘণ্টাৰ ভিতৰতে কানাডাক তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 2:09 PM IST

ভাৰত আৰু কানাডৰ মাজত এক শীতল কূটনৈতিক যুদ্ধ আৰম্ভ ! কানাডাই ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতেও বহিষ্কাৰ কৰিলে এগৰাকী কানাডিয়ান জ্যেষ্ঠ কূটনীতিবিদক । কূটনীতিবিদজনক ৫ দিনৰ ভিতৰত ভাৰত এৰিবলৈও নিৰ্দেশ ।

India expels Canadian diplomats
২৪ ঘণ্টাৰ ভিতৰতে কানাডাক তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কত ফাঁট মেলিছে । কানাডাই সোমবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছিল । তাৰ প্ৰত্যুত্তৰত ভাৰতেও এগৰাকী জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে । লগতে তেওঁক ৫ দিনৰ ভিতৰত ভাৰত এৰিবলৈও নিৰ্দেশ দিছে ।

কানাডাত শিখ সমৰ্থক হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ পাছৰে পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কত কিছু দূৰত্ব বাঢ়িছে । শেহতীয়াকৈ কানাডাই শিখ নেতাগৰাকীৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগ কৰিছে । কানাডাৰ প্ৰধানমন্ত্ৰীয়ে সংসদত এই গুৰুতৰ অভিযোগ কৰিছে । আনহাতে, এই হত্যাকাণ্ডত ভাৰতীয় কূটনীতিবিদ জড়িত থকাৰ অভিযোগ কৰি তেওঁক বহিষ্কাৰো কৰিছে । কানাডা চৰকাৰৰ এনে পদক্ষেপৰ পাছতে ভাৰতত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ।

ভাৰত চৰকাৰেও এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কানাডাৰ অভিযোগ অস্বীকাৰ কৰাৰ লগতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাৰ উচ্চায়ুক্তক দিল্লীলৈ মাতি পঠিয়াইছে ।

আনহাতে মন্ত্ৰালয়ে ভাৰতত এগৰাকী জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছে । কানাডাৰ উচ্চায়ুক্তক জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে । আনহাতে সেই কূটনীতিবিদজনক অহা ৫ দিনৰ ভিতৰত ভাৰত এৰি যাবলৈও কোৱা হৈছে ।

এই সিদ্ধান্তই আভ্যন্তৰীণ বিষয়ত কানাডিয়ান কূটনীতিবিদসকলৰ হস্তক্ষেপ আৰু ভাৰত বিৰোধী কাৰ্যকলাপত তেওঁলোক জড়িত হোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ বৰ্ধিত উদ্বেগ প্ৰতিফলিত কৰিছে ।

উল্লেখ্য যে, খালিস্তানী সমৰ্থক হৰদীপ সিং নিজ্জাৰক ১৮ জুনত ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ এটা শিখ সাংস্কৃতিক কেন্দ্ৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল । কানাডা চৰকাৰে এই হত্যাকাণ্ড গোচৰৰ তদন্ত কৰি আছে । ইফালে নিজ্জাৰে স্বতন্ত্ৰ শিখ ৰাষ্ট্ৰৰ দাবীত ভাৰতত এক অনানুষ্ঠানিক গণভোটৰ আয়োজন কৰিছিল । ভাৰতে যোৱা বছৰ নিজ্জাৰক গ্ৰেপ্তাৰৰ বাবে পুৰস্কাৰো ঘোষণা কৰিছিল । ভাৰতত এজন হিন্দু পুৰোহিতৰ ওপৰত আক্ৰমণৰো অভিযোগ আছিল নিজ্জাৰৰ বিৰুদ্ধে ।

লগতে পঢ়ক :Canada expels Indian diplomat: শিখ নেতাৰ হত্যাত জড়িতৰ অভিযোগত ভাৰতীয় শীৰ্ষ কূটনীতিবিদক বহিষ্কাৰ কানাডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.