ETV Bharat / bharat

খাৰ্গেক মিত্ৰজোঁট ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 10:27 AM IST

INDIA virtual meeting: আসন ভাগ-বাটোৱাৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধী মিত্ৰজোঁটৰ ভাৰ্ছুৱেল বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ পিচতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক মিত্ৰজোঁটৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় ।

INDIA bloc
খাৰ্গেক মিত্ৰজোঁট ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ব্লকৰ দলসমূহে আসন ভাগ-বাটোৱাৰাক লৈ আলোচনা আৰম্ভ কৰিছে । শনিবাৰে দলসমূহৰ ভাৰ্ছুৱেল বৈঠকো অনুষ্ঠিত হৈছে । তাৰ মাজতে বিৰোধী মিত্ৰজোঁটে শনিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অধ্যক্ষ হিচাপে নিযুক্তি দিছে । যিয়ে বিৰোধী মিত্ৰজোঁটক নেতৃত্ব দিব । বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে শনিবাৰে বিৰোধী মিত্ৰজোঁটৰ ভাৰ্ছুৱেল বৈঠকত 'ইণ্ডিয়া' ব্লকৰ অধ্যক্ষ পদৰ অনুৰোধ নাকচ কৰে ।

সূত্ৰৰ মতে বিৰোধী মিত্ৰজোঁটৰ এগৰাকী অধ্যক্ষ নিযুক্তি দিয়াৰ বাবে আলোচনা কৰা হৈছিল । তেতিয়া জেডিইউৰ মুৰব্বীৰ নাম উত্থাপিত হৈছিল । কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ নাম নীতিশৰ স্থানত প্ৰস্তাৱিত হৈছিল । নীতিশ কুমাৰে মিত্ৰশক্তিক জোৰ দিছিল যে অধ্যক্ষগৰাকী কংগ্ৰেছ দলৰ পৰা হ'ব লাগে ।

লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ শাসকীয় পক্ষক পৰাজিত কৰাৰ লক্ষ্যৰে বিৰোধী দলবোৰে গুৰুত্বপূৰ্ণ ভাৰ্ছুৱেল বৈঠক আৰম্ভ কৰে । য'ত আসন ভাগ-বাটোৱাৰাৰ বিতৰ্কিত বিষয়টোও আলোচনা হয় । আসন ভাগ-বাটোৱাৰাৰ উপৰিও ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ আৰু মিত্ৰজোঁট সম্পৰ্কীয় অন্যান্য বিষয়সমূহো এই আলোচনাত স্থান লাভ কৰে । শীৰ্ষ নেতাসকলে মিত্ৰতা শক্তিশালী কৰাৰ বাবেও চিন্তা-চৰ্চা কৰে । তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী শনিবাৰৰ বৈঠকত অংশ লোৱা নাছিল কিয়নো তেওঁ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত ব্যস্ত আছিল ।

নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী শৰদ পাৱাৰে মুম্বাইৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে আৰু একেদৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ নেতা এম কে ষ্টেলিন আৰু চেন্নাইৰ জ্যেষ্ঠ নেতা কানিমোঝি কৰুণানিধিও বৈঠকত অংশ লয় ।

লগতে পঢ়ক :ইণ্ডিয়া ব্লকৰ আসন ভাগ-বাটোৱাৰাক লৈ আলোচনা, শাৰদ পাৱাৰৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.