ETV Bharat / bharat

পাচিঘাটত ‘হাম্প দ্বিতীয় বিশ্বযুদ্ধ’ সংগ্ৰহালয় উদ্বোধন - দ্বিতীয় বিশ্বযুদ্ধ

অৰুণাচল প্ৰদেশত উদ্বোধন কৰা হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সাক্ষী ‘হাম্প দ্বিতীয় বিশ্বযুদ্ধ’ সংগ্ৰহালয় ৷ আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে এই সংগ্ৰহালয়টো উদ্বোধন কৰে।

Hump Second World War
হাম্প দ্বিতীয় বিশ্বযুদ্ধ
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:51 AM IST

জোনাই, ৩০ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ পাচিঘাটত বুধবাৰে ‘হাম্প দ্বিতীয় বিশ্বযুদ্ধ’ সংগ্ৰহালয় উদ্বোধন কৰা হয় ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱা এখন বিমানৰ অৱশিষ্ট প্ৰদৰ্শন কৰা হয় এই সংগ্ৰহালয়টোত ৷ আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে বুধবাৰে অৰুণাচল প্ৰদেশৰ পূব-ছিয়াং জিলাত অৱস্থিত ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ হাম্প (Hump) নামৰ এই সংগ্ৰহালয়টো উদ্বোধন কৰে।

Hump Second World War Museum
‘হাম্প দ্বিতীয় বিশ্বযুদ্ধ’ সংগ্ৰহালয় উদ্বোধন

ৰাষ্ট্ৰদূতজনে কয় যে, ইয়াৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ’ব। অৰুণাচলৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ উদ্যোগত স্থাপন কৰা সংগ্ৰহালয়টোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে, বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম উল্লেখযোগ্য কৃতিত্ব ‘হাম্প অপাৰেচন’ক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ নেতৃত্বত মিত্ৰ শক্তিৰ সৈন্যই হিমালয়ৰ ওপৰেৰে বিমান উৰুৱাইছিল । পূব হিমালয়ৰ উচ্চতাৰ বাবে এই পথটো ‘The Hump’ নামেৰে জনাজাত আছিল। অৰুণাচলত প্ৰদেশত তেওঁলোকৰ বহু বিমান নিৰুদ্দেশ হৈছিল আৰু ইয়াৰ অটব্য অৰণ্য আৰু পাহাৰত কেতিয়াও বিমানসমূহৰ চিন চাব বিচাৰি পোৱা নগৈছিল ৷

এই হাম্প পথটোৱে অৰুণাচল, অসম, তিব্বত, ইউনান (চীন) আৰু ম্যানমাৰৰ অঞ্চলসমূহ অতিক্ৰম কৰে ৷ অনুমান কৰা অনুসৰি, প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই অঞ্চলসমূহত প্ৰায় ৬৫০ খন বিমান উৰণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । ১৯৪২ চনত জাপানী সেনাই বৰ্তমানৰ ম্যানমাৰৰ লাছিঅ’ আৰু চীনৰ কুনমিং সংযোগী পাহাৰীয়া ঘাইপথ ১১৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাৰ্মা ৰোড অৱৰোধ কৰোঁতে, তেতিয়া আমেৰিকাৰ নেতৃত্বত মিত্ৰশক্তি বাহিনীয়ে বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম বৃহৎ এয়াৰলিফ্টৰ কাম হাতত ল’বলগীয়া হৈছিল।

পাইলটসকলে এই পথটোক ‘দ্য হাম্প’ বুলি অভিহিত কৰিছিল ৷ পাইলটসকলে ১০ হাজাৰ ফুটৰ ওপৰেৰে পাহাৰৰ ওপৰেৰে দ্ৰুতগতিত উৰিবলগীয়া হৈছিল। ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ সামৰিক বিমানসমূহে অসমৰ বিমান বন্দৰৰ পৰা চীনৰ ইউনানত থকা বিমানবন্দৰলৈ প্ৰায় ৬,৫০,০০০ টন ইন্ধন, খাদ্য আৰু গোলা-বাৰুদ আদি যোগান ধৰিছিল।

২০১৭ চনত আমেৰিকাৰ দূতাবাসৰ হেণ্ড আউট অনুসৰি, দ্বিতীয় বিশ্বযুদ্ধৰ পিচত নিৰুদ্দেশ হোৱা আমেৰিকাৰ জোৱানৰ এখন বিমানৰ অৱশিষ্টৰ সন্ধান বিচাৰি সেই বছৰেই প্ৰতিৰক্ষা পি অ’ ডব্লিউ/ এম আই এ একাউণ্টিং এজেন্সীৰ (ডিপিএএ) তদন্তকাৰী দল ভাৰতলৈ আহিছিল। ২০১৬ চনত ডি পি এ এয়ে ৩০ দিনৰ বাবে উত্তৰ-পূব ভাৰতত এটা দল মোতায়েন কৰিছিল ৷ সেই সময়ত ভাৰতত প্ৰায় ৪০০ আমেৰিকান এয়াৰমেন নিৰুদ্দেশ হৈ আছিল, যাৰ অধিকাংশ অৱশিষ্ট উত্তৰ-পূব ভাৰতৰ হিমালয়ৰ পৰ্বতমালাত নিৰুদ্দিষ্ট হোৱা বুলি ধাৰণা কৰা হৈছিল ।

পাচিঘাটত আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকী উপস্থিত হোৱাৰ পিচতে আৰক্ষী অধীক্ষক সুমিত কুমাৰ ঝাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছিল ৷ নিৰাপত্তা ও আইন-শৃংখলা, যান-বাহন ব্যৱস্থাপনাৰ বাবে জিলা আৰক্ষীৰ উপৰিও কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, ৰাজ্যিক সশস্ত্ৰ সংৰক্ষিত আৰক্ষী আৰু ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ দল নিয়োগ ককৰা হৈছে ।
আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে, অঞ্চলটোত নিয়মীয়া টহল দিয়াৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থাও গ্ৰহণ কৰিছে যাতে অতিথিসকলৰ নিৰাপত্তাত কোনো ভাবুকি নাহে ৷

লগতে পঢ়ক: বিজেপি, কংগ্ৰেছ, বি আৰ এছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত তেলেংগানাত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.