নেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী : শেহতীয়াকৈ ভাৰতত বহু ষ্টাৰ্টআপৰ অন্বেষণ ঘটিছে । যাৰ বাবে দেশৰ অৰ্থনৈতিক বিকাশৰো সপোন দেখিছে চৰকাৰে । ইয়াৰ মাজতে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে ষ্টাৰ্টআপৰ ক্ষেত্ৰত বৰ্তমান বিশ্ববাসীৰ চকুত ভাৰতবৰ্ষ । দেশৰ সম্ভাৱনীয়তাৰ বাবে ষ্টাৰ্টআপৰ ক্ষেত্ৰত বিশ্ববাসীৰ পছন্দৰ ঠাই হৈছে ভাৰত ।
এই ক্ষেত্ৰত তেওঁ চৰকাৰৰ অনুকূল নিয়ামক আৰু ব্যৱসায়ৰ বাবে অতি সহজ পদ্ধতিসমূহৰ প্ৰশংসা কৰে । ইণ্ডিয়া ফাৰ্ষ্ট টেক ষ্টাৰ্টআপ কনক্লেভ-২০২২ (India First Tech Startup Conclave 2022) আৰু এৱাৰ্ডছ ছামিটত ভাষণত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে ২০২৫ চনৰ ভিতৰত ভাৰতে ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ অৰ্থনীতিৰ লক্ষ্যত উপনিত হোৱাৰ যি লক্ষ্য আগত ৰাখিছে তাত ষ্টাৰ্টআপৰ শক্তিশালী পৰিস্থিতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
তেওঁ কয় যে বিভিন্ন আঁচনিৰ ফলত কেৱল ২০২১ চনতে ভাৰতত ১০,০০০ ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছে । লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতত এতিয়া ৫০,০০০ তকৈও অধিক ষ্টাৰ্টআপ আছে (India now has 50000 plus startups)যিয়ে সমগ্ৰ দেশত ২ লাখতকৈও অধিক চাকৰিৰ সুবিধা দিছে ।
মন্ত্ৰীগৰাকীয়ে কয় যে ডিজিটেল টকা, ৭৫ খন জিলাৰ ডিজিটেল বেংকিং গোট, ডিজিটেল বিশ্ববিদ্যালয় আৰু কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ প্ৰযুক্তি আৰু ড্ৰোন শক্তিৰ সৈতে জড়িত ষ্টাৰ্টআপৰ দৰে নতুন পদক্ষেপৰ ঘোষণাই হৈছে ডিজিটেল আৰু উদ্ভাৱনী পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ যাক চৰকাৰে প্ৰচাৰ কৰিব বিচাৰে । তেওঁ লগতে কয় যে ২০২৪ চনলৈকে ষ্টাৰ্টআপৰ বাবে কৰ ৰেহাই আৰু ঘৰুৱা আৰু বৈদেশিক ৰপ্তানিৰ ক্ষেত্ৰত অন্যান্য ইনচেণ্টিভৰ ফলত ভাৰতে বিশ্বৰ ষ্টাৰ্টআপত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ'ব ।
মন্ত্ৰী সিঙৰ মতে ৰাজ্যিক সেৱা, স্বাস্থ্যসেৱা, কৃষি, বিত্তীয় সেৱা, শিক্ষা, খুচুৰা আৰু লজিষ্টিকৰ দৰে খণ্ডত প্ৰযুক্তি ষ্টাৰ্টআপৰ বিনিয়োগ বৃদ্ধিয়ে বৃহৎ সংখ্যক নিযুক্তিৰ সৃষ্টি কৰিব আৰু ভাৰতৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাব ।
লগতে পঢ়ক :মটৰ মেকানিকে চন্দ্ৰত ক্ৰয় কৰিলে ৩ একৰ মাটি