নেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ : দিল্লীত ১৩ ছেপ্টেম্বৰত বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকখন নতুন দিল্লীত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শাৰদ পাৱাৰৰ ৰাষ্ট্ৰীয় বাসভৱনত অনুষ্ঠিত হ'ব ।
ইফালে, বিৰোধী মিত্ৰজোঁট I.N.D.I.A ব্লকৰ প্ৰচাৰ সমিতিয়ে মঙলবাৰে সন্ধিয়া ৫ বজাত মিলাপ বিল্ডিঙত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিব । যোৱা সপ্তাহৰ আৰম্ভণিতে, বিৰোধী মিত্ৰজোঁটে ১৯ জনীয়া প্ৰচাৰ সমিতিত আৰু দুগৰাকী সদস্য যোগ দিয়া হৈছিল । যাৰ ফলত মুঠ সদস্যৰ সংখ্যা ২১ লৈ বৃদ্ধি পায় । নতুন সদস্যসকল হৈছে ডিএমকেৰ তিৰুচি শিৱ আৰু পিডিপিৰ মেহবুব বেগ ।
প্ৰচাৰ সমিতিৰ সদস্যসকল হৈছে ক্ৰমে কংগ্ৰেছৰ গুৰদীপ সিং চাপ্পাল, জেডি(ইউ)ৰ সঞ্জয় ঝা, এছএছৰ অনিল দেশাই, আৰজেডিৰ সঞ্জয় যাদৱ, এনচিপিৰ পিচি চাকো, জেএমএমৰ চম্পাই চোৰেন, এছপিৰ কিৰণময় নন্দা, আপৰ সঞ্জয় সিং, চিপিআই(এম)ৰ অৰুণ কুমাৰ, চিপিআইৰ বিনয় বিস্বম, এনচিৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হাচনাইন মাছুদী, আৰএলডিৰ শ্বাহিদ চিদ্দিকী, আৰএছপিৰ এনকে প্ৰেমচান্দৰণ, এআইএফবিৰ জি দেৱৰঞ্জন, চিপিআই(এমএল)ৰ ৰবি ৰায়, কেচি(এম)ৰ জোচ কে মণি আৰু টিএমচিৰ সদস্যৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।
ইয়াৰ পূৰ্বে, বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰসকলে মহাৰাষ্ট্ৰত তৃতীয়খন বৈঠকত মিলিত হৈছিল আৰু আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সামূহিকভাৱে প্ৰতিদ্বন্দিতা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । মুম্বাইত অনুষ্ঠিত বৈঠকত ঘোষণা কৰা হয় যে আসন ভাগ-বতৰা প্ৰক্ৰিয়া শীঘ্ৰে আলোচনা কৰা হ'ব আৰু যিমান সম্ভৱ সোনকালে চূড়ান্ত কৰা হ'ব ।
আগন্তুক লোকসভা নিৰ্বাচনত একেলগে যুঁজ দিয়াৰো সংকল্প লোৱা হৈছিল । বৈঠকৰ প্ৰস্তাৱটোত কোৱা হৈছে যে দলসমূহে জনসাধাৰণৰ উদ্বেগ আৰু গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ বিভিন্ন প্ৰান্তত অতি সোনকালে ৰাজহুৱা সমদল অনুষ্ঠিত কৰিব । বিৰোধী দলসমূহৰ প্ৰথমখন বৈঠক ২৩ জুনত পাটনাত আৰু দ্বিতীয়খন বৈঠক ১৭-১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হৈছিল ।
লগতে পঢ়ক :4th meeting of INDIA bloc: বিৰোধী ঐক্যৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব ভূপালত