ETV Bharat / bharat

’24ত বিজেপিক ৰুধিবলৈ নতুন দিল্লীৰ অশোকা হোটেলত I.N.D.I.Aৰ বৈঠক, কোন হ’ব প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ! - INDIA meet held in New Delhi

নতুন দিল্লীৰ অশোকা হোটেলত আজি I.N.D.I.Aৰ গুৰুত্বপূৰ্ণ বৈঠক (INDIA Bloc meeting) ৷ আসন ভাগ-বাটোৱাৰা, যুটীয়া ৰাজহুৱা সভাৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে (INDI Alliance) ৷

INDIA Alliance meet held in New Delhi
24ত বিজেপিক ৰোধিবলৈ নতুন দিল্লীৰ অশোকা হোটেলত INDIA মিত্ৰজোঁটৰ বৈঠক
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 12:15 PM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰ : ‘24ৰ নিৰ্বাচনত বিজেপিক নাগপাশত বন্দী কৰিবলৈ সাজু হৈছে I.N.D.I.A ৷ সেয়ে বহু চৰ্চিত I.N.D.I মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মঙলবাৰে অনুষ্ঠিত হ’ব ৷ কংগ্ৰেছ দলৰ আমন্ত্ৰণত নতুন দিল্লীৰ অশোকা হোটেলত আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকখনতে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী, আসন ভাগ-বাটোৱাৰা, যুটীয়া ৰাজহুৱা সভা আৰু ৰাইজৰ মাজলৈ কি কি বিষয় লৈ যোৱা হ’ব সেই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, 6 ডিচেম্বৰতে অনুষ্ঠিত হ’বলগীয়া আছিল বৈঠকখন ৷ কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ব্যস্ততাৰ বাবে 6 ডিচেম্বৰৰ সলনি 19 ডিচেম্বৰলৈ বৈঠকখন পিছুৱাই দিয়া হৈছিল ৷

বৈঠকত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে I.N.D.I.A ৰ প্ৰায়বোৰ দলৰ নেতা উপস্থিত হৈছে গৈ নতুন দিল্লীত ৷ কিন্তু কোন কোন নেতা বৈঠকত উপস্থিত থাকিব সেয়াই স্পষ্ট হোৱা নাই ৷ আনহাতে, আজিৰ বৈঠকৰ পূৰ্বে মমতাই সোমবাৰে উল্লেখ কৰিছিল যে, লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাচতহে কোন প্ৰধানমন্ত্ৰী হ’ব সেয়া নিশ্চত কৰা হ’ব ৷ ইতিমধ্যে সমগ্ৰ দেশতে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ বাবে প্ৰচাৰ চলাবলৈ সাজু বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল মমতাই ৷

ইফালে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা আৰ জে ডি নেতা তেজস্বী যাদৱে সোমবাৰে কৈছিল যে, বিৰোধী গোটৰ সকলোৱে তেওঁলোকৰ ভূমিকা পালন কৰিবলৈ সাজু হৈছে । তেওঁ দৃঢ়তাৰে কৈছিল যে, ৰাজ্যসমূহত আঞ্চলিক দলবোৰ বহুত শক্তিশালী । সেয়ে য’ত আঞ্চলিক দল আছে, তাত বিজেপিক দেখা পোৱা নাযাব ৷ কাৰণ বেছিভাগ আঞ্চলিক দল I.N.D.I.A ৰ সৈতে মিত্ৰতাত আছে ।

আনহাতে, সোমবাৰে নতুন দিল্লীত উপস্থিত হোৱা মমতাই আজিৰ বৈঠকৰ পূৰ্বে সোমবাৰে নিশাৰ ভাগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে এখন বৈঠকত মিলিত হৈছিল ৷ উক্ত বৈঠকতে দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : সংসদৰ দুয়োখন সদনত আজিও হুলস্থুলৰ সম্ভাৱনা, সাংসদ নিলম্বনত ক্ষোভিত বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.