ETV Bharat / bharat

MiG 29 fighter jets squadron at Srinagar : ভাৰতীয় বায়ুসেনাত সংযোজন মিগ-২৯ যুঁজাৰু বিমান

author img

By

Published : Aug 12, 2023, 12:43 PM IST

ভাৰতীয় বায়ুসেনাত সংযোজন উন্নত মিগ-২৯ যুঁজাৰু বিমান ৷ পাকিস্তান আৰু চীনৰ কুটাঘাতমূলক কাৰ্যকলাপ ৰোধ কৰিবলৈ বিমানৰ এই স্ক্ৱাড্ৰনক ব্যৱহাৰ কৰা হয় ৷

MiG 29 fighter jets squadron at Srinagar
মিগ-২৯ যুঁজাৰু বিমানৰ এটা স্ক্ৱাড্ৰন মোতায়েন

নেশ্যনেল ডেস্ক, ১২ আগষ্ট : পাকিস্তান আৰু চীন উভয় পক্ষৰ পৰা যিকোনো আগতীয়া ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে শ্ৰীনগৰ বিমান ঘাটিত উন্নত মিগ-২৯ যুঁজাৰু বিমানৰ এটা স্ক্ৱাড্ৰন মোতায়েন কৰিছে । ‘‘গাৰ্ডিয়ানছ অৱ দ্য নৰ্থ’’ নামেৰেও পৰিচিত ট্ৰাইডেণ্টছ স্ক্ৱাড্ৰনে মিগ-২১ স্ক্ৱাড্ৰনৰ ঠাই লৈছে । ইয়াৰ পূৰ্বে মিগ-২১ স্ক্ৱাড্ৰনক পাকিস্তানৰ পৰা অহা যিকোনো আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ সাজু কৰি ৰখা হৈছিল ।

ভাৰতীয় বায়ুসেনাৰ পাইলট স্কোয়াড্ৰন নেতা বিপুল শৰ্মাই কয় যে শ্ৰীনগৰ কাশ্মীৰ উপত্যকাৰ মাজমজিয়াত অৱস্থিত ৷ ইয়াৰ উচ্চতা ভৈয়ামৰ তুলনাত অধিক । পাকিস্তানৰ সীমান্তৰ ওচৰত থকাৰ বাবে ইয়াত এনে বিমান উপস্থিত থকাটো প্ৰয়োজনীয় ৷ যিবোৰ অধিক শক্তিশালী হোলা লগতে কম সময়ৰ ভিতৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সাজু হয় ।

মিগ-২৯ ত উন্নত এভিয়নিকছ আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰে সজ্জিত । তেওঁ আৰু কয় যে বৰ্তমান সীমান্তৰ নিৰাপত্তাৰ কথা মনত ৰাখি মিগ-২৯ বিমানে সকলো মাপকাঠী পূৰণ কৰিছে । তেওঁ কয় যে মিগ-২১ তকৈ মিগ-২৯ ৰ বহু সুবিধা আছে ।

বালাকোট বিমান আক্ৰমণৰ পিচত পাকিস্তানে প্ৰেৰণ কৰা এফ-১৬ উন্নত যুদ্ধ বিমানখন মিগ-২১ আক্ৰমণত গুলীয়াই ধবংস কৰি পেলোৱা হৈছিল । ভাৰতীয় বায়ুসেনাৰ পাইলট স্কোয়াড্ৰন নেতা বিপুল শৰ্মাই কয় যে উন্নীতকৰণৰ পিচত এম আই জি-২৯ ত অতি দীৰ্ঘ দূৰত্বৰ এয়াৰ টু এয়াৰ মিছাইল আৰু এয়াৰ টু গ্ৰাউণ্ড অস্ত্ৰও সজ্জিত কৰা হৈছে ।

লগতে ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলে কয় যে এই যুদ্ধ বিমানখন শত্ৰুৰ বিমানক বাধা দিয়াৰ ক্ষমতাও আছে । পাইলট স্কোয়াড্ৰন নেতা শিৱম ৰাণাই কয় যে উন্নীতকৃত বিমানখনে নাইট ভিজন গ্লাছৰ সহায়ত নিশাৰ ভাগত চলাচল কৰিব পাৰিব । ইয়াৰ উপৰিও এই বিমানত আকাশ মাৰ্গতে ইন্ধন ভৰোৱাৰ ক্ষমতাও আছে ।

তেওঁ আৰু কয় যে এতিয়া বায়ুৰ পৰা মাটিলৈ ক্ষেপণাস্ত্ৰ মিগ-২৯ তো ব্যৱহাৰ কৰিব পৰা যাব ৷ যিটো আগতে সম্ভৱ নাছিল । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জানুৱাৰী মাহত শ্ৰীনগৰ বায়ু ঘাটিৰ পৰা মিগ-২৯ বিমানে লাডাখ অঞ্চলৰ লগতে কাশ্মীৰ উপত্যকাতো বৃহৎ পৰিসৰৰ টহল চলাইছিল । ২০২০ চনত গালভান উপত্যকাত হোৱা সংঘৰ্ষৰ পিচতো লাডাখ অঞ্চলত মোতায়েন কৰা হৈছিল এম আই জি-২৯ বিমান ।

লগতে পঢ়ক : Hawaii wildfires : হাৱাই দ্বীপৰ বনজুইত ৬৭ জনৰ মৃত্যু; এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.