ETV Bharat / bharat

UNGA on Israel Hamas conflict : ৰাষ্ট্ৰসংঘত ইজৰাইল হামাছ যুদ্ধবিৰতিৰ প্ৰস্তাৱ; সাধাৰণ পৰিষদত ভোটদানৰ পৰা বিৰত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:24 PM IST

'অসামৰিক লোকৰ সুৰক্ষা আৰু আইনী আৰু মানৱীয় দায়বদ্ধতা বৰ্তাই ৰখা' শীৰ্ষক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱটোৰ সপক্ষে ১২০ খন ৰাষ্ট্ৰই ভোটদান কৰে । আনহাতে, ১৪ খন ৰাষ্ট্ৰই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদানৰ বিপৰীতে ৪৫ খন ৰাষ্ট্ৰ ইয়াৰ পৰা বিৰত থাকে । ভাৰতৰ উপৰি অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, জাপান, ইউক্ৰেইন আৰু ব্ৰিটেইন দৰে দেশে ভোটদানৰ পৰা বিৰত থাকে ।

ৰাষ্ট্ৰসংঘত ইজৰাইল হামাছ যুদ্ধবিৰতিৰ প্ৰস্তাৱ; সাধাৰণ পৰিষদত ভোটদানৰ পৰা বিৰত ভাৰত
UNGA on Israel Hamas conflict

নিউজ ডেস্ক, ২৮ অক্টোবৰ : ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইজৰাইল-হামাছ সংঘৰ্ষত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনোৱা এক প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে । ভাৰতৰ উপৰি ৪৫ খন দেশে ভোট গ্ৰহণত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় । এই প্ৰস্তাৱটোত গাজা ভূখণ্ডত বাধাহীন মানৱীয় সহায়ৰ বাবে আহ্বান জনোৱা হৈছিল ।

উল্লেখ্য যে ৭ অক্টোবৰত হামাছে চলোৱা অভূতপূৰ্ব আক্ৰমণত ১,৪০০-ৰো অধিক লোক নিহত হোৱাৰ পিছত ইজৰাইলে হামাছৰ বিৰুদ্ধে এক বৃহৎ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে । 'অসামৰিক লোকৰ সুৰক্ষা আৰু আইনী আৰু মানৱীয় দায়বদ্ধতা বজাই ৰখা' শীৰ্ষক প্ৰস্তাৱটোত ১২০ খন ৰাষ্ট্ৰই সপক্ষে ভোটদান কৰে । আনহাতে, ১৪ খন ৰাষ্ট্ৰই ইয়াৰ বিৰুদ্ধে আৰু ৪৫ খনে ভোটদানৰ পৰা বিৰত থাকে । ভাৰতৰ উপৰি ভোটদানৰ পৰা বিৰত থকা দেশবোৰৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, জাপান, ইউক্ৰেইন আৰু ব্ৰিটেইন ।

পুনৰ আৰম্ভ হোৱা দশম জৰুৰীকালীন বিশেষ অধিবেশনত মিলিত হোৱা ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ সাধাৰণ সভাত (ইউএনজিএ) জৰ্ডানে দাখিল কৰা খচৰা প্ৰস্তাৱৰ ওপৰত বাংলাদেশ, মালদ্বীপ, পাকিস্তান, ৰাছিয়া আৰু দক্ষিণ আফ্ৰিকাকে ধৰি ৪০ খনতকৈও অধিক ৰাষ্ট্ৰই ইয়াৰ সমৰ্থন কৰে ।

জৰ্ডানে দাখিল কৰা প্ৰস্তাৱত সন্ত্ৰাসবাদী সংগঠন হামাছৰ বিষয়ে কোনো উল্লেখ কৰা হোৱা নাছিল । যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে । সাধাৰণ সভাই প্ৰস্তাৱটোৰ ওপৰত ভোটদান কৰাৰ পূৰ্বে ১৯৩ জনীয়া সদস্য সংখ্যাৰ সংস্থাটোৱে কানাডাৰ দ্বাৰা প্ৰস্তাৱিত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা সমৰ্থন কৰা প্ৰস্তাৱত সংশোধনীৰ কথা বিবেচনা কৰে ।

কানাডাৰ দ্বাৰা প্ৰস্তাৱিত সংশোধনী প্ৰস্তাৱত এটা অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হয়, য'ত কোৱা হৈছে যে সাধাৰণ সভাই ৭ অক্টোবৰত আৰম্ভ হোৱা ইজৰাইলত সংঘটিত হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণক দ্ব্যর্থহীনভাৱে প্ৰত্যাখ্যান কৰে আৰু গৰিহণা দিয়ে, আন্তৰ্জাতিক আইন অনুসৰণ কৰি বন্দীসকলৰ সুৰক্ষা, কল্যাণ আৰু মানৱীয় আচৰ ণদাবী কৰে আৰু তেওঁলোকৰ তাৎক্ষণিক আৰু চৰ্তহীন মুক্তিৰ বাবে আহ্বান জনাইছে ।

ভাৰতে আন ৮৭ খন ৰাষ্ট্ৰৰ সৈতে সংশোধনীৰ সপক্ষে ভোট দিয়ে । আনহাতে, ৫৫ খন সদস্য ৰাষ্ট্ৰই ইয়াৰ বিৰুদ্ধে ভোট দিয়ে আৰু ২৩ খনে ভোটদানৰ পৰা বিৰত থাকে । কিন্তু খচৰা সংশোধনী গ্ৰহণ কৰিব পৰা নগ'ল । কাৰণ ইয়াৰ ওপৰত ভোটদান কৰা সদস্যসকলৰ দুই-তৃতীয়াংশ লাভ কৰাত ব্যৰ্থ হয় । ইউএনজিএৰ ৭৮ সংখ্যক অধিবেশনৰ সভাপতি ডেনিছ ফ্ৰান্সিছে ঘোষণা কৰে যে খচৰা সংশোধনী গ্ৰহণ কৰিব নোৱাৰি ।

জৰ্ডানৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰস্তাৱত তাৎক্ষণিক, দীৰ্ঘম্যাদী আৰু নিৰন্তৰ মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনোৱা হয়, যাৰ ফলত শত্ৰুতা বন্ধ হ'ব । লগতে সমগ্ৰ গাজা ষ্ট্ৰিপত অসামৰিক লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ তাৎক্ষণিক, নিৰন্তৰ, পৰ্যাপ্ত আৰু বাধাহীন ব্যৱস্থা বৰ্তাই ৰখাৰ দাবী জনাইছে । ইয়াৰ ভিতৰত আছে পানী, খাদ্য, চিকিৎসা সামগ্ৰী, ইন্ধন আৰু বিদ্যুত ।

লগতে পঢ়ক :Shashi Tharoor Hamas Controversy : হামাছ সন্ত্ৰাসবাদী মন্তব্য; মুছলিম সংগঠনৰ অনুষ্ঠানত বয়কট শশী থাৰুৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.