নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : ‘‘কানাডাত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত সম্পূৰ্ণৰূপে জড়িত নাছিল আৰু কানাডাই তদন্ত সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নতুন দিল্লীক দোষী সাব্যস্ত কৰিছে ।' এই মন্তব্য ভাৰতৰ উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মাৰ । কানাডাৰ সৰ্ববৃহৎ ব্যক্তিগত টেলিভিছন চেনেলৰ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে উচ্চায়ুক্ত বাৰ্মাই ।
১৮ জুনত ব্ৰিটিছ কলম্বিয়াত নিজ্জাৰ হত্যাত ভাৰতীয় এজেণ্টৰ সম্ভাৱ্য জড়িত থকাৰ অভিযোগৰ পাছতে কানাডা আৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি হোৱা দেখা গৈছে । ভাৰতে ২০২০ চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল । কিন্তু কানাডাৰ অভিযোগক অস্বীকাৰ কৰি আহিছে ভাৰতে ।
ইয়াৰ মাজতে দেওবাৰে ভাৰতৰ উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মাক ভাৰতে তদন্তত কানাডাক কিয় সহযোগিতা কৰা নাই সোধা হৈছিল । এই সন্দৰ্ভত তেওঁ কয় যে কোনো তদন্ত সম্পূৰ্ণ নোহোৱাকৈয়ে ভাৰতক দোষী সাব্যস্ত কৰা হৈছিল ।
তেওঁ উল্লেখ কৰা মতে ভাৰতে কানাডাৰ পৰা নিৰ্দিষ্ট আৰু প্ৰাসংগিক বস্তু বিচাৰিছিল যাতে ভাৰতে তাৰ অনুসন্ধান কৰিব পাৰে । তেনেস্থলত ভাৰতে সহযোগিতা কৰা নাই বুলি কোৱা কথা অনুচিত । কানাডাৰ দৃষ্টিভংগী অপমানজনক বুলিও তেওঁ উল্লেখ কৰে ।
বাৰ্মাই দাবী কৰে যে ভাৰত সম্পূৰ্ণৰূপে আৰু সিদ্ধান্তগতভাৱে কানাডাত নিজ্জাৰ হত্যাত জড়িত নাছিল । তেওঁ ভাৰত চৰকাৰৰ ফালৰ পৰা দৰ্শকসকলক আশ্বাস দিয়ে যে কানাডাৰ ভূমিত এগৰাকী কানাডিয়ান নাগৰিকৰ গুলীচালনাত কোনো চৰকাৰৰ হাত নাছিল । তেওঁ কয় যে ভাৰত আইনৰ মতে চলে । ভাৰতীয় সংবিধানত স্বাধীনতা আৰু সকলো বিষয় উল্লেখ কৰা আছে । যাক ১৯৫০ চনত গ্ৰহণ কৰা হৈছিল । গতিকে ভাৰত আইনৰ বাহিৰত নাযায় বুলি তেওঁ নিশ্চিত । সেই দৃষ্টিকোণৰ পৰা বিষয়বোৰ চাব লাগে বুলিও তেওঁ আহ্বান জনায় ।
বাৰ্মাই লগতে কয় যে কানাডাৰ সৈতে সম্পৰ্কত ভাৰতৰ মুখ্য চিন্তা হৈছে যে কিছুমান কানাডিয়ান নাগৰিকে শিখ বিচ্ছিন্নতাবাদী আন্দোলনৰ কথা উল্লেখ কৰি ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ ওপৰত আক্ৰমণ চলাবলৈ কানাডাৰ ভূমি ব্যৱহাৰ কৰি আছে । খালিস্তানী মানসিকতাৰে কানাডাৰ পৰা বেছিভাগ জ্ঞাত অপৰাধী আৰু সন্ত্ৰাসবাদীয়ে ভাৰতত তেওঁলোকৰ নিজৰ দল চলাই আছে । তেওঁলোকে ড্ৰাগছ সৰবৰাহ কৰি আছে । তেওঁলোকে মানৱ সৰবৰাহ চলাই আছে বুলিও বাৰ্মাই অভিযোগ কৰে ।
বাৰ্মাই দুয়োখন দেশৰ সম্পৰ্কৰ বিষয়েও উল্লেখ কৰে । দুয়োখন চৰকাৰে দ্বিপাক্ষিক সম্পৰ্কক প্ৰভাৱিত কৰিব পৰা বিষয়বোৰৰ ওপৰত আলোচনা কৰি আছে । তেওঁ আশা কৰিছে যে আলোচনাবোৰৰ বেছিভাগেই অতি গঠনমূলক । সেয়ে দুয়োখন দেশৰ সম্পৰ্কও কিছু উন্নত হৈছে বুলি তেওঁ দাবী কৰে ।
লগতে পঢ়ক :India Canada Row : নতুন দিল্লীৰ সৈতে গঠনমূলকভাৱে কাম কৰিব বিচাৰে কানাডাই : প্ৰধানমন্ত্ৰী ট্ৰুডো