ETV Bharat / bharat

ইজৰাইলক পুনৰ সমৰ্থন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ; অসামৰিক লোকৰ সুৰক্ষাৰ বাবে যুটীয়া বিবৃতি - Israel attack on Hamas

ভাৰত আৰু অষ্ট্ৰেলিয়াই অসামৰিক লোকসকলৰ সুৰক্ষাকে ধৰি আন্তৰ্জাতিক মানৱীয় আইন পালনৰ বাবেও আহ্বান জনাইছে । দুয়োখন ৰাষ্ট্ৰই বাকী থকা সকলো বন্দীক তাৎক্ষণিকভাৱে মুক্তি দিবলৈও আহ্বান জনাইছে ।

India support to Israel
ইজৰাইলক পুনৰ সমৰ্থন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 12:05 PM IST

নিউজ ডেস্ক, ২২ নৱেম্বৰ : হামাছৰ বিৰুদ্ধে যুদ্ধত পুনৰবাৰ ইজৰাইলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ভাৰত আৰু অষ্ট্ৰেলিয়াই । লগতে দুয়োখন দেশে অসামৰিক লোকৰ সুৰক্ষাকে ধৰি আন্তৰ্জাতিক মানৱীয় আইন পালনৰ বাবেও আহ্বান জনাইছে । আনহাতে, গাজাত পণবন্দী হৈ থকা বাকী সকলো বন্দীকে তাৎক্ষণিকভাৱে মুক্তি দিবলৈও আহ্বান জনাইছে ভাৰত আৰু অষ্ট্ৰেলিয়াই ।

৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি দুয়ো ৰাষ্ট্ৰই এইকথা পুনৰ দোহাৰে যে তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইজৰাইলৰ সৈতে থিয় দিছে । আনহাতে, সাধাৰণ নাগৰিকৰ সুৰক্ষাকে ধৰি আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন পালনৰো আহ্বান জনাইছে । এক যুটীয়া বিবৃতিত দুয়োখন দেশে বাকী থকা সকলো বন্দীক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈও আহ্বান জনাইছে ।

প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীসকলৰ ২+২ মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পিছত প্ৰকাশ পোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ যুটীয়া বিবৃতিটোত অঞ্চলটোত 'মানৱীয় যুদ্ধবিৰতি'ৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে । "মন্ত্ৰীসকলে গাজাত পেলেষ্টাইনী নাগৰিকসকলৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ বাবে মানৱীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলটোৰ অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁলোকে মানৱীয় যুদ্ধবিৰতিৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে আৰু অঞ্চলটোৰ মুখ্য অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ কূটনৈতিক সমন্বয় অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় । যাতে সংঘৰ্ষ বিয়পি পৰাটো প্ৰতিহত হয়, মধ্যপ্ৰাচ্যত সুস্থিৰতা বৰ্তী থাকে আৰু এক ৰাজনৈতিক সমাধান আৰু দীৰ্ঘম্যাদী শান্তিৰ দিশত কাম কৰা হয় ।" যুটীয়া বিবৃতিটোত কোৱা হৈছে ।

উল্লেখ্য যে ৭ অক্টোবৰত হামাছে কৰা আক্ৰমণৰ পিছতে গাজাত তীব্ৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষত প্ৰায় ২,৫০০ সন্ত্ৰাসবাদীয়ে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইল সীমান্ত পাৰ হৈ ইজৰাইলত সন্ত্ৰাসৰ সৃষ্টি কৰে । ইয়াৰ ফলত বহু লোক হতাহত হয় আৰু কেইবাজনো লোকক পণবন্দী কৰে । ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে গাজা আক্ৰমণ কৰে আৰু হামাছৰ আন্তঃগাঁথনিক লক্ষ্য কৰি সমগ্ৰ সন্ত্ৰাসবাদী গোটটোক নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লয় ।

২+২ মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ সময়ত দুয়োপক্ষৰ মন্ত্ৰীসকলে ম্যানমাৰৰ অৱনতি ঘটা পৰিস্থিতি আৰু আঞ্চলিক নিৰাপত্তা আৰু স্থিৰতাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়েও গভীৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁলোকে তাৎক্ষণিকভাৱে হিংসা বন্ধ কৰিবলৈ, আটক কৰা সকলো লোকক মুক্তি দিয়া, মানৱীয় সহায়ক সুৰক্ষিতভাৱে প্ৰৱেশৰ অধিকাৰ দিয়া আৰু ফেডাৰেল গণতন্ত্ৰৰ দিশত আলোচনা আৰু পৰিৱৰ্তনৰ জৰিয়তে সংকটৰ সমাধানৰ বাবে আহ্বান জনায় ।

আনহাতে, ম্যানমাৰৰ সংকট সমাধানৰ ক্ষেত্ৰত আছিয়ান নেতৃত্বাধীন প্ৰচেষ্টাৰ প্ৰতি তেওঁলোকৰ সমৰ্থন পুনৰ নিশ্চিত কৰে আৰু আছিয়ানৰ পাঁচদফীয়া সহমত সম্পূৰ্ণৰূপে ৰূপায়ণৰ বাবে আহ্বান জনোৱা বুলি যুটীয়া বিবৃতিটোত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :সাময়িক যুদ্ধবিৰতিত অনুমোদন ইজৰাইলী কেবিনেটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.