ETV Bharat / bharat

Health Tips: সুস্বাস্থ্যৰ বাবে আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰক এই ১০টা অভ্য়াস - হাত ভৰি ধোৱা

ব্যস্ততাৰে ভৰা এই জীৱন তথা অনিয়মিত খাদ্যাভ্যাসৰ ফলত মানুহে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ যাৰ ফলত বিভিন্ন ৰোগে আমাৰ শৰীৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে সেয়ে তলত উল্লেখিত এই ১০টা অভ্যাসৰ দ্বাৰা আপুনিও এক স্বাস্থ্যকৰ তথা ৰোগমুক্ত জীৱন অতিবাহিত কৰিব পাৰে ৷

Incorporate these 10 habits into your life for good health
সুস্বাস্থ্যৰ বাবে আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰক এই ১০টা অভ্য়াস
author img

By

Published : Jul 18, 2023, 12:09 PM IST

পুষ্টিকৰ খাদ্য: খাদ্যত ফলমূল, শাক-পাচলি, শস্য, দাইল, প্ৰ’টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক । ইয়াৰ ফলত আপুনি যথেষ্ট শক্তিলাভ কৰিব আৰু শৰীৰে সুষম মৌল লাভ কৰিব ।

পানী সেৱন: দৈনিক কমেও ৮-১০ গিলাচ পানী খাব লাগে । পানীয়ে শৰীৰক ক্ষতি কৰা পদাৰ্থবোৰ ফ্লাছ আউট কৰাত সহায় কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে ।

নিয়মিত ব্যায়াম: সপ্তাহত কমেও ১৫০ মিনিট খোজ কঢ়া, যোগাসন বা ব্যায়াম কৰা । ই মেজাজৰ বিকাৰ হ্ৰাস কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি সাধন কৰে ।

পৰ্যাপ্ত টোপনি: ৰাতি কমেও ৭-৮ ঘণ্টা টোপনি যাওক । আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে ভাল টোপনি গুৰুত্বপূৰ্ণ ।

ধঁপাত আৰু সুৰা পৰিহাৰ কৰক: ধঁপাত আৰু মদ্যপান বন্ধ কৰক, কিয়নো ই স্বাস্থ্যৰ ক্ষতি কৰে আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।

মানসিক চাপৰ সৈতে মোকাবিলা কৰক: মানসিক চাপ কমোৱাত সহায় কৰিব পৰা যোগ আৰু ধ্যান আদি কৌশল অধ্যয়ন কৰক ।

নিয়মীয়া স্বাস্থ্য় পৰীক্ষা: বছৰত এবাৰ হ’লেও স্বাস্থ্য পৰীক্ষা কৰাব লাগে । ই সময়ত ৰোগ চিনাক্তকৰণ তথা ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ।

জিৰণিৰ সময়: প্ৰতিদিনে নিয়মীয়া সময়ত খাদ্য গ্ৰহণ কৰক আৰু খোৱাৰ পিচত জিৰণি লওক । খাদ্য খোৱাৰ লগে লগে টোপনি গ্ৰহণৰ পৰা বিৰত থাকিব লাগে ।

হাত-ভৰি ধোৱা: নিয়মিতভাৱে হাত-ভৰি চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰাখক ।

ইতিবাচক চিন্তা: ইতিবাচক চিন্তাধাৰা ৰাখক আৰু মানসিক চাপ আৰু উদ্বেগ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক । সুখী আৰু হাঁহি থকাটোও আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে উপকাৰী ।

মনত ৰাখিব এই স্বাস্থ্যৰ টিপচ্সমূহে কেৱল সুস্থ জীৱনশৈলীহে গঢ়ি তুলিব পাৰে আৰু কোনো গুৰুতৰ ৰোগ নিৰাময় কৰিব নোৱাৰে । কোনো নিৰ্দিষ্ট সমস্যাৰ পৰামৰ্শৰ প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।

লগতে পঢ়ক: Monsoon recipe: বাৰিষাকালত শ্বেফ নয়নজ্যোতি শইকীয়াৰ এই সহজ ৰেচিপিৰ সহায়ত ঘৰতে তৈয়াৰ কৰক সুস্বাদু মোমো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.