ETV Bharat / bharat

COVID-১৯ঃ ভাৰতত আক্ৰান্তৰ সংখ্যা ১,০২,৪৪,৮৫২ জনলৈ বৃদ্ধি - মঙলবাৰে ১১,২০,২৮১টা নমুনা পৰীক্ষণ

নতুনকৈ আক্ৰান্ত হোৱা ২০,৫৪৯ জন লোকসহ ভাৰতত মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০২,৪৪,৮৫২ জনলৈ বৃদ্ধি । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য মতে, যোৱা ২৯ ডিচেম্বৰলৈকে ১৭,০৯,২২,০৩০টা নমুনা পৰীক্ষা কৰা হৈছে ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০২,৪৪,৮৫২ জনলৈ বৃদ্ধি

author img

By

Published : Dec 30, 2020, 1:43 PM IST

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: দেশত অব্যাহত আছে প্ৰাণঘাতী কৰ'ণাৰ সংহাৰ । মাত্ৰ এটা দিনত ভাৰতত ২০,৫৪৯ জন লোক COVID-১৯ত আক্ৰান্ত হৈছে । নতুনকৈ আক্ৰান্ত হোৱা এইসকল ৰোগীসহ এতিয়ালৈকে ভাৰতত ১,০২,৪৪,৮৫২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে দেশত ৯৮.৩৪ লাখ লোক সুস্থ হৈ উঠিছে । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৫.৯৯ শতাংশ ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০২,৪৪,৮৫২ জনলৈ বৃদ্ধি
ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০২,৪৪,৮৫২ জনলৈ বৃদ্ধি

বুধবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, মহামাৰীৰ কবলত পৰি নতুনকৈ প্ৰাণ হেৰুওৱা ২৮৬ জন ৰোগীৰে সৈতে বৰ্তমানলৈকে মুঠ ১,৪৮,৪৩৯ জনৰ মৃত্যু হৈছে । উল্লেখ্য যে, কৰ'ণাত আক্ৰান্তৰ সংখ্যাই যোৱা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, মঙলবাৰে ১১,২০,২৮১টা নমুনা পৰীক্ষা কৰা হৈছে । যোৱা ২৯ ডিচেম্বৰলৈকে দেশত ১৭,০৯,২২,০৩০টা নমুনা পৰীক্ষা কৰা হৈছে বুলি জানিবলৈ দিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে ।

লগতে পঢ়ক:মেগাষ্টাৰ ৰজনীকান্তৰ সিদ্ধান্তত অসন্তুষ্ট MNM প্ৰধান কমল হাছান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.