ETV Bharat / bharat

Aero India Conclave : ভাৰতে বিশ্বৰ পদানুক্ৰমিক ধাৰণাত বিশ্বাস নকৰে; ৰাজনাথ সিং - Defence Minister Rajnath Singh

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে কয় যে, মে'ক ইন ইণ্ডিয়া কেৱল ভাৰতৰ ওপৰতেই নহয়, সমগ্ৰ বিশ্বৰ ওপৰত কেন্দ্ৰীভূত । "মে'ক ইন ইণ্ডিয়াৰ দিশত আমাৰ প্ৰচেষ্টা কেৱল ভাৰতৰ বাবেই নহয় । মই উল্লেখ কৰিব বিচাৰোঁ যে মে'ক ইন ইণ্ডিয়াত মে'ক ফৰ দ্য ৱৰ্ল্ড অন্তৰ্ভুক্ত আছে ।" ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক সন্মিলনত ভাষণ দি তেওঁ কয় (Defence Minister Rajnath Singh at Aero India Conclave) ।

Rajnath Singh
Rajnath Singh
author img

By

Published : Jan 9, 2023, 6:30 PM IST

নিউজ ডেস্ক, ৯ জানুৱাৰী : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) সোমবাৰে কয়, ‘‘ভাৰতে এক বিশ্ব ব্যৱস্থাৰ পদানুক্ৰমিক ধাৰণাত বিশ্বাস নকৰে, য'ত কেইখনমান দেশক আনতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় । "মে'ক ইন ইণ্ডিয়াৰ (Make in India) দিশত আমাৰ প্ৰচেষ্টা আনক বাদ দি কেৱল ভাৰতৰ বাবেই নহয় । মই উল্লেখ কৰিব বিচাৰোঁ যে মে'ক ইন ইণ্ডিয়াত মে'ক ফৰ দ্য ৱৰ্ল্ড অন্তৰ্ভুক্ত হৈ আছে ।" ৰাজনাথ সিঙে এৰো ইণ্ডিয়া, ২০২৩ৰ (Aero India 2023) পূৰ্বে ৰাষ্ট্ৰদূতসকলৰ সন্মিলনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰদান কৰা ভাষণত এইদৰে কয় ।

তেওঁ লগতে কয় যে, ভাৰতে গ্ৰাহক বা উপগ্ৰহ ৰাজ্য বনোৱা বা হোৱাত বিশ্বাস নকৰে । ৰাজনাথ সিঙে কয়, "ভাৰতৰ আত্মনিৰ্ভৰশীলতা প্ৰচেষ্টা হৈছে ইয়াৰ অংশীদাৰ দেশসমূহৰ সৈতে অংশীদাৰিত্বৰ এক নতুন দৃষ্টান্তৰ আৰম্ভণি । যেতিয়া আমি যিকোনো ৰাষ্ট্ৰৰ সৈতে অংশীদাৰিত্ব ত্বৰান্বিত কৰোঁ, ই সাৰ্বভৌম সমতা আৰু পাৰস্পৰিক সন্মানৰ আধাৰত হয়’’ ৷

ভাৰতত হোৱা শক্তিশালী প্ৰতিৰক্ষা উন্নীতকৰণ আৰু দেশখন এক মুখ্য প্ৰতিৰক্ষা ৰপ্তানিকৰ্তা হোৱাৰ (India becoming major defense exporter) বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰে যে, বিগত পাঁচ বছৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি "আঠগুণ" বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত আমি ৭৫ খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰি আছোঁ ।"

উল্লেখ্য, এৰো ইণ্ডিয়া হৈছে এক মুখ্য বিশ্বজনীন বিমান বাণিজ্য মেলা (Aero India global aviation trade fare), যিয়ে আমাৰ বিমান প্ৰতিৰক্ষা উদ্যোগ যেনে এৰোস্পেচ উদ্যোগ, ইয়াৰ সামগ্ৰী, প্ৰযুক্তি আৰু সমাধানৰ ৰাষ্ট্ৰীয় সিদ্ধান্ত লওঁতাসকলৰ ওচৰত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে । প্ৰতিৰক্ষা মন্ত্ৰীয়ে এনেদৰে উল্লেখ কৰে । "আমি এতিয়া বেংগালুৰুত ১৩ তাৰিখৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ এৰো ইণ্ডিয়া-২০২৩ৰ চতুৰ্দশ সংস্কৰণৰ আয়োজন কৰিছোঁ (14th edition of Aero India in Bengaluru) । এৰো ইণ্ডিয়া, ২০২৩-এ আশাকৰা মতে আমাৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ প্ৰদৰ্শক আৰু প্ৰতিনিধিসকলৰ বৃহত্তৰ উপস্থিতিৰ সৈতে পূৰ্বৱৰ্তী সংস্কৰণত নিৰ্ধাৰিত মানদণ্ডক অতিক্ৰম কৰিব ।" প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় ।

আনহাতে, জি-২০ সন্মিলনৰ সন্দৰ্ভত ৰাজনাথ সিঙে কয় যে, এক বৃহৎ ভূ-ৰাজনৈতিক সংকট, খাদ্য আৰু শক্তি সুৰক্ষাৰ উদ্বেগ, বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত তুলনামূলকভাৱে ধীৰ প্ৰগতি, ৰাজহুৱা ঋণৰ বোজা বৃদ্ধি আৰু জৰুৰী জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় বিষয়ৰ বৃহত্তৰ পৰিপ্ৰেক্ষিতত ভাৰতত জি-২০ অনুষ্ঠিত হৈছে । তেওঁ কয়, "আমি জি-২০ প্ৰেছিডেন্সীক (India presidency in G20 summit) ভাৰতক বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ এক উপলক্ষ্য হিচাপে পৰিকল্পনা কৰিছোঁ । সেয়া হৈছে ভাৰতৰ ৩ ডি- উন্নয়ন, গণতন্ত্ৰ আৰু বৈচিত্ৰ্য ।"

ভাৰতৰ প্ৰতিৰক্ষা অংশীদাৰিত্বৰ সন্দৰ্ভত তেওঁ কয় যে 'অংশীদাৰিত্ব' আৰু 'যৌথ প্ৰচেষ্টা' হৈছে দুটা মূল শব্দ, যিয়ে আন ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগৰ অংশীদাৰিত্বক পৃথক কৰে । তেওঁ কয়, "যেতিয়া আমি আমাৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহলৈ আমাৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰি আছোঁ, আমি প্ৰযুক্তি, প্ৰশিক্ষণ, সহ-উৎপাদনৰ ভাগ-বতৰাৰ জৰিয়তে ক্ৰেতাৰ সামৰ্থ্য বিকাশৰ দিশত আমাৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ ।"

তেওঁ লগতে কয়, "যেতিয়া আমি আমাৰ মূল্যৱান অংশীদাৰ ৰাষ্ট্ৰসমূহৰ পৰা প্ৰতিৰক্ষা সঁজুলি সংগ্ৰহ কৰি আছোঁ, তেনে ক্ষেত্ৰত প্ৰায়ে তেওঁলোকে কাৰিকৰী জ্ঞান ভাগ-বতৰা কৰি আছে । ভাৰতত উৎপাদন কাৰখানা স্থাপন কৰি আছে আৰু বিভিন্ন উপ-প্ৰণালীৰ বাবে আমাৰ স্থানীয় প্ৰতিষ্ঠানসমূহৰ সৈতে কাম কৰি আছে ।"

লগতে পঢ়ক :NIA files charge sheet: পশ্চিমবংগৰ সাম্প্ৰদায়িক হিংসাৰ গোচৰত ১৪ জনৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.