ETV Bharat / bharat

এতিয়া ইউক্ৰেইনৰ পৰা প্ৰভু-ভক্তক লগতে লৈ আহিব পাৰিব ভাৰতীয়ই

author img

By

Published : Mar 4, 2022, 9:58 PM IST

যুদ্ধভূমি ইউক্ৰেইনত পোহনীয়া জন্তু এৰি থৈ আহিব লগীয়া হোৱাৰ শংকাত থকা ভাৰতীয় সকলক সকাহ দিছে ভাৰত চৰকাৰে ৷ এতিয়াৰে পৰা প্ৰভু-ভক্তক যুদ্ধভূমিত এৰি থৈ আহিব নালাগে ইউক্ৰেইনৰ পৰা ভাৰতলৈ আহিব লগীয়া ভাৰতীয় সকলে (India eases norms for bringing back pets from Ukraine ) ৷

india-eases-norms-for-bringing-back-pets-from-ukraine-maneka-gandhi-pats-govt
এতিয়া ইউক্ৰেইনৰ পৰা প্ৰভু-ভক্তক লগতে লৈ আহিব পাৰিব ভাৰতীয়ই

নতুন দিল্লী, 4 মাৰ্চ : সংঘৰ্ষগ্ৰস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় সকলে তেওঁলোকৰ পোহনীয়া জন্তুবোৰ যুদ্ধভূমিতে এৰি অহাৰ সময়ত লাভ কৰিছিল বুজাব নোৱাৰা মনোকষ্ট ৷ এই সন্দৰ্ভত তেওঁলোকক সকাহ দিবৰ বাবে ভাৰত চৰকাৰে লৈছে বিশেষ ব্যৱস্থা (India eases norms for bringing back pets from Ukraine ) ৷ কেন্দ্ৰীয় চৰকাৰে জানিব দিছে যে পোহনীয়া কুকুৰ আৰু পোহনীয়া মেকুৰী সমূহ লগত লৈ অনাৰ ক্ষেত্ৰত নিয়ম শিথিলকৰণৰ ব্যৱস্থা কৰা হৈছে ৷

পশু-পালন, দুগ্ধ আৰু মীন বিভাগে জাৰী কৰা এক স্মাৰকপত্ৰত কোৱা হৈছে যে, " যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিৰ কথা বিবেচনা কৰি ভাৰতলৈ পোহনীয়া জন্তুৰ ৰপ্তানিৰ বাবে পূৰ্বে প্ৰযোজ্য ৰপ্তানিৰ প্ৰয়োজনীয় আনুষ্ঠানিকতা পূৰণ নহ'বও পাৰে, ভাৰত চৰকাৰে উদ্ধাৰ কৰিব লগীয়া ভাৰতীয়সকলৰ সৈতে পোহনীয়া কুকুৰ আৰু পোহনীয়া মেকুৰীৰ আদিৰ আমদানিৰ নিয়ম এককালীন ভাৱে শিথিলকৰণৰ ব্যৱস্থা কৰিছে ।"

এই নিয়ম সমূহৰ মতে কোৱা হৈছে, পোহনীয়া জন্তুটোৱে কমেও এমাহ ধৰি গৰাকীৰ সৈতে বাস কৰা হ’ব লাগিব ।

ইয়াত আৰু কোৱা হৈছে যে পোহনীয়া কুকুৰ বা পোহনীয়া মেকুৰী যিবোৰ টিকাকৰণ সম্পূৰ্ণ হোৱা নাই সিহঁতক 15 দিন সংশ্লিষ্ট ৰাজ্যিক পশু চিকিৎসা কৰ্তৃপক্ষৰ তত্বাৱধানত ৰখা হ’ব ৷ স্মাৰকপত্ৰখনত লগতে কোৱা হৈছিল যে, মালিকে টিকাকৰণৰ প্ৰমাণপত্ৰ/ পেট বুক/পেট পাছপোৰ্ট প্ৰস্তুত কৰিব লাগে । সম্প্ৰতি, চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিজেপি সাংসদ তথা পশু-অধিকাৰ কৰ্মী মেনকা গান্ধীয়ে (Maneka Gandhi lauds Central govt for easing norms ) ৷

লগতে পঢ়ক : 2026 চনৰ ভিতৰত মাজুলী সংযোগী দুখন দলং সম্পূৰ্ণ হ’ব : মুখ্যমন্ত্ৰী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.