ETV Bharat / bharat

Hacks of skin care: আপোনাৰ ছালখন সতেজ তথা কম বয়সীয়া কৰি ৰখাত সহায় কৰিব এইসমূহ সামগ্ৰীয়ে

author img

By

Published : Jun 26, 2023, 8:59 PM IST

মুখত বয়স বৃদ্ধিৰ লক্ষণ দেখা নিদিবলৈ ছালৰ সৰ্বোচ্চ যত্ন ল’ব লোৱাটো খুবেই প্ৰয়োজনীয় । সেয়ে এই প্ৰতিবেদনত আমি আপোনালোকক ছালৰ যত্নৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে জানি লওক ।

Include these things in your skincare routine, you will look young in old age
আপোনাৰ ছালখন সতেজ তথা কম বয়সীয়া কৰি ৰখাত সহায় কৰিব এইসমূহ সামগ্ৰীয়ে

শাৰীৰিক স্বাস্থ্যৰ দৰেই ছালৰ যত্ন লোৱাটোও অতি গুৰুত্বপূৰ্ণ । বয়স বঢ়াৰ লগে লগে আমাৰ ছালৰ পৰা কলাজেনৰ উৎপাদনো কমিবলৈ আৰম্ভ কৰে । ইয়াৰ লগতে ছালৰ পৰা প্ৰাকৃতিক তেল আৰু ইলাষ্টিনও কমিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত আমাৰ ছালখন শুকান হৈ পৰে, যাৰ ফলত মুখত বলিৰেখা আৰু মিহি ৰেখা দেখা দিবলৈ আৰম্ভ কৰে ।

মুখত বয়স বৃদ্ধিৰ লক্ষণ দেখা নিদিবলৈ ছালৰ সৰ্বোচ্চ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় । সেয়ে এই প্ৰতিবেদনত আমি আপোনালোকক ছালৰ যত্নৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে উল্লেখ কৰিম ।

মৃদু ক্লিনজাৰ অন্তৰ্ভুক্ত কৰক

ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আমাৰ ছালখনে ৰ’দৰ UV ৰশ্মি, ধূলি আৰু বৰষুণকে ধৰি বহু বস্তুৰ সন্মুখীন হয় । ছালৰ যত্ন ল’বলৈ ৰুটিনত মৃদু ক্লিনজাৰ অন্তৰ্ভুক্ত কৰিব লাগে । ইয়াৰ দ্বাৰা ছালৰ পৰা মলি আৰু ধূলি সহজে পৰিষ্কাৰ হ’ব । কিন্তু মনত ৰাখিব যে মৃদু ক্লিনজাৰটো আপোনাৰ ছালৰ ধৰণৰ হ’ব লাগে ।

ভিটামিন C ক্ৰীম বা ছিৰাম ব্যৱহাৰ কৰক

যদি ব্ৰণৰ সমস্যা আৰু মুখত ক’লা দাগ থাকে তেন্তে মুখত ভিটামিন চি ক্ৰীম বা ছিৰাম লগাব পাৰে । ছিৰামে ছালৰ বয়স বৃদ্ধি ওলোটা কৰি ক’লা দাগ কমোৱাৰ কাম কৰে । পুৱা মুখ ধোৱাৰ পিছতহে মুখত ভিটামিন C ক্ৰীম বা ছিৰাম লগোৱাটো উচিত ।

ছানস্ক্ৰীণ প্ৰয়োগ কৰক

সূৰ্য্যৰ UV ৰশ্মিয়ে আমাৰ ছালত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । যদি আপুনি ৰ’দত ওলাই যায় তেন্তে ছানস্ক্ৰীণ ব্যৱহাৰ কৰক । ছাল বিশেষজ্ঞৰ মতে কমেও ৩০ এছ পি এফ থকা ছানস্ক্ৰীণ ব্যৱহাৰ কৰক ।

স্ক্ৰাব কৰক

মুখৰ মৃত কোষবোৰ আঁতৰাবলৈ পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয় । ইয়াৰ বাবে মুখত স্ক্রাব কৰাটো প্ৰয়োজনীয় । ইয়াৰ ফলত ছালখন উজ্বল দেখা যায় ।

লগতে পঢ়ক: Strong Bones: ৩০ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে খাবলৈ আৰম্ভ কৰক এই ৩বিধ খাদ্য সামগ্ৰী, শক্তিশালী হ’ব মেৰুদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.