ETV Bharat / bharat

Russia Ukraine crisis : ইউক্ৰেইন সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে নৰেন্দ্ৰ মোডীৰ আলোচনা - ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে । সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হৈ থকাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰে (PM Modi hold talks with French President) । ইউক্ৰেইনৰ পৰিস্থিতিক লৈ দুয়োগৰাকী নেতাই উদ্বেগ প্ৰকাশ কৰে ।

In phone call, PM Modi discusses Ukraine situation with French President
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে নৰেন্দ্ৰ মোডীৰ আলোচনা
author img

By

Published : Mar 2, 2022, 12:10 PM IST

নেশ্যনেল ডেস্ক, ২ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষই (War between Russia and Ukraine) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে বিভিন্ন দেশে নিজৰ স্থিতি স্পষ্ট কৰি ইউক্ৰেইনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে । ইফালে বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ ওপৰত । ভাৰতে কিন্তু এতিয়ালৈ স্পষ্টভাৱে স্থিতিৰ বিষয়ে অৱগত কৰা নাই যদিও ইউক্ৰেইনৰ ক্ষতিগ্ৰস্ত অঞ্চলবোৰলৈ ঔষধকে ধৰি বিভিন্ন সাহায্য প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে ।

বিভিন্ন দেশৰ প্ৰতিনিধিৰ সৈতেও ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালাপ অব্যাহত আছে । মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ফোনত বাৰ্তালাপ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi hold talks with French President)। ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে তেওঁলোকে আলোচনা কৰে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি ইউক্ৰেইনৰ সংকট সম্পৰ্কে দুয়োগৰাকী নেতাই উদ্বেগ প্ৰকাশ কৰে । শত্ৰুতা শেষ কৰি কূটনৈতিক আলোচনালৈ অহাৰ বাবে ভাৰতে বাৰে বাৰে কৰা আহ্বানৰ কথাও ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

দুয়োপক্ষই আলোচনাৰ বাবে আগবাঢ়ি অহা কাৰ্যক আদৰণি জনায় প্ৰধানমন্ত্ৰী মোডীয়ে । আবদ্ধ নাগৰিকসকলক সংঘৰ্ষক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰা আৰু ইউক্ৰেইনলৈ জৰুৰী সাহায্য প্ৰেৰণৰ বাবে ভাৰতে লোৱা পদক্ষেপ সম্পৰ্কে এই বাৰ্তালাপত উল্লেখ কৰে মোডীয়ে ।

ইয়াৰ পূৰ্বে, বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই প্ৰকাশ কৰিছিল যে সকলো ভাৰতীয় নাগৰিকে কিয়েভ ত্যাগ কৰিছে আৰু ইউক্ৰেইনত থকা প্ৰায় ৬০ শতাংশ ভাৰতীয়ই এতিয়ালৈকে দেশ ত্যাগ কৰিছে । ইয়াৰ মাজতে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ১৮২ গৰাকী ভাৰতীয় নাগৰিকক লৈ সপ্তমখন বিমান মঙলবাৰে ৰোমানিয়াৰ বুখাৰেষ্টৰ পৰা মুম্বাইত আহি উপস্থিত হয় ।

লগতে পঢ়ক : Russia Ukraine War: যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ ত্ৰিপুৰাৰ 32 গৰকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.