ETV Bharat / bharat

COVID-19 : ২৪ ঘন্টাৰ ভিতৰত ভাৰতত নতুনকৈ ১৮,৭৩২ জন আক্ৰান্ত

author img

By

Published : Dec 27, 2020, 2:24 PM IST

দেওবাৰলৈকে ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ মুঠ সংখ্যা ১,০১,৮৭,৮৫০ গৰাকী । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি, ২৬ ডিচেম্বৰত মুঠ ১৬,৮১,০২,৬৫৭ টা নমুনা পৰীক্ষা কৰা হৈছে ।

২৪ ঘন্টাৰ ভিতৰত ভাৰতত নতুনকৈ ১৮,৭৩২ জন আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : অতিমাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে দেশৰ ভিন্ন প্ৰান্তত । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত মাত্ৰ এটা দিনত ১৮,৭৩২ জন লোক মহামাৰীৰ কবলত পৰিছে । নতুনকৈ আক্ৰান্ত হোৱা এইসকল ৰোগীসহ এতিয়ালৈকে ভাৰতত ১,০১,৮৭,৮৫০ গৰাকী লোক COVID-১৯ত আক্ৰান্ত হৈছে । আনহাতে ৯৭,৬১,৫৩৮ গৰাকী লোক সুস্থ হয় । ভাৰতত বৰ্তমানলৈ ৯৫.৮২ শতাংশ লোকে সুস্থ হৈ উঠিছে । ইফালে মৃত্যু হোৱা লোকৰ শতাংশ ১.৪৪ হৈছে ।

বৰ্তমান দেশত COVID-১৯ৰ ২,৭৮,৬৯০ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । ফলত ২.৭৩ শতাংশ সক্ৰিয় ঘটনা বৃদ্ধি পাইছে ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, শনিবাৰে পৰীক্ষা কৰা ৯,৪৩,৩৬৮ টা নমুনাসহ যোৱা ২৬ ডিচেম্বৰলৈকে মুঠ ১৬,৮১,০২,৬৫৭ টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।

লগতে পঢ়ক: তামিলনাডুত 2000 বছৰ পুৰণি শিলালিপি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.