ETV Bharat / bharat

Union Budget 2023: মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো নতুন কৰ আৰোপ কৰা নহয় বাজেটত; সীতাৰমণৰ আশ্বাস

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩ চনৰ সাধাৰণ বাজেট উত্থাপনৰ পূৰ্বেই মধ্যবিত্ত শ্ৰেণী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য় কৰিছে । মোডী চৰকাৰে দৰিদ্ৰ লোকসকলৰ উন্নয়নৰ বাবে চেষ্টা কৰি আছে (Modi Government) আৰু এই প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য় বিত্তমন্ত্ৰীৰ । উল্লেখ্য় যে, আহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণ বাজেট উপস্থাপন কৰিব ।

author img

By

Published : Jan 16, 2023, 12:55 PM IST

Finance miniter on Union Budget 2023
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: অহা ১ ফেব্ৰুৱাৰীত লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণ বাজেট উত্থাপন কৰিব (Union Budget 2023)। এই বাজেটৰ পূৰ্বেই ইতিমধ্য়ে চৰ্চা আৰম্ভ হৈছে । কিয়নো আগন্তুক লোকসভাৰ পূৰ্বে উত্থাপন কৰিবলগীয়া এইখন বাজেটত চৰকাৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ জনমুখী আঁচনি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ মাজতেই এক অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো নতুন কৰ আৰোপ কৰা নাই (Finance miniter Nirmala Sitharaman)।

আৰ এছ এছৰ মুখপত্ৰ 'পাঞ্চজন্য'ই আয়োজন কৰা এক অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, "মই মধ্যবিত্ত শ্ৰেণীৰ আৰু সেইবাবে তেওঁলোকৰ চাপ ভালদৰে বুজি পাওঁ (Panchajanya of RSS) । সেয়েহে মোডী চৰকাৰে তেওঁলোকৰ উন্নয়নৰ বাবে অহৰহ বহুতো কাম কৰি আছে আৰু এই কাৰ্য অব্যাহত থাকিব ।" উক্ত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো নতুন কৰ আৰোপ কৰা নাই । ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰে আয়কৰ সীমাৰ শ্ৰেণী সলনি কৰিব বুলি আশা কৰা হৈছে । এনে পদক্ষেপ গ্ৰহণ কৰি সাধাৰণ লোকসকলক সকাহ প্ৰদান কৰাৰো সম্বাৱনা আছে ।

এই অনুষ্ঠানটোতেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় পুনৰ কয় যে, ৫ লাখ টকালৈকে উপাৰ্জন আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, মোডী চৰকাৰে ২৭ খন চহৰত মেট্ৰ' ৰে'লৰ নেটৱৰ্কৰ বিকাশ কৰিছে । তেওঁ পুনৰ কয় যে জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে সহজভাৱে পৰিচালিত কৰাৰ প্ৰচাৰৰ বাবে ১০০ খন স্মাৰ্ট চিটি নিৰ্মাণৰ দৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে (100 Smart Cities in India)।

চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ বাবে অধিক আঁচনি কৰিব পাৰে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মন্তব্য় কৰি কয় যে মধ্যবিত্ত শ্ৰেণীটোৰ জনসংখ্যা অহৰহ বৃদ্ধি হৈ আছে । এতিয়া এই শ্ৰেণীটোৰ পৰিসৰ যথেষ্ট বৃদ্ধি পোৱা বুলিও তেওঁ একেটা অনুষ্ঠানতেই মন্তব্য় কৰে । উল্লেখ্য় যে মোডী চৰকাৰৰ এই বাজেট লোকসভা নিৰ্বাচন ২০২৪ ৰ পূৰ্বে অন্তিম আৰু সম্পূৰ্ণ বাজেট হ'ব । ইয়াৰ পিছত চৰকাৰে অহা বছৰ ফেব্ৰুৱাৰীত উপস্থাপন কৰিব লগীয়া বাজেটখন অন্তৱৰ্তীকালীন বাজেট হ'ব । এনে পৰিস্থিতিত চৰকাৰে জনসাধাৰণক বহুতো ৰেহাই দিব পাৰে বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:Educational tour bus accident : গোৱালপাৰাত দুৰ্ঘটনাত পতিত হ’ল শিক্ষামূলক ভ্ৰমণৰ বাছ; আহত 100 ৰোধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.