ETV Bharat / bharat

ভাৰ্চুৱেল সন্মিলনত অংশ ল'ব নৰেন্দ্ৰ মোডী-বৰিছ জনছনে

author img

By

Published : May 4, 2021, 10:33 AM IST

পৰস্পৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ ১০ বছৰীয়া কৌশলগত পৰিকল্পনা যুগুত কৰিবলৈ সাজু ভাৰত আৰু ইংলেণ্ড । মঙলবাৰে এক ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ।

India and United Kingdom are set to adopt a strategic plan
ভাৰ্চুৱেল সন্মিলনত অংশ ল'ব নৰেন্দ্ৰ মোডী আৰু বৰিছ জনছনে

নেশ্যনেল ডেস্ক, ৪ মে': মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এক ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব । এই সন্মিলনতে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ১০ বছৰীয়া ৰোডমেপ উন্মোচন কৰা হ'ব ।

এই সন্মিলন সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰে যে, বহুমুখী কৌশলগত সম্পৰ্ক উন্নত কৰা আৰু পাৰস্পৰিক স্বাৰ্থৰ খাতিৰত আঞ্চলিক আৰু বিশ্বব্যাপী বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে এই কৌশলগত পৰিকল্পনা এক গুৰুত্বপূৰ্ণ সুযোগ ৰূপে বিবেচিত হ'ব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, এই সন্মিলনত এক ব্যাপক ৰোড মেপ ২০৩০ উন্মোচন কৰা হ'ব, যি পৰৱৰ্তী সময়ত ভাৰত-ইংলেণ্ডৰ মাজত সহযোগিতামূলক সম্পৰ্ক অধিক সম্প্ৰসাৰিত কৰাৰ বাবে পাঁচটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পথ প্ৰশস্ত কৰিব । এই পাঁচটা বিশেষ ক্ষেত্ৰ হৈছে, জনসাধাৰণৰ মাজৰ সম্পৰ্ক, বাণিজ্য আৰু সমৃদ্ধি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু স্বাস্থ্য সেৱা ।

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী জনছনে বিগত মাহৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰাৰ কথা আছিল । কিন্তু কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ বাবে ভ্ৰমণৰ কেইদিনমান আগতে ভ্ৰমণ কাৰ্যসূচী স্থগিত কৰা হৈছিল । ভাৰত আৰু ইংলেণ্ডে ২০০৪ চনৰ পৰাই এক কৌশলগত পৰিকল্পনাৰ অংশীদাৰ হৈ আহিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ প্ৰতিবাদৰ প্ৰচেষ্টা বিফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.